গুৱাহাটী
কৃষিভূমিত বৈপ্লৱিক পৰিবৰ্তন অনাৰ লক্ষ্যৰে অসমত ক'ক'ৰ উৎপাদন বৃদ্ধিৰ ওপৰত গুৰুত্ব প্রদান কৰা হৈছে। পৰম্পৰাগতভাৱে বৈচিত্র্যপূর্ণ ধানৰ দৰে শস্যৰ বাবে পৰিচিত ব্রহ্মপুত্র আৰু বৰাক উপত্যকাৰ বিভিন্ন অঞ্চলৰ উৰ্বৰ সমভূমিসমূহ এতিয়া ক'ক' খেতিৰ বাবে উপযুক্ত বুলি বিবেচনা কৰা হৈছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষকসকলে এই অঞ্চলসমূহক ক'ক'ৰ প্ৰধান স্থান হিচাপে চিনাক্ত কৰিছে।
অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষণা শাখাৰ ডীন সঞ্জয় কুমাৰ চেতিয়াই ৰাজ্যখনৰ ভিতৰত সংসাধিকৰণ প্রকল্প আৰু উদ্যোগৰ সংযোগ স্থাপনৰ ওপৰত নিৰ্ভৰ কৰি ১০ হেজাৰ হেক্টৰতকৈয়ো অধিক ভূমিত ক'ক' খেতি কৰাৰ সম্ভাৱনাৰ কথা প্রকাশ কৰিছে। ইতিমধ্যে তেতেলিয়া এগ্র' প্রডাক্টছ কোম্পানী লিমিটেড আৰু দিয়া ফাউণ্ডেচনে বিভিন্ন জিলাৰ শতাধিক কৃষকক ক'ক' খেতিৰ কামত নিয়োজিত কৰি উৎপাদন প্রক্রিয়া ত্বৰান্বিত কৰাত আগভাগ লৈছে।
শেহতীয়াকৈ অসম কৃষি বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় ক'ক' সন্মিলনে উত্তৰ-পূবত ক'ক'ৰ অনাবৃত সম্ভাৱনাৰ সন্ধান কৰিবলৈ অংশীদাৰসকলক একত্রিত কৰি এক উল্লেখযোগ্য পদক্ষেপ গ্রহণ কৰা হৈছে। এই সন্মিলনৰ জৰিয়তে প্রথম পর্যায়ত ১০০০ হেক্টৰ ভূমিত ক'ক' খেতি কৰাৰ এক অভিলাষী লক্ষ্য নির্ধাৰণ হয়।
আফ্রিকাৰ পৰা ক'ক' আমদানিৰ ওপৰত ভাৰতৰ নিৰ্ভৰশীলতা হ্রাস কৰাৰ বাবে এই পদক্ষেপ অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হৈছে। কাজু আৰু ক'ক' উন্নয়ন সঞ্চালকালয়ৰ সঞ্চালিকা ড° ফেমিনাই শক্তিশালী সহযোগিতা আৰু মানসম্পন্ন ৰোপণ সামগ্রীৰ প্রয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
ইতিমধ্যে অসম কৃষি বিশ্ববিদ্যালয় আৰু চি এ ইউ ইম্ফলত এনে পদক্ষেপ চলি আছে। মিজোৰামৰ কৃষি মন্ত্রী পিচি ভানলালৰুৱাতাই কৃষকৰ জীৱিকা বৃদ্ধিৰ বাবে উচ্চ উৎপাদনক্ষম ক'ক' জাতৰ গুৰুত্বৰ ওপৰত আলোককপাত কৰি ক'ক' ভিত্তিক অর্থনীতি শক্তিশালী কৰাৰ বাবে সামূহিক পদক্ষেপ গ্ৰহণৰ আহ্বান জনায়।
অসমে এই ক'ক' উৎপাদন যাত্রাত অংশগ্রহণ কৰি এক পৰিবর্তনশীল বিকাশৰ দুৱাৰডলিত থিয় দিয়াৰ সময় আহি পৰিছে। ইয়ে কৃষিখণ্ডৰ ভৱিষ্যতক পুনৰ গঢ় দি ৰাজ্যৰ অর্থনৈতিক বৃদ্ধিত অৰিহণা যোগাব বুলি আশা কৰা হৈছে।