পুলিন ডেকা
সংস্কৃতি হৈছে জীৱন দৃষ্টি। মানুহৰ মানসিক অভিব্যক্তিৰ পূৰ্ণ প্রতিফলন। সংস্কতিকেন্দ্রিক উৎসৱসমূহ এটা জনগোষ্ঠীৰ সংস্কৃতি, পৰম্পৰা আৰু ঐতিহ্যৰে প্ৰকাশ। এই উৎসৱসমূহে পুৰাতন বিশ্বাস, নিজস্ব পৰিচয়, ইতিহাস আৰু পৰম্পৰাক জীৱন্ত কৰি ৰাখে। সাংস্কৃতিক উৎসৱে নতুন প্ৰজন্মক নিজৰ সংস্কৃতিৰ বিষয়ে জানিবলৈ সুযোগ প্রদান কৰে আৰু ইয়ে পৰম্পৰাগত চেতনাৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ দিশত গুৰুত্বপূৰ্ণ অৰিহণা যোগায়। সংস্কৃতিকেন্দ্ৰিক উৎসৱসমূহ কেৱল আনন্দ-উল্লাসৰ উৎস নহয়, ইয়ে সমাজৰ মানসিক, সাংস্কৃতিক আঁৰু অর্থনৈতিক বিকাশৰ গুৰুত্বপূৰ্ণ মাধ্যম।
ভাৰতবৰ্ষ বিভিন্ন জনগোষ্ঠীৰ মিলনভূমি। এই জনগোষ্ঠীসমূহৰ এক সুকীয়া পৰিচয় সংস্কৃতিয়ে বহন কৰি আহিছে। আনহাতে সংস্কৃতিয়ে বিভিন্ন জনগোষ্ঠীৰ মাজত মিলনৰ পৰিৱেশ নিৰ্মাণ কৰি আহিছে। ভাষিক বিভিন্নতা, সংস্কৃতিৰ স্বকীয়তা থাকিলেও ইয়াৰ মাজেৰে মানুহ আজি ৰূপান্তৰৰ খনিকৰ হৈ পৰিছে। সংস্কৃতি হৈছে লোকজীৱনৰ প্ৰকাশ, কলাত্মক চেতনাৰ বাৰ্তাবাহক।
যুৱতীসকলে কৰম গছক সেৱা জনোৱাৰ এক দৃশ্য
হেজাৰ হেজাৰ বছৰ ধৰি মানৱ সমাজৰ যি পৰিবৰ্তনৰ ধাৰা প্ৰৱাহিত হৈ আহিছে, তাত সংস্কৃতিয়ে জীৱন্ত ৰূপত আত্মপ্রকাশ কৰে। ভাৰতীয় জীৱন ধাৰাক শক্তিশালীকৰণৰ দিশত আদিবাসী সমাজৰ ভূমিকা অতিশয় গুৰুত্বপূর্ণ। এই সমাজৰ বৰ্ণাঢ্য জীৱনশৈলী, লোক-সংস্কৃতিয়ে ইয়াৰ বৈভৱক অধিক মহীয়ান কৰি তুলিছে। আদিবাসী জনগোষ্ঠীৰ এক বৈচিত্র্যপূর্ণ আৰু সাংস্কৃতিকভাৱে গুৰুত্বপূৰ্ণ উৎসৱ হৈছে কৰম পৰৱ। অসম, ঝাৰখণ্ড, ওড়িশা, ছটীশগড়, পশ্চিবংগকে ধৰি মধ্য আৰু পূব ভাৰতৰ আদিবাসী জনগোষ্ঠীয়ে পৰম নিষ্ঠা আৰু বর্ণাড়্য অনুষ্ঠানেৰে এই উৎসৱ পালন কৰে।
অসমৰ অন্যতম এক বৃহৎ জনগোষ্ঠী হৈছে চাহ জনগোষ্ঠী। অকল অর্থনৈতিক দিশৰে নহয়, অসমীয়া সংস্কৃতিক অধিক গৰিমাময় কৰাৰ দিশত এই জনগোষ্ঠীয়ে গুৰুত্বপূৰ্ণ অৰিহণা যোগাই আহিছে। চাহ জনগোষ্ঠীয়ে পালন কৰা কৰম পৰৱৰ মাজেৰে অসমৰ আধ্যাত্মিক আৰু সাংস্কৃতিক জীৱনধাৰা অধিক গতিশীল হৈ আহিছে। কৰম পূজাৰ মাজেৰে অসমৰ চাহ জনগোষ্ঠীৰ জীৱন ধাৰা জড়িত হৈ আছে। আনহাতে এই পূজা উৰ্বৰতাৰ এক প্ৰতীক হিচাপে অভিহিত কৰিব পাৰে।
কৰম পূজা কৰিছে এগৰাকী মহিলাই
জিতিয়া কৰম, বুঢ়ী কৰম, ৰাস ঝুমুৰ হিচাপে পালিত এই উৎসৱে ইয়াৰ তাৎপৰ্যক অধিক সুগভীৰ কৰে। কৰম পূজা অসমৰ চাহ জনগোষ্ঠীৰ লোকসকলৰ এক সাৰ্বজনীন, জনপ্রিয় আৰু তাৎপর্যপূর্ণ উৎসৱ। প্ৰকৃতিৰ প্ৰতি গভীৰ আনুগত্যৰ লগতে কৰ্মমুখী চেতনাক জাগৰিত কৰাৰ দিশতো ইতিবাচক প্ৰভাৱ পেলাই আহিছে। কৰম গছক কেন্দ্ৰ কৰি উদযাপিত এই পূজাৰ মাজেৰে পৰম্পৰাগত লোকবিশ্বাস আৰু সামাজিক মূল্যবোধ প্রকাশ হৈ আহিছে। এই উৎসৱ মূলত কৃষি ভিত্তিক উৎসৱ।
এই উৎসৱত কৰম দেৱতাক পূজা কৰা হয়, যি শক্তি আৰু উৎপাদনক্ষমতাৰ গৰাকী হিচাপে গণ্য কৰা হয়। কৰম পূজা সাধাৰণতে ভাদ মাহৰ শুক্ল একাদশীত উদযাপন কৰা হয়। অসমত কৰম পৰৱ বছৰত তিনিটা সময়ত আয়োজন কৰা হয়। ভাদ, আহিন আৰু আঘোণ মাহত পালন কৰা হয়। এই উৎসৱৰ ৰীতি-নীতিসমূহ অতি পবিত্র। মানুহ আৰু প্ৰকৃতিৰ মাজত থকা নিবিড়তাক গুৰুত্ব প্ৰদান কৰা হয়।
কৰম পূজা উপলক্ষে পৰিবেশন কৰা ঝুমুৰ নৃত্য
ভাৰতীয় সমাজ জীৱনত নাৰীয়ে সংস্কৃতিৰ মাধ্যমৰে এক সুকীয়া স্থান লাভ কৰি আহিছে। এই উৎসৱৰ মাজেৰে নাৰীক গুৰুত্ব প্ৰদান কৰাটো আন এক লেখত ল'বলগীয়া দিশ। কৰম পূজাৰ আচাৰ-অনুষ্ঠানত যুৱতীসকলে প্রধান ভূমিকা গ্রহণ কৰে। এই যুৱতীসকলক কৰমতী বুলি কোৱা হয়। কৰম জাৱা, কৰম পূজাৰ অন্যতম অনুষ্ঠান।
কেইদিনমান আগৰে পৰা কুমাৰীয়ে উপবাসে থাকি গান-নৃত্যৰ মাজেৰে পূজাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰে। এজন বয়োজ্যোষ্ঠ বা পুৰোহিতে কৰম গছৰ ডাল এডাল কাটে আৰু গান-বাদ্যৰ মাজেৰে গাৱঁলৈ আনি পবিত্র স্থানত পোতে। ইয়ে উৰ্বৰতা আৰু জীৱনক প্রতিনিধিত্ব কৰে। ইয়াতেই মূল পূজাৰ আয়োজন কৰি দেৱতাৰ আশীৰ্বাদ বিচাৰে।
কৰম পূজা উপলক্ষে আলিপুৰদুৱাৰ জিলাৰ নদীৰ পাৰত কৰম বিসৰ্জনৰ এক দৃশ্য
এই উৎসৱ সৈতে সঙ্গীত আৰু নৃত্যৰ এক গভীৰ সম্পৰ্ক আছে। কৰম আৰু নৃত্যই পূজাৰ মাদকতা অধিক বৃদ্ধি কৰে। ঝুমুৰ আৰু ঝুমুই গীত-নৃত্যৰ বিশেষ ভূমিকা আছে। ঝুমুই গীত আৰু নৃত্যৰ আৰম্ভণিতে শ্রীহৰি, ঢোল, মাদল, ব্ৰজনাৰী আদিৰ উদ্দেশ্যে পৰম্পৰাগতভাৱে গীত-মাত পৰিৱেশন কৰা হয়। এই গীতবোৰত ভাৰতীয় আধ্যাত্মিক জীৱনৰ বিভিন্ন কাহিনী পৰিৱেশন কৰা হয়। প্ৰহৰ অনুসৰি ঝুমুই গীতৰ সুকীয়া বৈশিষ্ট্য থাকে।
কৰম পূজা কেৱল ধর্মীয় উৎসৱে নহয়, ইয়াৰ মাজেৰে জনজীৱনৰ গভীৰ অৰ্থ বহন কৰে। কৰম গছে জীৱন, বৃদ্ধি আৰু মানুহ আৰু ঈশ্বৰৰ মাজত সম্পর্ক নিৰ্ণয় কৰে। উপবাসে নাৰীৰ ভক্তি আৰু আত্মসংযমকে সূচায়। জীৱন, প্রকৃতি কৰ্মৰ মাজেৰে উদ্ভাসিত কৰম পৰৱে আদিবাসী সমাজৰ স্বকীয়তাক প্রকাশ কৰি আহিছে। কৰম পৰৱ অকল ধৰ্মীয় ধাৰণাই নহয়, একেই সময়তে সামাজিক সমতাৰ বাণীও প্ৰচাৰ কৰিছে।
ঝাৰখাণ্ডত কৰম পুজা উপলক্ষে উলিওৱা শোভাযাত্ৰা
এই উৎসৱৰ উৎপত্তিৰ মাজত সমাজ-ধর্ম-অৰ্থনীতিৰ নিবিড় সম্পর্ক গাঢ় হৈ উঠিছে। ইয়াৰ লগত বহুতো লোক কাহিনী, পৰম্পৰা আৰু কিংবদন্তীয়ে বিশেষ ভূমিকা গ্রহণ কৰিছে। প্রকৃতি পূজাৰ লগতে উৎপাদন সংস্কৃতিৰ ওপৰত গুৰুত্ব দি যি ধৰ্মীয় অনুষ্ঠান আয়োজন কৰা হয়, তাৰ ভিতৰত কৰম গীত আৰু নৃত্যই, এই উৎসৱৰ সামাজিক জনপ্ৰিয়তাৰ মূল চালিকা শক্তিলৈ ৰূপান্তৰিত হৈছে। এই গীতসমূহৰ অধিকাংসই ঈশ্বৰ প্ৰাৰ্থনা নহয়, বৰঞ্চ জনসাধাৰণৰ জীৱন অভিজ্ঞতাৰ আধাৰত ৰচিত। কিছু সংখ্যক গীত ধৰ্মীয় সুৰত ঈশ্বৰক প্ৰাৰ্থনা জনোৱা হয় যদিও সাধাৰণ মানুহৰ সুখ-দুখ, বেদনা, প্ৰেমৰ সৈতে জড়িত।
কৰম গীতৰ মাজেৰে মহিলাসকলৰ এক সুন্দৰ প্ৰতিচ্ছবি দেখিবলৈ পোৱা যায়। কৰম জোৱা গীতত মহিলাৰ জীৱনৰ কাহিনী, তেওঁলোকৰ সংগ্রাম, আনন্দ, বিষাদ আৰু অন্তৰ আত্মাৰ সৰল প্ৰকাশৰ অভিব্যক্তি দেখিবলৈ পোৱা যায়। সংস্কৃতিৰ এক বিস্তীর্ণ বিষয় হৈছে প্রকৃতি, শস্য উৎপাদনৰ কামনা আৰু কৰ্মমুখী চেতনাৰ সৈতে সংপৃক্ত এক বিষয়। কৰম পূজাৰ জনপ্ৰিয়তাৰ আধাৰ হৈছে লোক জীৱনৰ প্রকাশ। মহান ভাৰতীয় সংস্কৃতিৰ মাজত কৰম পৰৱ যি সুকীয়া মাদকতা দেখা যায়, ইয়াৰ ফলত সামাজিক ঐক্যৰ বৈশিষ্টতাত এক নতুন আয়নত সংযোজন কৰিছে।