প্ৰধানমন্ত্ৰী মোদীৰ নতুন ইতিহাস: ইন্দিৰা গান্ধীক অতিক্ৰম কৰি দ্বিতীয় দীৰ্ঘম্যাদী প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত

Story by  atv | Posted by  [email protected] • 19 h ago
প্ৰধানমন্ত্ৰী মোদীৰ নতুন ইতিহাস
প্ৰধানমন্ত্ৰী মোদীৰ নতুন ইতিহাস
 
আৱাজ-দ্য ভইচ/ নতুন দিল্লী
 
প্রাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ইন্দিৰা গান্ধীৰ অভিলেখ ভংগ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বৰ্তমান তেওঁ ভাৰতৰ দ্বিতীয় দীৰ্ঘদিনীয়া প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হৈছে।
 
চৰকাৰী বিষয়াসকলৰ মতে, মোদীয়ে ২০২৫ চনৰ ২৫ জুলাইত তেওঁৰ কাৰ্যকালৰ ৪০৭৮ দিন সম্পূৰ্ণ কৰাৰ বিপৰীতে ইন্দিৰা গান্ধীয়ে ১৯৬৬ চনৰ ২৪ জানুৱাৰীৰ পৰা ১৯৭৭ চনৰ ২৪ মাৰ্চলৈকে একেৰাহে ৪০৭৭ দিন প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ আছিল।
 
পণ্ডিত জৱাহৰলাল নেহৰু ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল আৰু তেওঁ এই পদত সৰ্বাধিক সময় কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ কাৰ্যকাল ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা ১৯৬৪ চনৰ ২৭ মে’লৈকে (তেওঁৰ মৃত্যুৰ আগলৈকে) আছিল, এই কাৰ্যকাল আছিল মুঠ ৬,১৩০ দিন।
 
নৰেন্দ্ৰ মোদী আৰু জৱাহৰলাল নেহৰু দুই প্ৰধানমন্ত্ৰী যাৰ নেতৃত্বত তেওঁলোকে প্ৰতিনিধিত্ব কৰা ৰাজনৈতিক দলে একেৰাহে তিনিবাৰকৈ লোকসভা নিৰ্বাচনত জয়লাভ কৰিছিল। প্ৰধানমন্ত্ৰী মোদীয়ে ২০১৪, ২০১৯ আৰু ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্ব দিছিল।
 
যদিও ২০২৪ চনত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা লাভ কৰা নাছিল, তথাপিও মিত্ৰজোতৰ সমৰ্থনত একেৰাহে তৃতীয়বাৰৰ বাবে মোদীয়ে চৰকাৰ গঠন কৰিছিল। মোদী হৈছে প্ৰথমজন অকংগ্ৰেছী প্ৰধানমন্ত্ৰী যিয়ে দুটা সম্পূৰ্ণ কাৰ্যকাল সম্পূৰ্ণ কৰি এতিয়া তৃতীয় কাৰ্যকালত আছে।
 
ইয়াৰ লগে লগে তেওঁ স্বাধীনতাৰ পিছত জন্মগ্ৰহণ কৰা প্ৰথমজন ব্যক্তি যিয়ে ইমান দীঘলীয়া সময় প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ আছে। প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্বে মোদীয়ে ২০০১ চনৰ পৰা ২০১৪ চনলৈ গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
 
এইদৰে ৰাজ্য আৰু কেন্দ্ৰ দুয়োটা পৰ্যায়তে নিৰ্বাচিত মুৰব্বী হিচাপে তেওঁৰ কাৰ্যকাল দেশৰ ভিতৰতে আটাইতকৈ দীঘলীয়া।
 
এজন চৰকাৰী বিষয়াই কয়, "এটা দলৰ নেতৃত্বত একেৰাহে ছটা বৃহৎ নিৰ্বাচনত জয়ী হোৱা ভাৰতৰ একমাত্ৰ নেতা নৰেন্দ্ৰ মোদী। ২০০২, ২০০৭ আৰু ২০১২ চনত গুজৰাট বিধানসভাৰ নিৰ্বাচন আৰু ২০১৪, ২০১৯ আৰু ২০২৪ চনৰ লোকসভা নিৰ্বাচন।" এই সাফল্যৰ বাবেই নৰেন্দ্ৰ মোদী ভাৰতৰ ৰাজনীতিত দীৰ্ঘম্যাদী নেতৃত্ব আৰু নিৰ্বাচনী সফলতাৰ প্ৰতীক হৈ পৰিছে।
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
 
২০২৪ চনৰ ৯ জুনত নৰেন্দ্ৰ মোদীয়ে একেৰাহে তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এন ডি এয়ে নিৰ্ণায়ক জয় লাভ কৰি প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্ব আৰু অধিক শক্তিশালী কৰি তুলিছিল।
 
২০২৪ চনৰ নিৰ্বাচনত অভিলেখ সংখ্যক ভোটাৰে অংশগ্ৰহণ কৰি পুনৰবাৰ দেশবাসীয়ে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্ব আৰু তেওঁৰ দূৰদৰ্শী নীতিৰ ওপৰত আস্থা প্ৰকাশ কৰে। তেওঁৰ নিৰ্বাচনী প্ৰচাৰত অৰ্থনৈতিক উন্নয়ন, ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু সমাজ কল্যাণমূলক কাৰ্যসূচীৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল, যিয়ে তেওঁক জনসাধাৰণৰ সমৰ্থন লাভ কৰাত অধিক সহায় কৰিছিল।
 
তৃতীয় কাৰ্যকাল: এটা নতুন অধ্যায়
 
তৃতীয় কাৰ্যকালত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰযুক্তিগত উদ্ভাৱন, আন্তঃগাঁথনিৰ উন্নয়ন আৰু বিশ্ব কূটনীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। তেওঁৰ এই কাৰ্যকাল ভাৰতক বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা কৰাৰ দিশত এক মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে।
 
স্বাধীন ভাৰতত জন্মগ্ৰহণ কৰা প্ৰথম প্ৰধানমন্ত্ৰী
 
স্বাধীন ভাৰতত জন্মগ্ৰহণ কৰা প্ৰথমজন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ২০১৪ চনৰ পৰা ২০১৯ চনলৈ আৰু ২০১৯ চনৰ পৰা ২০২৪ চনলৈকে দুটা কাৰ্যকাল সম্পূৰ্ণ কৰিছিল। ইয়াৰ পূৰ্বে ২০০১ চনৰ অক্টোবৰৰ পৰা ২০১৪ চনৰ মে’ মাহলৈকে গুজৰাটৰ আটাইতকৈ দীৰ্ঘদিনীয়া মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
 
জনকল্যাণ আৰু সুশাসনৰ প্ৰতীক
 
প্ৰধানমন্ত্ৰী মোদীয়ে ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস’ মন্ত্ৰৰে সৰ্বাংগীন, স্বচ্ছ আৰু দুৰ্নীতিমুক্ত শাসনৰ এক নতুন অধ্যায়ৰ সৃষ্টি হৈছিল।
 
আয়ুষ্মান ভাৰতঃ এই আয়ুষ্মান ভাৰত হৈছে বিশ্বৰ সৰ্ববৃহৎ স্বাস্থ্য আঁচনি, ৫০ কোটিৰো অধিক নাগৰিকক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হয়।
 
জন ধন যোজনাঃ ৫১ কোটিৰো অধিক লোকক বেংক একাউণ্ট খোলা হৈছিল। ইয়াৰ লগে লগে বিত্তীয় অন্তৰ্ভুক্তিক প্ৰসাৰিত হৈছিল। 
 
প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাঃ এই আঁচনিৰ জৰিয়তে ১০ কোটিৰো অধিক মহিলাই লাভ কৰে বিনামূলীয়া এল পি জি সংযোগ।
 
কৃষক আৰু ভাৰতৰ গ্ৰাম্য অঞ্চলৰ প্ৰতি সমৰ্পণ
 
প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিঃ ১৭তম কিস্তিৰ অধীনত ৯.২ কোটি কৃষকলৈ ২০ হাজাৰ কোটি টকাৰ সাহায্য।
 
মাটি স্বাস্থ্য কাৰ্ড, ই-এন এ এম পৰ্টেল, আৰু জল শক্তি মন্ত্ৰালয় স্থাপনে কৃষি খণ্ডক এক নতুন দিশ দিলে।
 
স্বচ্ছ ভাৰত আৰু পৰিৱৰ্তনৰ দিশত পদক্ষেপ
 
স্বচ্ছ ভাৰত অভিযানঃ ২০১৪ চনৰ পৰা ২০১৯ চনলৈ দেশখনক ১০০% মুকলি শৌচমুক্ত (ODF) ঘোষণা কৰা হৈছিল।
 
গংগা চাফাই অভিযান, WHO ৰ প্ৰশংসা আৰু আনুমানিক ৩ লাখ লোকৰ জীৱন ৰক্ষাৰ সম্ভাৱনা।
 
অৰ্থনৈতিক সংস্কাৰ আৰু বিশ্ব স্বীকৃতি
 
‘মেক ইন ইণ্ডিয়া’ আৰু জি এছ টিৰ দৰে সংস্কাৰে ভাৰতক ‘ইজ অৱ ডুইং বিজনেছ’ ১৪২ ৰ ৰেংকিঙৰ পৰা ৬৩ স্থানলৈ লৈ যায়। জি এছ টিয়ে ‘এক জাতি, এক কৰ’ৰ ধাৰণাটো বাস্তৱত পৰিণত কৰিলে।
 
আন্তঃৰাষ্ট্ৰীয় মঞ্চত নেতৃত্ব
 
মোদীয়ে SAARC, BIMSTEC, G-20, BRICS আদি বিশ্বব্যাপী মঞ্চত ভাৰতৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰিছিল। দশক দশক পিছত নেপাল, অষ্ট্ৰেলিয়া, ফিজি, ইউ এ ই আদি বহু দেশ ভ্ৰমণ কৰি বৈদেশিক নীতিক এক নতুন মাত্ৰা প্ৰদান কৰিলে।
 
সন্মান আৰু বিশ্বব্যাপী বঁটা
 
প্ৰধানমন্ত্ৰী মোদীয়ে বহু দেশৰ পৰা শীৰ্ষ অসামৰিক সন্মান লাভ কৰিছে:
 
চৌদি আৰৱঃ ৰজা আব্দুল আজিজৰ চেছ
 
ৰাছিয়া: হলী এপষ্টল এণ্ড্ৰুৰ অৰ্ডাৰ
 
ফ্ৰান্স: লিজিয়ন অৱ অনাৰৰ গ্ৰেণ্ড ক্ৰছ
 
ৰাষ্ট্ৰসংঘ: ‘চেম্পিয়নছ অৱ দ্য আৰ্থ’ বঁটা
 
গেটছ ফাউণ্ডেশ্যন: গ্ল’বেল গ’লকিপাৰ বঁটা

যোগ আৰু পৰিৱেশৰ প্ৰতি সমৰ্পণ
 
২১ জুন তাৰিখক ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ হিচাপে ঘোষণা কৰাৰ পদক্ষেপ।
 
আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতা আৰু জলবায়ু ন্যায়ৰ বাবে পোষকতা কৰে।
 
প্ৰাথমিক জীৱন আৰু ব্যক্তিগত আগ্ৰহ
 
১৯৫০ চনৰ ১৭ ছেপ্টেম্বৰত গুজৰাটৰ এখন সৰু চহৰত জন্মগ্ৰহণ কৰিছিল নৰেন্দ্ৰ মোদীয়ে। অতি পিছপৰা শ্ৰেণীৰ পৰা অহা তেওঁ দুখ-কষ্টৰ মাজেৰে ডাঙৰ-দীঘল হৈছে। শৈশৱৰ কষ্টই তেওঁক সাধাৰণ মানুহৰ দুখ-কষ্ট বুজি তেওঁলোকৰ বাবে কাম কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। গুজৰাট বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত এম.এ. সম্পূৰ্ণ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
 
প্ৰযুক্তি প্ৰেমী আৰু গণনেতা
 
মোদীক ভাৰতৰ অন্যতম টেক-চেভি নেতা হিচাপে গণ্য কৰা হয়, যি সকলো প্ৰধান ছ’চিয়েল মিডিয়া প্লেটফৰ্মতে সক্ৰিয়। তেওঁ মানুহৰ সৈতে পোনপটীয়াকৈ সংযোগ স্থাপন কৰি ভাল পায়, সেয়া ৰাজহুৱা অনুষ্ঠানত হওক বা অনলাইন যোগাযোগত হওক।
 
নৰেন্দ্ৰ মোদী এজন গণনেতা, দূৰদৰ্শী কৌশলবিদ, সংস্কাৰবাদী প্ৰশাসক যিয়ে ভাৰতক নতুন উচ্চতালৈ লৈ যোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তেওঁৰ এই যাত্ৰা এক প্ৰেৰণা, যে সৰল পটভূমিৰ পৰা অহা এজন ব্যক্তিয়েও অসাধাৰণ ইতিহাস সৃষ্টি কৰিব পাৰে।