ঢাকা
বাংলাদেশে দুৰ্গা পূজাৰ পূৰ্বে স্থানীয়ভাৱে ইলিছ নামেৰে জনাজাত ১২০০ টন হিলছা মাছ ভাৰতলৈ ৰপ্তানিৰ অনুমতি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
বাংলাদেশৰ বাণিজ্য মন্ত্ৰালয়ে সোমবাৰে সন্ধিয়া এক অধিসূচনাযোগে প্ৰকাশ কৰা অনুসৰি চলিত বৰ্ষ ২০২৫ত দুৰ্গা পূজা উপলক্ষে ভাৰতলৈ ১২০০ (এহাজাৰ দুশ) মেট্ৰিক টন ইলিছ চৰ্ত সাপেক্ষে ৰপ্তানি কৰাৰ নীতিগত সিদ্ধান্ত গ্ৰহণ কৰিছে।
ইয়াত লগতে কোৱা হৈছে যে, ২০২৫ চনৰ ১১ ছেপ্টেম্বৰৰ সন্ধিয়া ৫ বজালৈকে কাৰ্যালয়ৰ সময়ত হাৰ্ড কপিত আগ্ৰহী ৰপ্তানিকাৰকসকলৰ পৰা আবেদন আহ্বান কৰা হৈছে।
অধিসূচনাত উল্লেখ কৰা হৈছে যে আবেদনৰ লগত ৰপ্তানিকাৰক কোম্পানীটোৰ আপডেট কৰা বাণিজ্য অনুজ্ঞাপত্ৰ, ই আৰ চি, আয়কৰ প্ৰমাণপত্ৰ, ভেট প্ৰমাণপত্ৰ, বিক্ৰী চুক্তি, মীন বিভাগৰ অনুজ্ঞাপত্ৰকে ধৰি প্ৰাসংগিক নথি-পত্ৰ থাকিব লাগিব।
প্ৰতি কিলোগ্ৰাম ইলিছৰ নূন্যতম ৰপ্তানি মূল্য চৰকাৰে নিৰ্ধাৰণ কৰিছে $১২.৫০। মন কৰিবলগীয়া যে, অধিসূচনা প্ৰকাশৰ পূৰ্বে আবেদন কৰাসকলেও নতুনকৈ আবেদন দাখিল কৰিব লাগিব বুলি অধিসূচনাত উল্লেখ কৰা হৈছে।
ইয়াৰ পূৰ্বে ২০২৪ চনৰ ২৭ ছেপ্টেম্বৰত শুকুৰবাৰে পুৱা প্ৰায় ৪৫-৫০ টন ওজনৰ বাংলাদেশৰ ‘পদ্মা ইলিছ’ৰ প্ৰথম চালান পশ্চিম বংগত উপস্থিত হয়। ইয়াৰ আগমনৰ পিছতে বিষয়াসকলে ইয়াক দুৰ্গা পূজাৰ পূৰ্বে বহু প্ৰত্যাশিত আমদানি হিচাপে প্ৰশংসা কৰিছিল।
বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে ভাৰতলৈ মুঠ ২৪২০ টন ইলিছ ৰপ্তানি কৰিছিল। হাওৰা পাইকাৰী মাছৰ বজাৰত ইলিছ মাছৰ পাইকাৰী হাৰ বৰ্তমান প্ৰতি কিলোগ্ৰাম ₹১৪০০ৰ পৰা ₹১৬০০।
উচ্চ ৰুচিৰ বাবে জনাজাত এই মাছটোৱে পেট্ৰাপোল-বেনাপোল সীমান্ত পাৰ হৈ হাওৰা বজাৰত উপস্থিত হৈ কলকাতা আৰু ইয়াৰ আশে-পাশে বিভিন্ন খুচুৰা বজাৰত বিতৰণ কৰা হয়।
২০১২ চনৰ জুলাই মাহৰ পৰা বাংলাদেশে ইলিছৰ ৰপ্তানি নিষিদ্ধ কৰিছিল যদিও ২০১৯ চনৰ পৰা দুৰ্গা পূজাৰ সময়ত ভাৰতলৈ ৰপ্তানিৰ বাবে বিশেষ অনুমতি প্ৰদান কৰিছে।