কাশ্মীৰৰ চকলেট প্ৰস্তুতকৰ্তা ইফছানা ফিৰোজ; বহু যুৱক-যুৱতীৰ অনুপ্ৰেৰণা

Story by  atv | Posted by  Munni Begum • 5 h ago
 চকলেট প্ৰস্তুতকৰ্তা ইফছানা ফিৰোজ
চকলেট প্ৰস্তুতকৰ্তা ইফছানা ফিৰোজ
 
অনিকা মহেশ্বৰী / নতুন দিল্লী
 
চকলেট সকলোৰে প্ৰিয়। প্ৰেম, স্বাস্থ্য আৰু ৰোমাঞ্চৰ সৈতে জড়িত এই সুস্বাদু খাদ্যসমূহৰ দেশজুৰি এক উদ্যোগৰ সৃষ্টি হৈছে আৰু চকলেট প্ৰস্তুতকাৰীসকলে সামাজিক মাধ্যম ব্যৱহাৰ কৰি সমগ্ৰ দেশতে বিভিন্ন ধৰণৰ হস্তনিৰ্মিত চকলেট উদ্ভাৱন আৰু বিক্ৰী কৰি আহিছে। 
 
কাশ্মীৰৰ শ্ৰীনগৰৰ নিবাসী এমএছচিৰ ছাত্ৰী ইফছানা ফিৰোজৰ চকলেটৰ প্ৰতি যথেষ্ট আকৰ্ষণ আছিল। যাৰ বাবেই তেওঁ নিজাববীয়াকৈ চকলেট প্ৰস্তুত কৰিবলৈ শিকিছিল। বৰ্তমান তেওঁক কাশ্মীৰৰ প্ৰথম ফুলৰ চকলেট নিৰ্মাতা বুলি অভিহিত কৰা হয়।
 
 
ইফছানা ফিৰোজে নিজেই প্ৰস্তুত কৰা চকলেটসমূহ তেওঁৰ জনপ্ৰিয় ইনষ্টাগ্ৰাম পেজ চ'ক' চাৰ্মছৰ (Choco Charms) জৰিয়তে বিক্ৰী কৰি আহিছে। তেওঁৰ পেজটোৰ ১২ হাজাৰতকৈও অধিক অনুসৰণকাৰী আছে। যদি আপুনি ইনষ্টাগ্ৰামত নিয়মীয়াকৈ থাকে, তেন্তে আপুনিও যুৱতীগৰাকীৰ চ'ক' চাৰ্মছ নামৰ পেজটো নিশ্চয় দেখিছে। তেওঁ তেওঁৰ অনন্য ফুলৰ ডিজাইনত প্ৰস্তুত কৰা চকলেট  ক্ৰমে বাদাম ভৰা, চকলেট খেজুৰ, নাৰিকল ট্ৰুফেল আৰু অধিক ধুনীয়া চকলেটৰ বাবে জনাজাত।
 
"চকলেটেৰে মানুহৰ মন জয় কৰাৰ এক যাদুকৰী উপায় আছে। ই কেৱল সুস্বাদু নহয়, বৰং শিশু আৰু প্ৰাপ্তবয়স্ক উভয়ৰে সাৰ্বজনীনভাৱে প্ৰিয়। যদি আপুনি আপোনাৰ পৰিয়ালৰ সদস্য বা নিকটতম বন্ধুক উপহাৰ দিব বিচাৰে, তেন্তে এই মিঠা উপহাৰবোৰে নিশ্চিতভাৱে কাৰোবাৰ মুখত হাঁহি বিৰিঙাব", ইফছানা ফিৰোজে আৱাজ-দ্য ভইচৰ আগত কয়।
 
ইফছানাই ঈদৰ সময়ত তিনি ধৰণৰ চকলেট প্ৰস্তুত কৰিছিল। য'ত ডাৰ্ক, মিল্ক আৰু হোৱাই চকলেটৰ পৰা প্ৰস্তুত কৰা চকলেটবোৰ গৰম কেকৰ দৰে বিক্ৰী হৈছিল। ইফছানাই কয়, "যিসকলে অলপ ক্ৰাঞ্চ থকা চকলেট ভাল পায়, তেওঁলোকৰ বাবে আমি প্ৰিমিয়াম ড্ৰাই ফ্ৰুট সংমিশ্ৰিত কৰিছিলো। ইয়াৰ লগতে চকলেট আৱৰণযুক্ত খেজুৰ আৰু নাৰিকলযুক্ত ট্ৰাফেলও অন্তৰ্ভুক্ত কৰা হৈছে, যিয়ে গ্ৰাহকক এক বৈচিত্ৰ্যপূৰ্ণ আৰু মনোৰম চকলেট অভিজ্ঞতা প্ৰদান কৰিব।" 
 
ইফছানাই মাতৃৰ পৰা অনুপ্ৰাণিত হৈ ৯ বছৰ বয়সৰ পৰাই উদ্ভাৱনীমূলক ৰেচিপিৰ প্ৰতি আগ্ৰহী আছিল। আৰম্ভণিৰ সময়ত তেওঁ বহু বিষয়ত সংগ্ৰাম কৰিবলগীয়া হৈছিল যদিও ৰেচিপি প্ৰস্তুত কৰা আৰু চকলেটৰ উপাদানসমূহৰ ওপৰত কাম কৰাত তেওঁ আৰাম অনুভৱ কৰিছিল। 
 
কাষ্টমাইজড ফুলৰ চকলেট
 
ইফছানাই কয়, "মই অনুভৱ কৰিছিলো যে মোৰ কাষ্টমাইজড ফুলৰ চকলেটৰ ফটোবোৰে ইনষ্টাগ্ৰামত মোৰ নিকটৱৰ্তী অঞ্চলৰ বাহিৰেও আন অঞ্চলৰ পৰা ভাল সঁহাৰি লাভ কৰিছে। সেয়ে মই ষ্টাইলিং আৰু কাষ্টমাইজিংত আৰু চকলেট সুন্দৰ কৰি তোলাত অধিক সময় ব্যয় কৰিবলৈ আৰম্ভ কৰিলো।" 
 
ইফছানাই কয়, "পিছলৈ মই মোৰ বিষয়বস্তু সৰলীকৃত কৰিলো আৰু অধিক চকলেটৰ ফটো পোষ্ট কৰিলো। মই এইদৰেই একেটা বস্তুকে শূন্যৰ পৰা আৰম্ভ কৰিছিলো। অধিক সংখ্যক লোকে মোক চকলেটৰ ছবিৰ বাবে অনুসৰণ কৰিবলৈ আৰম্ভ কৰিছিল আৰু অৰ্ডাৰ দিবলৈ আৰম্ভ কৰিছিল। মই সদায় নিজৰ ব্যৱসায় আৰম্ভ কৰাৰ সপোন দেখিছিলো। মই প্ৰশিক্ষণ দিয়া শিক্ষাৰ্থীসকলকৰ পৰা পোৱা ধন বিনিয়োগ কৰি নিজৰ ব্যৱসায় আৰম্ভ কৰিলোঁ।"  
 
তেওঁ কয়, "মোৰ বাবে, চকলেট বনোৱাটো যাদুকৰী কলা। ই মোক ৰিলেক্স কৰি তোলে আৰু মোৰ সৃজনশীলতা অন্বেষণ কৰাত সহায় কৰে। আৰু এইটো এটা কথা, মোক মানুহে সদায়ে কয়- যে আপুনি কেনেকৈ চকলেটক এনে সুন্দৰকৈ এক অন্য বস্তুলৈ ৰূপান্তৰ কৰিব পাৰে? সেয়া অতি আকৰ্ষণীয়।"
 
শেহতীয়াকৈ ইফছানাই কাষ্টমাইজড চকলেট প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিছে। ইফছানাৰ বাবে এইটো তাৎক্ষণিক আৰু বৃহৎ সাফল্য আছিল। যোৱা পাঁচ মাহ ধৰি ছ'চিয়েল মিডিয়াৰ জৰিয়তে অহা চাহিদাৰ বাবে তেওঁ অত্যন্ত সুখী। ইফছানাই কয় যে, তেওঁ বিচাৰে যে মানুহে সদায় চাকৰিৰ সন্ধানত নাথাকি কিছু দক্ষতা অৰ্জন কৰা উচিত। এজন ব্যক্তিয়ে নিজৰ ওপৰত মনোযোগ দিয়া উচিত আৰু নিজৰ ভাল লগা বিষয়ত দক্ষতা আহৰণ কৰা উচিত।
 
 
তেওঁ কয়, "বজাৰত উপলব্ধ চকলেটৰ বিপৰীতে, আমাৰ প্ৰডাক্টবোৰ সদায় চৰ্বিমুক্ত আৰু কম চেনীযুক্ত।" ইফছানাই প্ৰস্তুত কৰা চকলেটত খেজুৰৰ সৈতে বাদাম ভৰ্তি থাকে, হেজেলনট আদিৰ দৰে ড্ৰাই ফ্ৰুটছে চকলেটসমূহক আৰু অধিক সোৱাদযুক্ত কৰি তোলে।  
 
ইফছানা ফিৰোজৰ কাহিনী কেৱল এজন চকলেট চেফৰ সফলতাৰ কাহিনী নহয়, ই কাশ্মীৰ উপত্যকাৰ যুৱ উদ্যমীৰ ক্ৰমবৰ্ধমান ঢৌৰ প্ৰতীক। কাশ্মীৰৰ দৰে প্ৰত্যাহ্বানেৰে ভৰা উপত্যকাৰ এক স্পৰ্শকাতৰ অঞ্চলৰ এগৰাকী যুৱতীয়ে তেওঁৰ আবেগক ব্যৱসায়লৈ ৰূপান্তৰিত কৰা আৰু "চ'ক' চাৰ্মছ"ৰ দৰে ব্ৰেণ্ডৰদ্বাৰা যথেষ্ট অনুপ্ৰেৰণা পোৱা যায়।
 
এই উদাহৰণেই প্ৰমাণ কৰে যে, কাশ্মীৰী যুৱক-যুৱতীসকলে পৰম্পৰাগত পথৰ পৰা আঁতৰি আহি সৃজনশীল ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হৈছে আৰু অৰ্থনৈতিক উন্নয়নত অৱদান আগবঢ়াইছে। ইফছানাৰ দৰে বহু যুৱক-যুৱতীয়ে তেওঁলোকৰ দক্ষতা আৰু ডিজিটেল প্লেটফৰ্মৰ সহায়ত স্ব-নিয়োজনৰ নতুন সুযোগ সৃষ্টি কৰিছে, যি কাশ্মীৰৰ দৰে উপত্যকাৰ আৰ্থ-সামাজিক প্ৰেক্ষাপটত এক ইতিবাচক পৰিৱৰ্তনৰ ইংগিত।