নতুন দিল্লী
জমিয়ত উলামা-ই-হিন্দে প্ৰথমবাৰৰ বাবে গ্ৰহণ কৰা এক পদক্ষেপৰ অংশ হিচাপে সংগঠনটোৱে বুধবাৰে কংগ্ৰেছ, সমাজবাদী পাৰ্টি, তৃণমূল কংগ্ৰেছ, বিজু জনতা দল, ডিএমকে আৰু অল ইণ্ডিয়া মুছলিম লীগৰ সাংসদসকলৰ এটা দলৰ সৈতে আলোচনাত মিলিত হয়। এই বৈঠকত জামিয়াত উলামা-ই-হিন্দে ভাৰতীয় মুছলমান আৰু পেলেষ্টাইনৰ সৈতে সম্পৰ্কিত বিষয়ৰ প্ৰতি সাংসদসকলৰ সমৰ্থন আগবঢ়ায়।
জমিয়তৰ সভাপতি মৌলানা মাহমুদ আছাদ মাদানীয়ে দেশত প্ৰচলিত সংখ্যালঘু বিৰোধী মনোভাৱ, অসমৰ বঙালী ভাষী লোকৰ ওপৰত চৰকাৰী অত্যাচাৰ, পেলেষ্টাইনৰ বিৰুদ্ধে চৰকাৰৰ স্থিতি, ঘৃণাৰ ঘটনা, বিহাৰত চলি থকা এছআইআৰ (special intensive revision) আৰু জাতি ভিত্তিক লোকপিয়লৰ দৰে সংবেদনশীল বিষয়ৰ ওপৰত প্ৰতিবেদন দাখিল কৰে।
মাদনীয়ে পেলেষ্টাইন আৰু ইজৰাইল সন্দৰ্ভত মোদী চৰকাৰে গ্ৰহণ কৰা নীতি ভাৰতৰ ঐতিহাসিক স্থিতি আৰু নৈতিক মূল্যবোধৰ বিৰুদ্ধে বুলি অভিযোগ কৰে। "পেলেষ্টাইনৰ বিষয়টো এতিয়া কেৱল পেলেষ্টাইন সমৰ্থক হোৱা বা নহয় বুলি কোৱা নহয়, বৰঞ্চ ই মানৱতা সমৰ্থক বিষয় হৈ পৰিছে। আজি তাত মানৱতা অস্থিৰ হৈ পৰিছে, কিন্তু আমি তেওঁলোকৰ লগত থিয় হোৱাৰ পৰা আঁতৰি আহিছো, আনকি মানৱতাৰ আধাৰতো আমি তেওঁলোকক সমৰ্থন কৰিব পৰা নাই, যিটো লজ্জাজনক।”-তেওঁ কয়।
মাদানীয়ে কয় যে অসমত মুছলমানসকলক পৰিকল্পিতভাৱে অসমৰ পৰা বহিষ্কাৰ কৰা হৈছে। তেওঁ কয়, "এটা বিশেষ জনগোষ্ঠীক আইন ভংগ কৰি টাৰ্গেট কৰা হৈছে, যিটো দেশৰ বাবে ভাল নহয়।" অসমলৈ সৰ্বদলীয় প্ৰতিনিধি দল প্ৰেৰণৰ বাবে মাদানীৰ প্ৰস্তাৱক সাংসদসকলে সমৰ্থন জনায়। কিন্তু মালাপুৰমৰ মুছলিম লীগৰ সাংসদ ই টি বাছীৰে প্ৰতিনিধি দলটোত বুদ্ধিজীৱী অন্তৰ্ভুক্ত কৰাৰ বাবে দাবী জনায়।
মুখ্য ন্যায়াধীশ শিৱপাল সিং পেটেলে অভিযোগ কৰে যে মুছলমানসকলৰ উপৰিও সকলো দুৰ্বল শ্ৰেণীৰ লোকৰ ওপৰত অত্যাচাৰ চলোৱা হৈছে। সাংসদ হৰিন্দৰ মালিকে বিজেপিক দোষাৰোপ কৰি কয় যে বিজেপিয়ে 'গোলৱালকাৰৰ আদৰ্শ' প্ৰয়োগ কৰিছে, য'ত সংখ্যালঘুৰ স্থান নাই। তৃণমূল কংগ্ৰেছৰ নাদিমুল হকে অভিযোগ কৰে যে দেশৰ বিভিন্ন প্ৰান্তত বঙালী মুছলমানসকলক পৰিকল্পিতভাৱে আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে। সমাজবাদী পাৰ্টীৰ নেতা জিয়াউৰ ৰহমান বাৰ্কে আহ্বান জনায় যে "ঘৃণাৰ বিৰুদ্ধে এক নিৰন্তৰ আন্দোলন আৰু ইয়াৰ বিৰুদ্ধে আদালতৰ কাষ চপাৰ দৰকাৰ আছে।"
মৌলানা মহিবুল্লাহ নাদৱীয়ে অসমত বাংলাভাষী মুছলমানসকলৰ ওপৰত চলি থকা অত্যাচাৰক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে। তেওঁ অসমৰ মুছলমানসকলৰ অৱস্থাক পেলেষ্টাইনৰ মানুহক বলপূৰ্বক উচ্ছেদ কৰাৰ সৈতে তুলনা কৰে। চন্দ্ৰশেখৰ আজাদে কয় যে বিজেপিয়ে হিন্দুত্ববাদৰ এজেণ্ডা কাৰ্যকৰী কৰি আছে, আৰু বিৰোধীয়ে সত্যৰ পক্ষত থিয় দিব লাগিব। কিষানগঞ্জৰ সাংসদ মহম্মদ জাভেদে কয় যে বাঙালীসকলক হাৰাশাস্তি কৰা হৈছে আৰু দলিতকো লক্ষ্য কৰি লোৱা হৈছে।
জমিয়তৰ উদ্যোগত আয়োজিত বৈঠকত বিৰোধী সাংসদসকল
পশ্চিম বংগৰ কংগ্ৰেছৰ সাংসদ ইছা খান চৌধাৰীয়ে কয় যে সমগ্ৰ দেশতে বাংলাভাষীসকলক “বিজেপি আৰু ইয়াৰ মিত্ৰশক্তিৰ দ্বাৰা” হাৰাশাস্তি কৰা হৈছে। ওড়িশাৰ পৰা ৰাজ্যসভাৰ সাংসদ মুজিবুল্লাই অভিযোগ কৰে যে তেওঁৰ ৰাজ্যত বিজেপি চৰকাৰৰ অধীনত আইন-শৃংখলাৰ অৱনতি ঘটিছে। ৰাষ্ট্ৰীয় সন্মিলনৰ সাংসদ মিঞা আলতাফ লাৰ্ভিয়ে কয়, “পেলেষ্টাইনে হওক বা অসমে হওক, এই নীতিসমূহৰ বাবে দেশখনে বৃহৎ লোকচানৰ সন্মুখীন হৈছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ সুনাম বিনষ্ট হৈছে।”
লক্ষদ্বীপৰ সাংসদ মহম্মদ হামদুল্লা ছাইদে কয় যে লক্ষদ্বীপত মুছলমানক লক্ষ্য কৰি লোৱা হৈছে, আৰু আৰবী ভাষাক পাঠ্যক্ৰমৰ পৰা আঁতৰাই মাদ্ৰাছা বন্ধ কৰাৰ চেষ্টা কৰা হৈছে। ৰাজ্যসভাৰ সাংসদ হৰিশ বীৰানে সাংসদসকলক নিজৰ গোচৰসমূহ সম্পূৰ্ণ প্ৰস্তুতিৰে আদালতত দাখিল কৰিবলৈ আহ্বান জনায়।