মালিক আছৰাগ হাছমী / নতুন দিল্লী
সাহস, সংগ্ৰাম আৰু পৰিৱৰ্তনৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছে এগৰাকী যুৱতীৰ জীৱন কাহিনীয়ে। এসময়ত ডিপ্ৰেছন আৰু বৰ্ডাৰলাইন পাৰ্চনেলিটি ডিছঅৰ্ডাৰ (বিপিডি)ৰ দৰে মানসিক ৰোগৰ সৈতে যুঁজি থকা ২৯ বছৰীয়া যুৱতীগৰাকীয়ে আজি ভাৰতত মানসিক স্বাস্থ্যৰ সন্দৰ্ভত সজাগতা বিয়পোৱাৰ বাবে এক বৃহৎ অভিযান চলাইছে। তেওঁ ২০২৫ চনৰ এপ্ৰিল মাহত 'ব্ৰেকিং ষ্টিগমা: ৱান মাইল এ টাইম' নামৰ বিশেষ অভিযানৰ অধীনত দিল্লীৰ পৰা কাশ্মীৰলৈ ২৭৭৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ এক বাইক যাত্ৰা সম্পূৰ্ণ কৰিছিল। তেওঁৰ নাম হৈছে ছহৰ হাছমী।
ছহৰে কৰা ২০ দিনীয়া বাইক যাত্ৰাৰ সময়ছোৱাত তেওঁ ২১খন চহৰত ৩০খনতকৈও অধিক কৰ্মশালাৰ আয়োজন কৰিছিল আৰু মানসিক ৰোগৰ সৈতে জড়িত ভ্ৰান্ত ধাৰণাক সমাজৰ পৰা আতঁৰোৱাৰ ক্ষেত্ৰত ৩৫০০ৰো অধিক লোকৰ সৈতে যোগাযোগ স্থাপন কৰিছিল। তেওঁৰ এই অভিযান ইমানেই ফলপ্ৰসূ আছিল যে, ইণ্টাৰনেশ্যনেল বুক অব ৰেকৰ্ডেও তেওঁক মানসিক স্বাস্থ্যৰ ওপৰত সৰ্বাধিক আলোচনা চক্ৰ আয়োজন কৰাৰ বাবে অভিলেখৰ খিতাপ প্ৰদান কৰিছিল।
ছহৰ হাছমী
ছহৰৰ এই প্ৰেৰণাদায়ক যাত্ৰা তেওঁৰ ব্যক্তিগত জীৱনৰ কঠিন অভিজ্ঞতাৰ পৰাই উদ্ভৱ হৈছিল। তেওঁ কয়, "যেতিয়া মই জীৱনৰ আটাইতকৈ কঠিন সময়ছোৱাত উপনিত হৈছিল, তেতিয়া মই ডিপ্ৰেছন আৰু বিপিডিৰ দৰে সমস্যাৰ সন্মুখীন হৈছিলো। সেই সময়তেই মই বুজি পাইছিলোঁ যে, মানসিক স্বাস্থ্যক লৈ আমাৰ সমাজত কিমান নিস্তব্ধতা বিৰাজমান হৈ আছে। সেই সময়ত যদিৰ্মোৰ সৈতে কোনোবাই মুকলিকৈ কথা পাতিলেহেঁতেন, তেন্তে হয়তো মই সোনকালে সুস্থ হৈ উঠিব পাৰিলোঁহেঁতেন। কিন্তু তেনেকুৱা হোৱা নাছিল আৰু মই খুব অকলশৰীয়া অনুভৱ কৰিছিলো। সেইবাবেই মই সিদ্ধান্ত লৈছিলো যে, এতিয়া কোনো যুৱক-যুৱতীয়ে নিজকে অকলশৰীয়া অনুভৱ কৰিব নালাগিব।"
ছহৰৰএই যাত্ৰাত তেওঁৰ সৈতে আছিল প্ৰবীণ সমাজকৰ্মী দেৱ দেশাই। যিগৰাকীয়ে মানসিক স্বাস্থ্যৰ ওপৰত আলোচনা সৃষ্টি আৰু সামাজিক মাধ্যমৰ জৰিয়তে যুৱক-যুৱতীসকলক সজাগ কৰাত ছহৰক যথেষ্ট সহায় কৰিছিল। ছহৰৰ এই অভিযানৰ দলটো সৰু আছিল, যদিও যথেষ্ট শক্তিশালী আছিল। কাশ্মীৰৰ বাৰাজুদ্দিন, চলচ্চিত্ৰ নিৰ্মাতা সুমন্যু শুক্লা আৰু কণ্ঠশিল্পী নাজনীন শ্বেখকো ছহৰৰ সৈতে অন্তৰ্ভুক্ত কৰা হৈছিল। যাত্ৰাৰ সময়ত তেওঁলোকে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল।
২০ এপ্ৰিলত ৰামবন জিলাত ডাৱৰ বিস্ফোৰণৰ ফলত ভূমিস্খলন ঘটি জম্মু-শ্ৰীনগৰ ঘাইপথ কেইবাদিন ধৰি বন্ধ হৈ আছিল। ২২ এপ্ৰিলত পহলগামত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল। যাৰবাবে তেওঁলোকৰ যাত্ৰা আৰু অধিক কঠিন হৈ পৰিছিল। ২ মে’ত পুনৰবাৰ ৰামবন জিলাত ভূমিস্খলন সংঘটিত হৈ ঘাইপথটো বন্ধ হৈ পৰিছিল। বিপদজনক পাহাৰীয়া পথ, বেয়া বতৰ আৰু নিৰাপত্তাৰ ভাবুকিৰ মাজতো ছহৰ আৰু তেওঁৰ দলটো হতাশ হৈ পৰা নাছিল। ছহৰে কয় যে, "মানসিক স্বাস্থ্যৰ সন্দৰ্ভত সজাগতা বিয়পোৱাৰ এই কঠিন যাত্ৰা কৰাটোও তেওঁৰ বাবে এক সন্মান কাম।"
ছহৰ হাছমী
কোভিড মহামাৰীৰ সময়ত ছহৰ আৰু দেৱে মানসিক স্বাস্থ্যৰ সন্দৰ্ভত এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছিল। তেওঁলোকে ৯০ জন মনোৰোগ বিশেষজ্ঞ, পৰামৰ্শদাতা আৰু থেৰাপিষ্টৰ এটা দল গঠন কৰিছিল, যিয়ে বিনামূলীয়াকৈ অনলাইন পৰামৰ্শ প্ৰদান কৰিছিল। আজি এই দলটো ১৪০ জনতকৈ অধিক পেছাদাৰী ব্যক্তিৰে গঠিত আৰু এতিয়ালৈকে ৩০০ৰো অধিক লোকক সহায় আগবঢ়াই আহিছে।
চি এছ আই আৰ নেশ্যনেল ইনষ্টিটিউট অৱ চাইন্স কমিউনিকেশ্যন এণ্ড পলিচি ৰিচাৰ্চৰ অৱসৰপ্ৰাপ্ত বিজ্ঞানী অধ্যাপক সুৰজিত ডাবাছে এই অভিযানৰ বিশ্লেষণ কৰিছিল। ইয়াৰ পিছত তেওঁ জানিব পাৰিছিল যে, প্ৰায় ৪২.৩০ শতাংশ লোকৰ ঘনিষ্ঠ কোনোবা নহয় কোনোবা মানসিক ৰোগত আক্ৰান্ত হৈ আছে।
ছহৰৰ এই যাত্ৰাই সামাজিক মাধ্যমত ব্যাপক প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। এজন ব্যৱহাৰকাৰীয়ে লিখিছে, যুৱ ছহৰৰ এই সাহসী প্ৰচেষ্টা অতি প্ৰশংসনীয়। একে সময়তে আন এজন ব্যৱহাৰকাৰীয়ে কয় যে, অতি কম সংখ্যক লোকে নিজৰ ব্যক্তিগত সমস্যাসমূহ ৰাজহুৱাভাৱে শ্বেয়াৰ কৰাৰ সাহস প্ৰদৰ্শন কৰে। ছহৰে এই কাম কৰি হাজাৰ হাজাৰ লোকক অনুপ্ৰাণিত কৰিছে।
ভাৰতৰ মানসিক স্বাস্থ্যৰ অৱস্থা অতি চিন্তনীয় এক বিষয় হৈ পৰিছে। পৰিসংখ্যা অনুসৰি দেশৰ ১১ কোটিৰো অধিক লোকে কিবা নহয় কিবা মানসিক সমস্যাৰ সৈতে যুঁজি আছে আৰু প্ৰতি বছৰে প্ৰায় ১ লাখ লোকে আত্মহত্যা কৰাৰো দৰেও ঘটনা সংঘটিত হৈ আহিছে। আনকি ৭০-৯২ শতাংশ লোক চিকিৎসাৰ পৰাও বঞ্চিত। এনে পৰিস্থিতিত ছৰহৰ দৰে কৰ্মীসকলৰ অতুলনীয় পদক্ষেপে সমাজলৈ আশাৰ ৰেঙণি কঢ়িয়াই আনিছে।
ছহৰ এগৰাকী প্ৰেৰণাদায়ক বক্তা আৰু ফেশ্বন ষ্টাইলিষ্ট। কিন্তু তেওঁৰ প্ৰকৃত পৰিচয় হৈছে মানসিক স্বাস্থ্যৰ এগৰাকী শক্তিশালী যুদ্ধা। তেওঁ কয়, যদি আমি মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত মৌনতা অৱলম্বন হৰো, তেন্তে এই মৌনতাই লাহে লাহে সমাজখনক ধ্বংস কৰিব। সেয়েহে আমি এই বিষয়ত যিমান সম্ভৱ মুকলিকৈ কথা পাতিব লাগিব।
তেওঁৰ ভৱিষ্যত পৰিকল্পনাৰ ভিতৰত আছে, মানসিক স্বাস্থ্যৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেটৱৰ্ক গঢ়ি তোলা। তেওঁ বিচাৰে যুৱক-যুৱতীসকলক মানসিক স্বাস্থ্যক প্ৰাথমিক চিকিৎসা হিচাপে প্ৰশিক্ষণ দিয়া আৰু মানসিক স্বাস্থ্যৰ পাঠ্যক্ৰম বিদ্যালয়-মহাবিদ্যালয়ত অন্তৰ্ভুক্ত কৰা।
ছহৰ হাছমীৰ এই যাত্ৰা কেৱল মাত্ৰ তেওঁৰ ব্যক্তিগত জয় নহয়, মানসিক স্বাস্থ্য সম্পৰ্কে আলোচনা আৰম্ভ কৰাটো কিমান গুৰুত্বপূৰ্ণ সেই সম্পৰ্কে সমগ্ৰ সমাজৰ বাবে এক শিক্ষা। তেওঁ প্ৰমাণ কৰিছে যে, যদি প্ৰবল ইচ্ছাশক্তি থাকে, তেন্তে ব্যক্তিগত দুখ-কষ্টকো সমাজৰ সেৱালৈ ৰূপান্তৰিত কৰিব পাৰি।