আৱাজ দ্য ভইচ / নতুন দিল্লী
ভাৰতৰত্ন আৰু মিছাইল মেন নামেৰে বিখ্যাত দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড° এ পি জে আব্দুল কালামৰ দশম মৃত্যু বাৰ্ষিকী উপলক্ষে বিজেপি সংখ্যালঘু মৰ্চাই সমগ্ৰ দেশতে "কালাম কো চালাম" অভিযান আৰম্ভ কৰিবলৈ ওলাইছে। এই অভিযানৰ অধীনত এনে সংখ্যালঘু যুৱ উদ্যোগীক সন্মান জনোৱা হ’ব, যিসকলে নিজৰ উদ্ভাৱন, দক্ষতা আৰু উদ্যোগীকৰণৰ জৰিয়তে সমাজৰ সন্মুখত এক প্ৰেৰণাদায়ক আদৰ্শ দাঙি ধৰিছে।
সংখ্যালঘু মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি জামাল ছিদ্দিকীয়ে কয় যে ধৰ্ম আৰু জাতিৰ উৰ্ধত উঠি দেশ গঠনত অৰিহণা যোগোৱা সকলো ব্যক্তিকে বিজেপিয়ে সন্মান জনাব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগী হৈছে দেশৰ সংখ্যালঘু যুৱ প্ৰতিভাক নতুন পৰিচয় প্ৰদান কৰি তেওঁলোকৰ সম্ভাৱনাক ৰাষ্ট্ৰীয় স্বাৰ্থত ব্যাৱহাৰ কৰা। ইয়াৰ বাবে "ডাঃ কালাম ষ্টাৰ্টআপ যুৱ বঁটা ২.০" আৰম্ভ কৰা হৈছে।
এই বঁটাৰ বাবে মনোনয়ন প্ৰক্ৰিয়া ১৬ জুলাইৰ পৰা ৬ আগষ্ট, ২০২৫লৈ চলিব। ইচ্ছুক প্ৰাৰ্থীয়ে বিজেপি সংখ্যালঘু মৰ্চাৰ অফিচিয়েল ৱেবছাইট https://minoritymorcha.bjp.org ৰ জৰিয়তে অনলাইনযোগে আবেদন কৰিব পাৰিব।
মনোনয়ন প্ৰক্ৰিয়াটো সহজ কৰি তুলিবলৈ ৱেবপেজ লিংক আৰু কিউআৰ ক’ড ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো শ্বেয়াৰ কৰা হ’ব যাতে অংশগ্ৰহণকাৰীসকলে পোনপটীয়াকৈ আবেদন কৰিব পাৰে। এই অভিযানৰ কাৰ্যসূচী তলত দিয়া ধৰণৰ হ’বঃ
১৬ জুলাইৰ পৰা ৬ আগষ্টলৈ: অনলাইন পঞ্জীয়ন আৰু আবেদন প্ৰক্ৰিয়া।
৩ৰ পৰা ৬ আগষ্টলৈ: লাভ কৰা মনোনয়নৰ চৰ্টলিষ্টিং।
৬ৰ পৰা ৯ আগষ্টলৈ: নিৰ্বাচিত অংশগ্ৰহণকাৰীসকললৈ আমন্ত্ৰণ পত্ৰ প্ৰেৰণ কৰা হ’ব।
১২ আগষ্টঃ আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱসৰ দিনা নতুন দিল্লীৰ বিজেপি মুখ্য কাৰ্যালয়ত পুৰস্কাৰ বিতৰণ অনুষ্ঠান।
এই উপলক্ষে সংখ্যালঘু কোষে এপিজে আব্দুল কালামৰ মৃত্যু বাৰ্ষিকীত অহা ২৭ জুলাইত জিলা পৰ্যায়ত বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। এই অভিযান সফল কৰাৰ বাবে প্ৰস্তুতি তীব্ৰতৰ কৰা হৈছে।
অহা ১৬ জুলাইত বিজেপিৰ মুখ্য কাৰ্যালয়ত বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সংখ্যালঘু মঞ্চৰ প্ৰভাৰী দূশয়ন্ত গৌতমৰ উপস্থিতিত ৰাষ্ট্ৰীয় বিষয়ববীয়া, কাৰ্যবাহী সদস্য আৰু ৰাজ্যিক পৰ্যায়ৰ নেতাসকলৰ এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত হ’ব। একেদৰে ১৭ জুলাইত ছ’চিয়েল মিডিয়া কৰ্মশালাৰ আয়োজন কৰা হৈছে।
জামাল ছিদ্দিকীয়ে কয়, “কালাম কো চালাম অভিযানৰ লক্ষ্য হৈছে ড০ এ পি জে আব্দুল কালামৰ অৱদানক শ্ৰদ্ধাঞ্জলি জনোৱা আৰু দেশৰ যুৱক-যুৱতীসকলক উদ্ভাৱন আৰু দেশ গঠনৰ বাবে অনুপ্ৰাণিত কৰা। বিজেপিৰ বিশ্বাস যে যেতিয়া সংখ্যালঘু যুৱক-যুৱতী আগবাঢ়ি যাব তেতিয়া দেশ শক্তিশালী হ’ব।”