নৌছাদ আখতাৰ / পাটনা
বিহাৰৰ কন্যা তৈবা আফ্ৰোজৰ কাহিনী কেৱল পাইলট হোৱাৰ যাত্ৰা নহয়; তেওঁ হৈছে সংগ্ৰাম, নিষ্ঠা আৰু ডাঙৰ সপোনৰ এক জীয়া সাক্ষী। ‘পাইলট অন মোড’, ‘বৰ্ণ টু ফ্লাই’ আৰু ‘ড্ৰিম এচিভ ফৰ ফ্লাই’ আদি শব্দবোৰ তেওঁৰ ছ’চিয়েল মিডিয়া প্ৰফাইলত আকৰ্ষণীয় টেগলাইন যেন লাগিব পাৰে, কিন্তু এই শব্দবোৰৰ আঁৰত এক গভীৰ আৰু শক্তিশালী বাস্তৱ কাহিনী নিহিত হৈ আছে।
এই কাহিনীৰ মাজত আছে পূৰ্বপুৰুষৰ মাটি বিক্ৰী কৰা, সামাজিক সমালোচনা সহ্য কৰা, শাৰীৰিক আৰু আৱেগিক বিপৰ্যয়বোৰ অতিক্ৰম কৰা।
ইন্দোৰ ফ্লাইং ক্লাবত নিজৰ প্ৰশিক্ষণ বিমানৰ সন্মুখত তৈয়বা আফ্ৰোজ
বিহাৰৰ ছাৰণ জিলাৰ এখন সৰু গাঁও জালালপুৰৰ তৈবা আফ্ৰোজ আজি বিহাৰৰ প্ৰথমগৰাকী মুছলমান মহিলা বাণিজ্যিক পাইলট। তেওঁৰ জীৱনলৈ এই কৃতিত্ব অৱশ্যে সহজে অহা নাছিল। আগতে তেওঁৰ দেউতাক মতিউল হকে এখন সাধাৰণ গেলামালৰ দোকান চলাইছিল আৰু মাক ছামছুন নিছা ঘৰৰ দায়িত্বত ব্যস্ত আছিল যদিও ছোৱালীজনীৰ সপোন তেওঁলোকৰ বাবে প্ৰাৰ্থনা হৈ পৰিল।
তৈবাই শৈশৱৰ পৰা বিচাৰিছিল পাইলট হ’বলৈ। গাঁৱত ইমান ডাঙৰ সপোন দেখাটো এক অপৰাধ বুলি গণ্য কৰা হৈছিল যদিও তেওঁৰ দেউতাকে ছোৱালীজনীৰ ইচ্ছাক সপোন হ’বলৈ দিলে। দ্বাদশ উত্তীৰ্ণ হোৱাৰ পিছত তৈবাই পাইলট হোৱাৰ ইচ্ছা প্ৰকাশ কৰাত পৰিয়ালটো স্তম্ভিত হৈ পৰিছিল যদিও পঢ়া-শুনাত তেওঁৰ উৎকৃষ্ট প্ৰদৰ্শন আৰু নিষ্ঠাই পিতৃৰ আস্থা লাভ কৰিছিল। তাৰ পিছত তেওঁলোকৰ সন্মুখলৈ আহিছিল আচল প্ৰত্যাহ্বান, সেয়া আছিল পাইলট হোৱাৰ বাবে প্ৰয়োজন হোৱা পৰ্যাপ্ত ধন।
ব্যয়বহুল বিমান প্ৰশিক্ষণৰ মাচুল তেওঁলোকৰ সামৰ্থ্যৰ বাহিৰত আছিল। তথাপি পিতৃ-মাতৃয়ে কন্যাৰ সপোনবোৰ অপূৰ্ণ হৈ ৰাখিব বিচৰা নাছিল। কৃষিভূমি বিক্ৰী কৰি তেওঁলোকে তৈবাক ভুৱনেশ্বৰৰ চৰকাৰী বিমান প্ৰশিক্ষণ প্ৰতিষ্ঠানত ভৰ্তি কৰিছিল।
তৈয়বা আফ্ৰোজক এক অনুষ্ঠানত সম্বৰ্ধনা জনোৱা এক মূহুৰ্ত
কিন্তু ইয়াতো তেওঁৰ যাত্ৰা সহজ নাছিল। প্ৰশিক্ষণ আৰম্ভ কৰাৰ কিছু দিনৰ পিছতে তৈবাই পিত্তৰ পাথৰৰ ৰোগত আক্ৰান্ত হয় আৰু মেডিকেল ব’ৰ্ডে তেওঁক পাইলটৰ বাবে অযোগ্য ঘোষণা কৰে। এই খবৰৰ পিছতে তেওঁৰ আৰু পৰিয়ালটোৰ মূৰৰ ওপৰত সৰগ ভাগি পৰিছিল।
মাটি বিক্ৰী কৰি পিতৃ-মাতৃয়ে কন্যাৰ সপোন পূৰণ কৰিব বিচাৰিছিল যদিও এতিয়া এই সপোন ম্লান হৈ পৰিছিল। কিন্তু তৈবাই হাৰ নামানিলে। অস্ত্ৰোপচাৰ কৰি সুস্থ হৈ উঠি তেওঁ পুনৰ প্ৰশিক্ষণ আৰম্ভ কৰিলে। তেওঁ প্ৰায় ৮০ ঘণ্টা উৰাজাহাজ চলাইছিল যদিও সেই সময়তে এজন সতীৰ্থ প্ৰশিক্ষণৰত পাইলটৰ মৃত্যুত প্ৰতিষ্ঠানটোত নিস্তব্ধতা বিয়পি পৰিছিল। এই ঘটনাই তৈবাৰ মনত ইমানেই গভীৰ প্ৰভাৱ পেলাইছিল যে তেওঁ আধাতে প্ৰশিক্ষণ শিবিৰ এৰি থৈ গৈছিল।
আকৌ এবাৰ তৈবাই অনুভৱ কৰিলে যে তেওঁৰ সপোন এইবাৰ ছিন্নভিন্ন হৈ পৰিব। কিন্তু দেউতাক আৰু পৰিয়ালৰ সাহসে তাইৰ মন ভাঙি যাবলৈ নিদিলে। তেওঁ বেংক অৱ ইণ্ডিয়াৰ পৰা ঋণ লৈ, অৱসৰপ্ৰাপ্ত ডিজিপিৰ পৰা সহায় লৈ ইন্দোৰ ফ্লাইং ক্লাবত পুনৰ বিমান চলোৱাৰ প্ৰস্তুতি আৰম্ভ কৰে। এইবাৰ বাকী ১২০ ঘণ্টাৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰি তৈবা আফ্ৰোজে ডি জি চি এ (Directorate General of Civil Aviation)-ৰ পৰা অনুজ্ঞাপত্ৰ লাভ কৰে। এই অনুজ্ঞাপত্ৰই যিকোনো ব্যক্তিক বাণিজ্যিক পাইলট হোৱাৰ আইনী অনুমতি দিয়ে।
এক অনুষ্ঠানত তৈয়বা আফ্ৰোজ
তেওঁৰ প্ৰশিক্ষণ প্ৰায় তিনি বছৰ ধৰি চলিছিল আৰু ইয়াৰ ভিতৰত আছিল কঠোৰ লিখিত পৰীক্ষা, চিমুলেটৰ ড্ৰিল, আৰু কঠিন পৰিস্থিতিত বাস্তৱ সময়ৰ উৰণৰ প্ৰশিক্ষণ। তৈবাই কয়, "১০০ ঘণ্টা অকলে উৰাজাহাজ চলোৱাটো নিশ্চিতভাৱে ভয়ংকৰ অভিজ্ঞতা আছিল, কিন্তু ভয় মোৰ মনলৈ কেতিয়াও নাহিল।"
উল্লেখ্য যে, যেতিয়া তৈবা আফ্ৰোজাই উৰাজাহাজ চলাবলৈ আৰম্ভ কৰিছিল, তেতিয়া তেওঁৰ কাহিনীয়ে বাতৰিৰ শিৰোনাম দখল কৰিছিল। বহুতে ইয়াৰ শলাগ লৈছিল যদিও কিছুমান উগ্ৰ সমালোচক তেওঁৰ পিছত পৰিছিল। কোনো কোনোৱে কৈছিল যে মুছলমান মহিলা হোৱাৰ বাবে পাইলটৰ পোছাক পিন্ধাটো ‘হাৰাম’ আৰু তেওঁ বোৰ্খা পিন্ধিব লাগে।
এই প্ৰশ্নবোৰৰ উত্তৰত তৈবাই কয়, "ককপিটত কোনো ধৰণৰ ড্ৰেছ কোড নাই। আপুনি কি পিন্ধিব বা আপুনি কি জাতি বা ধৰ্মৰ সেইটো বিমানখনে চিন্তা নকৰে।" আজি তৈবা দেশৰ যুৱ-প্ৰজন্মৰ এগৰাকী প্ৰেৰণাদায়ক মহিলা হৈ পৰিছে। তেওঁ কেৱল পাইলট নহয়, এটা ধাৰণা-যিয়ে যুৱ-প্ৰজন্মক কয় যে সপোন সীমিত সা-সুবিধাৰ ওপৰত নিৰ্ভৰশীল নহয়। বিহাৰৰ এখন সৰু গাঁৱৰ পৰা আহি আকাশ স্পৰ্শ কৰা যুৱতীগৰাকীয়ে এতিয়া অজস্ৰজনক পোহৰৰ বাট দেখুৱাইছে।
মাতৃ ছামছুন নিছা আৰু পিতৃ মতিউল হকৰ সৈতে তৈয়বা আফ্ৰোজ
মাহে প্ৰায় ১.৫ লাখ টকাৰ পৰা তেওঁৰ দৰমহা আৰম্ভ হয় যদিও সেয়া কেৱল টকাৰ কথা নহয়। তেওঁৰ আচল সফলতা হ’ল নিজৰ বাবে গঢ় দিয়া এক সুকীয়া পৰিচয়। তেওঁৰ এই পৰিচয়ে মুছলমান যুৱতীসকলক নতুন আশা আৰু ডাঙৰ সপোন দেখাৰ প্ৰেৰণা দিয়ে। তৈবা আফ্ৰোজাৰ এই সফলতাৰ আঁৰত আছে তেওঁৰ পিতৃৰ অমূল্য অৱদান। তেওঁ কয়, "মই মাটি বিক্ৰী কৰিছিলোঁ যদিও মোৰ ছোৱালীয়ে আকাশ কিনিলে।"
কন্যা সন্তানৰ সপোনক লৈ ভয় কৰা লাখ লাখ পিতৃ-মাতৃৰ বাবে তেওঁ এক আদৰ্শ। আৰু সমাজৰ শিকলি ভাঙি উৰিবলৈ আকৰ্ষণ থকা সেই লাখ লাখ কন্যাৰ বাবে তৈবাৰ এক প্ৰেৰণা। তেওঁৰ এই কাহিনীয়ে কয় যে আকাশখন সীমা নহয়, আৰম্ভণিহে। তৈবা আফ্ৰোজে প্ৰমাণ কৰিলে যে সাহস থাকিলে নিজৰ খেতিপথাৰ বিক্ৰী কৰিব পাৰি, কিন্তু সপোন বিক্ৰী নহয়।