অনাবৃষ্টি আল্লাহৰ এক গজব; ক্ষমা-প্ৰাৰ্থনাৰ আহ্বান ইছলামিক পণ্ডিত মৌলানা নুৰুল আমিন কাছিমিৰ

Story by  atv | Posted by  [email protected] • 22 h ago
মৌলানা নুৰুল আমিন কাছিমি
মৌলানা নুৰুল আমিন কাছিমি
 
আৰিফুল ইছলাম/গুৱাহাটী
 
উৎকট গৰমে দহিছে ৰাজ্য। বিগত বছৰসমূহৰ তুলনাত এইবাৰ একেবাৰেই বৰষুণ হোৱা নাই অসমত। ফলত অসমৰ কৃষকসকলৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে। এই ভৰ বাৰিষাৰ পথাৰসমূহত বৃহৎ ফাট মেলাও দেখা গৈছে। ইতিমধ্যে প্ৰচণ্ড গৰমৰ ফলত ৰাজ্যৰ দুই-এঠাইত মানুহৰ মৃত্যু হোৱাও পৰিলক্ষিত হৈছে। গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ বৰষুণ বিচাৰি বহু মানুহে চাকি-বন্তি জ্বলাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে। ইছলাম ধৰ্মটো উৎকট গৰম বা অনাবৃষ্টিৰ সময়ত পৰিত্ৰাণ পাবলৈ আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰা দেখা যায়।
 
ইছলাম ধৰ্মত বৰষুণক আল্লাহৰ এক ৰহমত (আশীৰ্বাদ) বুলি  বিশ্বাস কৰা হয়। বিশ্বাস অনুযায়ী আল্লাহ যেতিয়া মানুহৰ কৰ্ম-কাণ্ডক লৈ নাৰাজ (অসন্তুষ্ট বা খং উঠে) হয়, তেতিয়া আল্লাহে ৰহমতৰ বৰষুণ বন্ধ কৰি দিয়ে আৰু  তীব্ৰ খৰাং বা অনাবৃষ্টিৰ দৰে গজব (শাস্তি) দিয়ে। হজৰত আব্দুল্লাহ ইবনে উমৰ (ৰা:) ৰ পৰা বৰ্ণিত এটা হাদিছত নবী হজৰত মহম্মদে (ছ:) কৈছিল যে "তোমালোকৰ প্ৰতি মোৰ ভয় লাগে, যে তোমালোকে এনেকুৱা গুণাহ (পাপ) কৰিবা, ইমানেই কু-কৰ্মত লিপ্ত হ'বা। যাৰফলত তোমালোকৰ প্ৰতি আল্লাহ ইমানেই নাৰাজ হ'ব, যে আল্লাহৰ ৰহমতৰ বৃষ্টিবৰ্ষণ বন্ধ কৰি দিব।" এনে ধৰণৰ অন্য বহুত হাদিছৰ পৰা প্ৰমাণ হয় যে, অনাবৃষ্টি মানুহৰ ওপৰত আল্লাহৰ অসন্তুষ্টিৰ কাৰণ।
 
ইছলামিক পণ্ডিত মৌলানা নূৰুল আমিন কাছিমিয়ে কয়; "এই বৰ্ষত পৰ্যাপ্ত বৰষুণ হোৱা নাই। মানুহে খেতি কৰিব পৰা নাই। নিশ্চিত ভাবে আমি ভাবিব লাগিব যে, নিশ্চয় আল্লাহ আমাৰ গুনাহ বা পাপৰ বাবে আমাৰ ওপৰত অসন্তুষ্ট হৈছে। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আমি কি কৰিব লাগিব ? আমাৰ নবী হজৰত মহম্মদে (ছ:) ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে আমোল (প্ৰাৰ্থনা) কৰি দেখুৱাই থৈ গৈছে। আমাৰ নৱীয়ে সকলো চাহাবা আৰু জীৱ-জন্তুক লৈ খালি মৈদানত (পথাৰ বা খেলপথাৰ) ইষ্টেচকাৰ নামাজ পঢ়িছিল। চালাতুল ইষ্টেচকাৰ নামাজ দুই ৰাকাত। ইষ্টেচকাৰ নামাজ পঢ়াৰ পিছত ওলোটা হাতেৰে দোৱা কৰাটো চুন্নত। আকাশৰ ফালে মুখ কৰি সকলোৱে একেলগে দোৱা কৰিব লাগে আৰু কান্দি কান্দি নিজৰ গুনাহসমূহ ক্ষমা কৰি দিয়াৰ বাবে আল্লাহৰ ওচৰত দোৱা কৰিব লাগে। অনাবৃষ্টিৰ সময়ত এই আমল আমাৰ নৱীয়ে আমাক শিকাই থৈ গৈছে।"
 
ইষ্টেচকা নামাজ পঢ়া দৃশ্য
 
"মই জনাত অসমৰ প্ৰত্যেক ঠাইতে বৰ্তমান অনাবৃষ্টি হৈছে। গতিকে আমি আমাৰ গুনাহৰ পৰা আল্লাহৰ ওচৰত ক্ষমা বিচাৰিব লাগে। বৰ্তমান সময়ত আমাৰ মুছলমানসকলে নামাজৰ পৰা ইমানেই দূৰত গৈছে, ভাবিব নোৱাৰা অৱস্থা। মোবাইল আৰু ইণ্টাৰনেটত দ্বাৰা এনেকুৱা গুনাহত লিপ্ত হৈ আছে, আমি নিজেই ভাবিব পাহৰি গৈছোঁ। এনেকুৱা গুনাহ কিছুমান আমাৰ মুছলমানে কৰি আছে। যিবোৰ গুনাহ পূৰ্বতে কেতিয়াও হোৱা নাছিল। গতিকে এই গুনাহবোৰৰ পৰা আমি আল্লাহৰ ওচৰত ক্ষমা বিচাৰিব লাগিব, তেতিয়াহে আল্লাহৰ ৰহমত আমাৰ মাজলৈ আহিব। আল্লাহৰ ওচৰত বৰষুণৰ বিচাৰি আমি সকলোৱে ইষ্টেচকাৰ নামাজ পঢ়াৰ ব্যৱস্থা কৰিব লাগে। নিজৰ নিজৰ অঞ্চলৰ আলিম-উলেমাসকলক লৈ ইষ্টেচকাৰ নামাজ কেনেকৈ পঢ়ে ভালদৰে জানি লওক আৰু এই নামাজ পঢ়ি দোৱা কৰক", কাছিমিয়ে কয়।
 
মৌলানা কাছিমিয়ে কয় যে আমাৰ আলিম-উলেমাসকলে এই ক্ষেত্ৰত আগভাগ ল'ব লাগে। উত্তৰ-পূব ভাৰতৰ আমিৰ-এ-শ্বেইখ হজৰত ইয়াহিয়া চাহাব আৰু হোজাই জালালিয়া মাদ্ৰাছাৰ শ্বেইখ-উল-হাদিছ হজৰত মৌলানা শ্বেইখ চামচুদ্দিন চাহাবেও এই ক্ষেত্ৰত মানুহক আল্লাহৰ ওচৰত ক্ষমা-প্ৰাৰ্থনা বিচৰাৰ কথা কৈছে। কেৱল অনাবৃষ্টিয়ে নহয়, মুছলমানৰ মাজৰ যিসমূহ সমস্যা আহিছে যাতে সকলোৰে পৰা পৰিত্ৰাণ পাব পাৰে। এয়া আচলতে মুছলমানৰ কু-কৰ্মৰ ফল, অন্য একো নহয়। গতিকে আল্লাহৰ ফালে ধাৱমান হ'ব লাগে। এই অনাবৃষ্টিৰ সময়ত চালাতুল ইষ্টেচকা পঢ়ি আল্লাহৰ ওচৰত ৰহমত বিচাৰিব লাগে। এই ক্ষেত্ৰত মহিলাসকলেও এইকামসমূহ কৰিব লাগে। এয়া আমাৰ জ্যেষ্ঠসকলৰ আহ্বান।
 
উল্লেখযোগ্য যে, বৰষুণৰ অভাৱত মূৰে-কপাঁলে হাত দিছে সমগ্ৰ অসমৰ খেতিয়কসকলে। বৰষুণৰ অভাৱত শাওন মাহতে উজনি-নামনিৰ বিভিন্ন অঞ্চলত পথাৰে ছিৰালফাঁট মেলিছে। কৃষি পথাৰত জলসিঞ্চনৰ কোনো ব্যৱস্থা নথকাত সমস্যাত পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ বিশেষকৈ উজনিৰ কৃষকসকল‌।
 
তাৰোপৰি অত্যধিক গৰমৰ ফলতে গুৱাহাটী মহানগৰীত মৃত্যু হৈছে এজন আৰক্ষী জোৱানৰ। ৰাজপথতে ঢলি পৰি মৃত্যুক আঁকোৱালি ল’বলগীয়া হৈছিল আৰক্ষী জোৱানজনে। গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত সংঘটিত হৈছিল এই ঘটনা। মৃত লোকজনৰ নাম হিতেশ্বৰ কলিতা। নীলা চাৰ্ট আৰু হাফ পেণ্ট পৰিধান কৰি আছিল হিতেশ্বৰ কলিতাই।