বসিত জাৰগাৰ / শ্ৰীনগৰ
পশু জৈৱ প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতে এক ঐতিহাসিক অগ্ৰগতি লাভ কৰিছে। শ্বেৰ-ই-কাশ্মীৰ কৃষি বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় (SKUAST)ৰ বিজ্ঞানীসকলে সফলতাৰে সৃষ্টি কৰিছে দেশৰ প্ৰথমটো জিন সম্পাদিত ভেড়া (gene-edited sheep)। CRISPR-Cas9 নামৰ অত্যাধুনিক জিন সম্পাদিত প্ৰযুক্তি ব্যৱহাৰ কৰি বিজ্ঞানীসকলে এই ভেড়াৰ মাইষ্টেটিন জিন নিষ্ক্ৰিয় কৰি পেলায়, যাৰ ফলত ইয়াৰ পেশীৰ আকাৰ স্বাভাৱিকতকৈ প্ৰায় ৩০% বৃদ্ধি পায়।
মন কৰিবলগীয়া যে মাইষ্টেটিন জিনে পেশীৰ বৃদ্ধি নিয়ন্ত্ৰণ কৰে। ইয়াক নিষ্ক্ৰিয় কৰি পেশীৰ বিকাশ ত্বৰান্বিত কৰিব পাৰি। এই বৈশিষ্ট্য ইউৰোপীয় জাত যেনে টেক্সেল ভেড়াত পোৱা যায় যদিও ভাৰতীয় ভেড়াত ইয়াৰ অভাৱ দেখা গৈছে। SKUASTৰ এই উদ্ভাৱনে ভাৰতক এই প্ৰযুক্তিৰ বিশ্ব মানচিত্ৰত স্থান দিয়াই নহয়, পশুপালনৰ ভৱিষ্যতকো নতুন মাত্ৰা দিব পাৰে।
এই কৃতিত্বক "এটা যুগান্তকাৰী মুহূৰ্ত" বুলি অভিহিত কৰি SKUAST-কাশ্মীৰৰ উপাচাৰ্য ড° নাজিৰ আহমদ গনাইয়ে কয়, "এয়া কেৱল এটা ভেড়াৰ পোৱালিৰ জন্ম নহয়, বৰঞ্চ ভাৰতত প্ৰাণীজগতৰ এক নতুন যুগৰ আৰম্ভণি। আমি এতিয়া এনে নিখুঁত জৈৱিক কৌশল ব্যৱহাৰ কৰিবলৈ সক্ষম হৈছো, যিয়ে বিদেশী ডি এন এৰ প্ৰৱৰ্তন নকৰে বা পৰিৱেশৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিব নোৱাৰে।"
SKUASTয়ে উদ্ভাৱন কৰা ভেড়া
উল্লেখ্য যে, ড০ ৰিয়াজ এ শ্বাহৰ নেতৃত্বত বিজ্ঞানীৰ এটা দলে বছৰ বছৰ ধৰি কৰা গৱেষণাৰ অন্তত এই অগ্ৰগতি লাভ কৰিছে। জিন সম্পাদনাৰ বাবে ব্যৱহৃত CRISPR-Cas9 প্ৰযুক্তি প্ৰথমে মানুহৰ ৰোগৰ চিকিৎসাৰ বাবে বিকশিত কৰা হৈছিল যদিও বৰ্তমান কৃষি, শস্য উন্নয়ন, পশু প্ৰজনন আৰু জৈৱ চিকিৎসাত ব্যৱহাৰ কৰা হৈছে।
এই প্ৰযুক্তিয়ে নিৰ্দিষ্ট জিনসমূহক লক্ষ্য কৰি লোৱা আৰু পৰিৱৰ্তন কৰাৰ অনুমতি দিয়ে, যাৰ ফলত কোনো জীৱত আকাংক্ষিত বৈশিষ্ট্য সৃষ্টি হয়, তাকো কোনো বাহ্যিক বা বিদেশী ডি এন এ অন্তৰ্ভুক্ত নকৰাকৈ। এই কাৰণেই জিন-সম্পাদনা পৰম্পৰাগত ‘জিনেটিকেলি মডিফাইড অৰ্গেনিছম’ (জিএমঅ’)ৰ পৰা পৃথক আৰু ইয়াক অধিক জৈৱ সুৰক্ষা অনুকূল বুলি গণ্য কৰা হয়।
ইয়াৰ পূৰ্বেও SKUAST-কাশ্মীৰে বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে। ২০১২ চনত একেখন বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে ভাৰতৰ প্ৰথমটো ক্ল’ন কৰা পাশমিনা ছাগলী “নূৰী” জন্ম দিছিল। আৰু এতিয়া, জিন সম্পাদনা কৰা ভেড়াৰ সৃষ্টি তেওঁলোকৰ পৰৱৰ্তী পদক্ষেপ। ড০ গনাইয়ে কয় যে, বিশ্ববিদ্যালয়খনে ভাৰতৰ আটাইতকৈ উন্নত প্ৰজনন জৈৱ প্ৰযুক্তি কেন্দ্ৰ স্থাপনৰ দিশত কাম কৰি আছে।
SKUASTয়ে উদ্ভাৱন কৰা ভেড়া
এই কেন্দ্ৰটোৱে কৃত্ৰিম বুদ্ধিমত্তা, ষ্টেম চেল গৱেষণা, ভেকচিন বিকাশ, ট্ৰেন্সজেনিক গৱেষণা আৰু ক্ল’নিঙৰ দৰে অত্যাধুনিক ক্ষেত্ৰসমূহৰ গৱেষণাক প্ৰসাৰিত কৰিব।
জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাকো এই গুৰুত্বপূৰ্ণ সাফল্যৰ বিষয়ে অৱগত কৰা হয়। তেওঁ বিশ্ববিদ্যালয় আৰু গৱেষণা দলটোক অভিনন্দন জ্ঞাপন কৰি কয় যে এই গৱেষণাই অঞ্চলটোৰ আৰ্থ-সামাজিক প্ৰগতিৰ ক্ষেত্ৰত এক বৈপ্লৱিক ভূমিকা ল’ব পাৰে। যদিও এই ভেড়াটো বৰ্তমান কেৱল গৱেষণাৰ উদ্দেশ্যে প্ৰস্তুত কৰা হৈছে, বিজ্ঞানীসকলৰ মতে ভৱিষ্যতে এই প্ৰযুক্তি ব্যৱসায়িকভাৱেও ব্যৱহাৰ কৰিব পৰা যাব।
বিশেষকৈ ভাৰতৰ দৰে কৃষিভিত্তিক দেশত পশুপালন লাখ লাখ কৃষকৰ জীৱিকাৰ আধাৰত এই প্ৰযুক্তিয়ে বৃহৎ পৰিসৰত বিপ্লৱ কঢ়িয়াই আনিব পাৰে। SKUAST-এ নিশ্চিত কৰিছে যে জিন-সম্পাদনাৰ এই পৰীক্ষাত সকলো আন্তঃৰাষ্ট্ৰীয় জৈৱ সুৰক্ষা প্ৰট’কল অনুসৰণ কৰা হৈছিল। বিজ্ঞানীসকলে নৈতিকতা, পৰিৱেশ প্ৰভাৱ আৰু পশু কল্যাণক অগ্ৰাধিকাৰ দিছিল।
SKUASTয়ে উদ্ভাৱন কৰা এটি ভেড়াৰ সৈতে বৈজ্ঞানিকসকল
ড° শ্বাহে কয়, "আমাৰ লক্ষ্য কেৱল বৈজ্ঞানিক সফলতাই নহয়, আমাৰ গৱেষণাই সমাজত ইতিবাচক প্ৰভাৱ পেলোৱাটোও নিশ্চিত কৰে, আৰু এই জৈৱিক উদ্ভাৱন বহনক্ষম আৰু সমতাপূৰ্ণ।"
এই জিন সম্পাদিত ভেড়াৰ জন্ম কেৱল জীৱবিজ্ঞানৰ পৰীক্ষা নহয় বৰঞ্চ ভাৰতৰ জৈৱ প্ৰযুক্তি যাত্ৰাৰ এক ঐতিহাসিক মাইলৰ খুঁটিও। এই সফলতা সেই দিশত এক সুনিৰ্দিষ্ট পদক্ষেপ য’ত বিজ্ঞান, কৃষি আৰু প্ৰযুক্তিয়ে একত্ৰিত হৈ স্বাৱলম্বী আৰু বহনক্ষম ভাৰতৰ সপোন বাস্তৱায়িত কৰিব পাৰে। ভাৰতে এতিয়া কেৱল CRISPRৰ দৰে অত্যাধুনিক প্ৰযুক্তি আয়ত্ত কৰাই নহয়, স্থানীয় প্ৰয়োজন আৰু বিশ্ব মানদণ্ডৰ ক্ষেত্ৰতো প্ৰয়োগ কৰিছে—এইটোৱেই হৈছে উদ্ভাৱনৰ প্ৰকৃত সংজ্ঞা।