সমাজৰ তৃণমূল পৰ্যায়লৈ পৰিৱৰ্তন কঢ়িয়াই অনা জাহীৰ ফাৰুকীৰ কাহিনী

Story by  atv | Posted by  [email protected] • 1 d ago
সমাজৰ তৃণমূল পৰ্যায়লৈ পৰিৱৰ্তন কঢ়িয়াই অনা জাহীৰ ফাৰুকী
সমাজৰ তৃণমূল পৰ্যায়লৈ পৰিৱৰ্তন কঢ়িয়াই অনা জাহীৰ ফাৰুকী
 
চাকিব চেলিম

নেলছন মেণ্ডেলাই কৈছিল, “শিক্ষা হৈছে আটাইতকৈ শক্তিশালী অস্ত্ৰ যাৰ সহায়ত আপুনি পৃথিৱীখন সলনি কৰিব পাৰে।” উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰ জিলাৰ এখন সৰু চহৰ পুৰকাজিত নগৰ পঞ্চায়তৰ অধ্যক্ষ জাহীৰ ফাৰুকীয়ে এই ‘আটাইতকৈ শক্তিশালী অস্ত্ৰ’ৰে যুৱ প্ৰজন্মক সমৃদ্ধ কৰি তুলিছে। 

যিখন পৃথিৱীত ৰাজনীতিবিদসকলে ক্ষমতাৰ ব্যৱহাৰৰ জৰিয়তে ধন সঞ্চয় কৰাৰ বাবে কুখ্যাত হৈ পৰিছে, সেইখন পৃথিৱীত ফাৰুকীয়ে মুজাফ্ফৰনগৰত প্ৰথমখন ইণ্টাৰমিডিয়েট কলেজ (উচ্চতৰ মাধ্যমিক বিদ্যালয়) স্থাপনৰ বাবে ভূমিদান কৰাৰ প্ৰতিশ্ৰুতি দিছে। তেওঁৰ মালিকানাধীন এই মাটিৰ মূল্য ডেৰ কোটি টকা।

নিজেই এজন বিশিষ্ট কৃষক নেতা আৰু এজন অধিবক্তা ফাৰুকীয়ে চহৰখনত এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰয়োজনীয়তাৰ ওপৰত আজি কেইবছৰমানৰ পৰা গুৰুত্ব আৰোপ কৰি আহিছে, যিহেতু অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলে উচ্চ শিক্ষা গ্ৰহণৰ বাবে ওচৰৰ চহৰলৈ যাবলগীয়া হয়।
 

গাখীৰ খিৰাই থকা সময়ত ফাৰুকী
 
২০১৭ চনত যেতিয়া ফাৰুকী প্ৰথমবাৰৰ বাবে নগৰ পঞ্চায়তৰ অধ্যক্ষ নিৰ্বাচিত হৈছিল, তেতিয়াৰ পৰা শিক্ষা তেওঁৰ প্ৰচাৰৰ অন্যতম কেন্দ্ৰবিন্দু আছিল। প্ৰাথমিক শ্ৰেণীৰ ল’ৰা-ছোৱালীয়ে শ্ৰেণীকোঠাত চকী-টেবুল পোৱাটো নিশ্চিত কৰিছিল। শ্ৰেণীকোঠাবোৰকো স্মাৰ্ট শ্ৰেণীকোঠালৈ ৰূপান্তৰিত কৰা হৈছিল। এই প্ৰচেষ্টাসমূহৰ স্বীকৃতি স্বৰূপে বিদ্যালয়খন এতিয়া কেন্দ্ৰীয় চৰকাৰৰ পি এম শ্ৰী স্কুল আঁচনিৰ অধীনত সামৰি লোৱা হৈছে।

শিক্ষাৰ উপৰিও কৃষক সম্পৰ্কীয় বিষয়সমূহো তেওঁৰ কেন্দ্ৰবিন্দু। গৌশালা (গৰুৰ আশ্ৰয় শিবিৰ) সৃষ্টি আৰু ৰক্ষণাবেক্ষণৰ প্ৰতি মুছলমানসকলে কম আগ্ৰহ প্ৰকাশ কৰে বুলি প্ৰচলিত বিশ্বাস আছে। চৰকাৰে গৌশালা স্থাপনৰ বাবে ধন আবণ্টন দিয়াৰ পাছতো কেইবাখনো পঞ্চায়তে এই ধন ব্যৱহাৰ কৰাত ব্যৰ্থ হোৱাৰ বিপৰীতে আন কিছুমানে সৰু সৰু গৌশালা স্থাপন কৰিবলৈ সক্ষম হয়। ইয়াৰ বিপৰীতে ফাৰুকী নেতৃত্বাধীন পঞ্চায়তে এই ধন ব্যৱহাৰ কৰি দেশৰ প্ৰথমখন দুমহলীয়া চৰকাৰী মালিকানাধীন গৌশালা মুকলি কৰিছে।

এই গৌশালাত পোৱালি, গৰ্ভৱতী গৰু, আঘাতপ্ৰাপ্ত গৰু, আৰু বৃদ্ধ গৰুৰ বাবে সুকীয়া স্থান আছে। ইয়াত বিদ্যুতৰ বাবে সৌৰ পেনেল আৰু খাদ্য কটা মেচিন আছে। এগৰাকী পশু চিকিৎসকে দৈনিক গৌশালাত স্বাস্থ্য পৰীক্ষা কৰে। ইয়াৰ উপৰিও গৰুৰ গোবৰক সাৰলৈ ৰূপান্তৰিত কৰা হয়, যিটো পৰৱৰ্তী সময়ত বিক্ৰী কৰি গৌশালাৰ ৰক্ষণাবেক্ষণৰ বাবে অতিৰিক্ত ৰাজহ আহৰণ কৰা হয়।
 

নিৰ্বাচনী প্ৰচাৰ সভাৰ সমবেত হোৱা লোক
 
নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ পঞ্চায়তখনে অপৰাধৰ বিৰুদ্ধে যুঁজিবলৈ চহৰখনৰ বিভিন্ন স্থানত ইণ্টাৰনেট প্ৰচেছিং ক্ল’জড চাৰ্কিট টেলিভিছন (I.P C.C.T.V) কেমেৰা স্থাপন কৰিছিল। বাহনৰ নম্বৰ প্লেট পঢ়িব পৰা এই কেমেৰাবোৰো চহৰৰ সকলো প্ৰৱেশ আৰু প্ৰস্থান স্থানতে স্থাপন কৰা হৈছে।

এই পদক্ষেপে প্ৰথম সফলতা লাভ কৰে যেতিয়া মুজাফ্ফনগৰ আৰক্ষীয়ে উত্তৰাখণ্ডৰ এজন ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰে, যিয়ে পুৰকাজৰ সমীপত ছয় বছৰীয়া দলিত কিশোৰীক যৌন নিৰ্যাতন চলাইছিল। স্থানীয় দৰ্জী তনবীৰ আলমে উল্লেখ কৰে যে উত্তৰাখণ্ড আৰক্ষীয়ে গোচৰ সমাধানত সহায় কৰিবলৈ কেমেৰা ব্যৱহাৰ কৰে। 

চহৰখনৰ অসংখ্য মহিলাই এই কেমেৰাৰ উপস্থিতিয়ে মহিলাসকলৰ সুৰক্ষা বৃদ্ধি কৰা বুলি প্ৰকাশ কৰে। প্ৰতিটো কেমেৰাত লাউডস্পীকাৰ লগোৱা হৈছে। চৰকাৰী নীতিৰ বিষয়ে জনসাধাৰণক অৱগত কৰিবলৈ আৰু জৰুৰীকালীন অৱস্থাত সতৰ্কবাণী প্ৰদান কৰিবলৈ এই ব্যৱস্থা ব্যৱহাৰ কৰা হয়।
 

মহিলা জিমৰ সন্মুখত অঞ্চলটোৰ স্বাস্থ্য সজাগ একাংশ মহিলা
প্ৰথমবাৰৰ বাবে মহিলা জিম স্থাপনে গ্ৰাম্য মহিলাসকলৰ মাজত বিশেষকৈ মুছলমান মহিলাৰ মাজত স্বাস্থ্য আৰু ফিটনেছৰ সজাগতা বৃদ্ধি কৰিছে। আনহাতে, নিৰাপত্তা কেমেৰাই মহিলাৰ সুৰক্ষা নিশ্চিত কৰিছে। চৰকাৰৰ পুঁজিৰে এই পঞ্চায়তে ২০১৯ চনত জিমটো মুকলি কৰে, যিটো সম্প্ৰদায়ত মহিলাসকলে পৰম্পৰাগতভাৱে পূৰদাহ পালন কৰে, সেই সম্প্ৰদায়ত ইয়াৰ কাৰ্য্যক্ষমতাৰ সন্দৰ্ভত প্ৰাৰম্ভিক সন্দেহৰ সৃষ্টি হৈছিল।

প্ৰশিক্ষক শ্বাহীন উছমানীয়ে বুৰ্খা পিন্ধি জিমত উপস্থিত হয় যদিও তেওঁ জিমৰ ভিতৰত বুৰ্খা আঁতৰাই দিয়ে। উছমানীয়ে লক্ষ্য কৰিছে, 'কিয় মই বুজাব নোৱাৰো, কিন্তু জিমে চহৰখনৰ মহিলাসকলৰ প্ৰজনন স্বাস্থ্য বহু পৰিমাণে বৃদ্ধি কৰিছে। বৰ্তমান জিমটোত প্ৰায় এশজন সদস্য আছে।'
 

নিৰ্বাচনী প্ৰচাৰ সভাত ফাৰুকী
 
ফাৰুকীৰ নেতৃত্বত পুৰকাজিৰ বাসিন্দাসকলে সুলিৱালা বাগ (ফাঁচী দিয়া স্থান)ক তীৰ্থস্থানলৈ ৰূপান্তৰিত কৰিছে। ১৮৫৭ চনত ৰাষ্ট্ৰীয় স্বাধীনতাৰ প্ৰথম যুদ্ধৰ সময়ত ভাৰতীয় বিপ্লৱীসকলক ফাঁচী দিয়াৰ সাক্ষী এই স্থান। বছৰি ১৫ আগষ্ট আৰু ২৬ জানুৱাৰীত ভাৰতৰ যিকোনো নগৰ পঞ্চায়তৰ অন্যতম বৃহৎ ত্ৰিৰংগা যাত্ৰা বুলি দাবী কৰা এই স্থানত হাজাৰ হাজাৰ লোক সমবেত হয়।

জাহীৰ ফাৰুকী এনেকুৱা এগৰাকী ভাৰতীয় মুছলমান যিয়ে সমাজৰ তৃণমূল পৰ্যায়লৈ পৰিৱৰ্তন কঢ়িয়াই আনিছে। তেওঁ সাধাৰণ মানুহক চৰকাৰী আঁচনি আৰু পুঁজিৰ সুবিধা ল’বলৈ সহায় কৰি আছে। যুৱক-যুৱতীসকলক শিক্ষা, মহিলাৰ স্বাস্থ্য, অপৰাধ নিৰ্মূল, সকলোৰে মাজত দেশপ্ৰেমৰ বীজ সিঁচি দিয়া আৰু হিন্দু মুছলমান ঐক্য তেওঁৰ কিছুমান মূল কেন্দ্ৰবিন্দু।