ডাঃ ফাৰাহ উছমানী: এগৰাকী ব্যতিক্ৰমী চিকিৎসকৰ দুসাহসিক কাহিনী

Story by  atv | Posted by  Munni Begum • 1 d ago
ডাঃ ফাৰাহ উছমানী
ডাঃ ফাৰাহ উছমানী

অনিকা মহেশ্বৰী
 
সেয়া আছিল পুৱাৰ সময়। শৰতৰ বতাহজাকে নিউয়ৰ্কৰ ৰাজপথৰ মাজেৰে বৈ আহিছিল। এপাৰ্টমেণ্ট এটাৰ বাহিৰত, ওখ অট্টালিকাৰ ছাঁত থিয় হৈ এগৰাকী মহিলাই হাতত ফোল্ডাৰ এটা লৈ আছিল, মুখখন অলপ ভাগৰুৱা হৈ আছিল যদিও দৃঢ়তাৰে চকু দুটা জিলিকি উঠিছিল। সেই মহিলাগৰাকী আছিল ডাঃ ফাৰাহ উছমানী। 
 
ভাৰতৰ উত্তৰ প্ৰদেশৰ এইগৰাকী কন্যাই এতিয়া বিশ্ব মঞ্চত উন্নয়ন, সৱলীকৰণ আৰু নেতৃত্ব দক্ষতাৰ ধ্বজা উৰুৱাইছে। এইটো কেৱল এজন ডাক্তৰৰ কাহিনী নহয়, ই এটা চিন্তাৰ কাহিনী, এটা সপোনৰ কাহিনী, আৰু সেই সপোনক বাস্তৱত পৰিণত কৰাৰ কাহিনী।
 
উল্লেখ্য যে, ফাৰাহ উত্তৰ প্ৰদেশৰ এটা সাধাৰণ মুছলমান পৰিয়ালত ডাঙৰ-দীঘল হৈছিল। তেওঁৰ পৰিয়ালত শিক্ষাক সদায় অগ্ৰাধিকাৰ দিয়া হৈছিল। আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ জৱাহৰলাল নেহৰু চিকিৎসা মহাবিদ্যালয়ৰ পৰা তেওঁ প্ৰসূতি আৰু স্ত্ৰীৰোগ বিশেষজ্ঞ হিচাপে চিকিৎসা  বিজ্ঞানৰ ডিগ্ৰী সম্পূৰ্ণ কৰে। 
 
স্বামী জাভেদ উছমানীৰ সৈতে ডাঃ ফাৰাহ উছমানী
 
কিন্তু তেওঁৰ দৃষ্টি আছিল চিকিৎসালয়ৰ দেৱালৰ সিপাৰে। তেওঁ স্বাস্থ্য নীতি সলনি কৰাৰ সপোন দেখিছিল। সেয়ে, লণ্ডন স্কুল অৱ ইকনমিক্স আৰু লণ্ডন স্কুল অৱ হাইজিন এণ্ড ট্ৰপিকেল মেডিচিনৰ পৰা স্বাস্থ্য নীতি, পৰিকল্পনা আৰু বিত্তীয় বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।
 
যেতিয়া ফাৰাহে ৰাষ্ট্ৰসংঘৰ চাকৰিৰ বাবে নিউয়ৰ্কলৈ যোৱাৰ সিদ্ধান্ত লৈছিল, তেতিয়া সেয়া কেৱল কেৰিয়াৰৰ পদক্ষেপ নাছিল—ই আছিল সমাজৰ চিন্তাধাৰাক প্ৰত্যাহ্বান জনোৱা সিদ্ধান্ত। “মহিলাসকলে অকলে ইমান দূৰ যাত্ৰা কৰিব লাগেনে? ল’ৰা-ছোৱালীবোৰৰ কি হ’ব? স্বামীয়ে কি ক’ব?”—এই প্ৰশ্নবোৰে তেওঁৰ বাটত হেঙাৰ হৈ দেখা দিছিল। কিন্তু ফাৰাহে জানিছিল যে তেওঁ যদি কোনো পৰিৱৰ্তন আনিব বিচাৰে তেন্তে তেওঁ প্ৰথমে নিজকে সলনি কৰিব লাগিব।
 
২০০৭ চনত যেতিয়া তেওঁ নিউয়ৰ্কলৈ গুচি আহিছিল, তেতিয়া আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আছিল এটা ঘৰ। কিন্তু ই কেৱল ইটা আৰু শিলৰ এটা সাধাৰণ ঘৰ নাছিল, ই আছিল সেই ভেটি যাৰ ওপৰত ফাৰাহে নিজৰ স্বাধীনতা, আত্মনিৰ্ভৰশীলতা আৰু আৰ্থিক জ্ঞানৰ দেৱাল নিৰ্মাণ কৰিবলৈ ওলাইছিল।
 
ঘৰ বিচাৰি থাকোঁতে যেতিয়া ফাৰাহ ভাড়াৰ পৰিমাণ শুনি থতমত খালে, তেতিয়া তেওঁ প্ৰথমবাৰৰ বাবে মনতে কৈছিল, “আৰু নহ'ব।” তাৰ পিছতে তেওঁ ৰাষ্ট্ৰসংঘৰ ফেডাৰেল ক্ৰেডিট ইউনিয়নৰ পৰা কম সুতৰ ঋণ লৈ মানহাটানৰ মাজমজিয়াত এটা এপাৰ্টমেণ্ট কিনিলে, সেইটোও সেই সময়ত যেতিয়া বেছিভাগ মহিলাই ভাড়ামুক্ত মানসিকতাৰে জীৱন কটাবলগীয়া হৈছিল।
 
ডাঃ ফাৰাহ উছমানী
 
এই সিদ্ধান্তই তেওঁৰ জীৱনৰ টাৰ্নিং পইণ্ট হৈ পৰিল। আজি ১৫ বছৰৰ পাছত তেওঁ এক ঋণমুক্ত গৃহস্বত্বাধিকাৰী হোৱাৰ দিশত আগবাঢ়িছে। এয়া কেৱল ঘৰ নহয়, তেওঁৰ চিন্তা আৰু সংগ্ৰামৰ আটাইতকৈ ডাঙৰ উদাহৰণ। ড০ উছমানীয়ে ইউএনএফপিএ (ৰাষ্ট্ৰসংঘৰ জনসংখ্যা পুঁজি)ত মহিলা আৰু ছোৱালীৰ অধিকাৰৰ ওপৰত কাম কৰাৰ লগতে ৫০খনতকৈও অধিক দেশৰ নীতি, পৰিকল্পনা, কাৰিকৰী নেতৃত্ব আৰু স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
 
তেওঁ নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় অসামৰিক সেৱাত সঞ্চালক পৰ্যায়ত উপনীত হোৱা ভাৰতৰ পৰা প্ৰথমগৰাকী মুছলমান মহিলা হিচাপে পৰিগণিত হয়। তেওঁ দেখিলে যে প্ৰতিটো মঞ্চত মুছলমান মহিলাৰ ভাবমূৰ্তি এটা বিশেষ ৰক্ষণশীল কাঠামোত সীমাবদ্ধ হৈ আছে। এই কু-সংস্কাৰ ভংগ কৰিবলৈ ফাৰাহে উদ্যোগ লৈছিল।
 
“আমাৰ সপোনবোৰ বোৰ্খাৰ মাজতে সীমাবদ্ধ কিয়?” এই প্ৰশ্নৰ পৰা অনুপ্ৰাণিত হৈ ড০ ফাৰাহ উছমানীয়ে আৰম্ভ কৰিলে ৰাইজিং বিয়ণ্ড দ্য চিলিং। এয়া আছিল ভাৰতীয় মুছলমান মহিলাসকলৰ কৃতিত্বক উজ্জ্বল কৰি তোলা, তেওঁলোকৰ লুকাই থকা কাহিনী উন্মোচন কৰা আৰু সমাজত প্ৰচলিত কু-সংস্কাৰক প্ৰত্যাহ্বান জনোৱা এক বিশ্বব্যাপী পদক্ষেপ।
 
এই পদক্ষেপ কেৱল কিতাপ বা ভাষণতে সীমাবদ্ধ নাথাকে আৰু ই এক আন্দোলনলৈ পৰিণত হ’ল। সৰু চহৰ এখনত বহি ডাঙৰ পৃথিৱীখন চোৱাৰ সপোন দেখা মহিলাসকলৰ বাবে ই হৈ পৰিল আশাৰ ৰেঙনি। ডাঃ উছমানীৰ মতে ধন কেৱল এটা প্ৰয়োজনীয়তা নহয়, ই এক শক্তি। তেওঁ কয়, “টকাক ভয় কৰাৰ পৰিৱৰ্তে আমি টকাৰ লগত বন্ধুত্ব কৰা উচিত।" স্বামীয়ে তেওঁক শিকাইছিল যে যিবোৰ টকা ৰিটাৰ্ণ উপাৰ্জন কৰা নাই, সেইবোৰ টকা লাহে লাহে নাইকিয়া হৈ গৈ আছে। 
 
ৰাইজিং বিয়ণ্ড দ্য চিলিঙৰ তালিকাত স্থান পোৱা কেইগৰাকীমান ভাৰতীয় মুছলমান মহিলা
 
আৰু তাৰ পৰাই আৰম্ভ হৈছিল তেওঁৰ আৰ্থিক সাক্ষৰতাৰ যাত্ৰা। তেওঁ কৰমুক্ত সঞ্চয়, এফ ডি, এন আৰ ই জমা ধনত বিনিয়োগ কৰিবলৈ আৰম্ভ কৰিলে। এতিয়া তেওঁৰ কন্যা ছাবাও মানহাটানত ৰিয়েল এষ্টেট বিনিয়োগকাৰী হৈ পৰিছে। এয়া কেৱল অৰ্থনৈতিক উত্তৰাধিকাৰ নহয়, চিন্তাৰ উত্তৰাধিকাৰ–প্ৰজন্মৰ পিছত প্ৰজন্ম সবলীকৰণৰ সুন্দৰ কাহিনী।
 
উল্লেখ্য যে, ডাঃ উছমানীয়ে বিশ্ব বেংক আৰু ব্ৰিটিছ কাউন্সিলৰ পৰা মেৰিট ফেল’শ্বিপ, ২০২১ চনৰ মহাত্মা বঁটাকে ধৰি বহু সন্মান লাভ কৰিছে। মহিলা, সংখ্যালঘু আৰু পিছপৰা ছোৱালীৰ অধিকাৰৰ বাবে তেওঁ বিশ্বজুৰি কাম কৰি আহিছে।ডাঃ উছমানী হৈছে পিছপৰা মহিলা আৰু ছোৱালীৰ বাবে কাম কৰা দাতব্য সংস্থা SAFAR (Supporting Action for Advancement and Rights)-ৰ গ্ল’বেল ভাইচ প্ৰেচিডেণ্টো। তেওঁ কয়, “আমাৰ মা-আইতাই বিচনাৰ তলত লুকুৱাই ৰখা ধনসমূহ কেৱল মুদ্ৰা নাছিল, ই আছিল তেওঁলোকৰ আত্মনিৰ্ভৰশীল হোৱাৰ প্ৰয়াস। এতিয়া সময় হৈছে মহিলাসকলে ধনক লাজ নহয়, শক্তি বুলি গণ্য কৰা উচিত।”
 
তেওঁৰ চিন্তাধাৰা, সংগ্ৰাম আৰু হাঁহিটো মুকলি আকাশত উৰিব বিচৰা প্ৰতিগৰাকী নাৰীৰ বাবে এক প্ৰেৰণা। ড° ফাৰাহ উছমানীৰ কাহিনীটো উপন্যাসৰ দৰেই - য'ত আছে সংগ্ৰাম, দৃঢ়প্ৰতিজ্ঞ নায়িকা, পৰিৱৰ্তনৰ যাত্ৰা আৰু শেষত পোহৰৰ দিশে আগবাঢ়ি যোৱা এক বাট।
 
এই কাহিনীটোৱে আমাক শিকায় যে সাহস থাকিলে ঘৰৰ চাৰিখন বেৰো পৃথিৱীৰ আটাইতকৈ ওখ অট্টালিকাৰ চাল হ’ব পাৰে। আৰু এগৰাকী নাৰীয়ে যেতিয়া নিজৰ পৰিচয় সৃষ্টি কৰে, কেৱল নিজৰ বাবেই নহয়, আগন্তুক প্ৰতিটো প্ৰজন্মৰ বাবেও বাট মুকলি কৰে। কাৰণ প্ৰকৃত সবলীকৰণ তেতিয়াহে ঘটে যেতিয়া এগৰাকী মহিলাই কয়-"আৰু নহ'ব...এতিয়া মই নিজৰ দিশ নিজেই নিৰ্ধাৰণ কৰিম।"