ড০ শৰৎ বৰকটকী
ভাষা হৈছে সময়, সংস্কৃতি আৰু গতিশীল সমাজৰ সৈতে যোগাযোগৰ এক জীৱন্ত বিকশিত ৰূপ। ভাষা বিকাশৰ অন্যতম মনোমোহা দিশ হ’ল বিদেশী শব্দ— যাক ঋণ বা ধাৰ লোৱা শব্দ বুলি জনা যায়; যিবোৰ শব্দ থলুৱা ভাষাত অন্তৰ্ভুক্ত হয়। এই ধাৰ লোৱা শব্দবোৰে ভাষা এটাৰ শব্দভাণ্ডাৰক সমৃদ্ধ কৰে, প্ৰকাশৰ ব্যৱধান পূৰণ কৰে আৰু জনগোষ্ঠীসমূহৰ মাজত ঐতিহাসিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক আদান-প্ৰদানক প্ৰতিফলিত কৰে।
বাণিজ্য, ভ্ৰমণ, উপনিবেশিক শাসন বা প্ৰব্ৰজনৰ জৰিয়তে মানু্হৰ যেতিয়া এখন দেশৰ লগত আন এখন দেশৰ সংযোগ ঘটে তেতিয়া সাধাৰণ বস্তু, খাদ্য আৰু পৰম্পৰাৰ ভাগ-বতৰা কৰে। কোনো ভাষাত বিদ্যমান শব্দ নথকা, নতুন ধাৰণা বা বস্তুবোৰক প্ৰায়ে মূল শব্দটো ব্যৱহাৰ কৰি নামকৰণ কৰা হয়। উদাহৰণস্বৰূপে, ইংৰাজী শব্দ চুছি (Sushi) জাপানী ভাষাৰ পৰা আহিছে, ই হৈছে ৰঙা ভিনেগাৰ আৰু চাউলৰ সৈতে ৰন্ধা এবিধ খাদ্য। একেদৰে কিমচি হৈছে দক্ষিণ কোৰিয়াৰ এবিধ খাদ্য।
গ্ৰন্থমেলাৰ এখন বিপণি
এই শব্দবোৰ অক্সফোৰ্ড অভিধানত সোমাই পৰিছে। পিয়ানো শব্দটো ইটালী ভাষাৰ পৰা আহিছে। গৰুৰ ইংৰাজী "কাউ"। কিন্তু গৰুৰ মাংসৰ ইংৰাজী হৈছে "বীফ"। বীফ শব্দটো ফৰাচী ভাষাৰ পৰা আহিছে। ছাগলীক ইংৰাজীত "গ'ট" কোৱা হয়, ভেড়া হৈছে "শ্বীপ"। কিন্তু ভেড়া বা ছাগলীৰ মঙহৰ ইংৰাজী হৈছে "মাটন"। মাটন হৈছে ফৰাচী শব্দ। দশম, একাদশ শতিকাত ইংৰাজসকল যেতিয়া ফৰাছীসকলৰ অধীনত আছিল তেতিয়াই ফৰাছী শব্দ ইংৰাজী ভাষাত সোমাইছিল।
অনুবাদ অবিহনেও কেতিয়াবা বিদেশী শব্দবোৰ দৈনন্দিন কথনৰ অংশ হৈ পৰে। বিশ্বায়নেও বিদেশী শব্দৰ প্ৰসাৰ ত্বৰান্বিত কৰিছে। প্ৰযুক্তি, সংবাদ মাধ্যম আৰু আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ৰ জৰিয়তে পৃথিৱীখন অধিক আন্তঃসংযোগী হৈ পৰাৰ লগে লগে বিভিন্ন দেশৰ ভাষাসমূহে অন্য ভাষাৰ পৰা সঘনাই ঋণ লয়।
উদাহৰণস্বৰূপে ইংৰাজী শব্দ কম্পিউটাৰ, ইণ্টাৰনেট, চফট্ ৱেৰৰ দৰে শব্দ আন কেইবাটাও ভাষাৰ অভিধানত সোমাই পৰিছে। পৃথিৱীত যিমানবোৰ ভাষা আছে সেইবোৰৰ ভিতৰত বিদেশীমূলীয় শব্দেৰে চহকী হোৱা ভাষাটো হৈছে ইংৰাজী৷ গৱেষক, অধ্যাপক ড০ জ্যোতিৰ্ময় জানাই কৈছে যে, পৃথিৱীৰ প্ৰতিটো জীৱন্ত আৰু গতিশীল ভাষাত প্ৰতিৱেশী আৰু বিদেশী ভাষাৰ অগণন শব্দ সোমাই আছে। ইংৰাজী ভাষাত সোমোৱা বিদেশী শব্দবোৰ যদি ইংৰাজসকলে আজি আঁতৰাই দিয়ে, তেনেহলে ইংৰাজী ভাষাৰ মৃত্যু হ'ব।
ভাষা ঋণ লোৱাতো ঔপনিৱেশিক ইতিহাসে মুখ্য ভূমিকা পালন কৰি আহিছে। উদাহৰণ স্বৰূপে ইংৰাজ সকলে ভাৰতত শাসন কৰা সময়ত গুৰু, কৰ্ম ,বাংলো, শ্বেম্পু, পায়জামা আদি বহুতো ভাৰতীয় শব্দ গ্ৰহণ কৰিছিল আৰু ইংৰাজী অভিধানত ঠাই দিছিল। এতিয়া "বিন্দাছ" শব্দ অক্সফোৰ্ড অভিধানত সোমাইছে। শব্দটোৰ অৰ্থ দিছে নিৰ্বিকাৰ, শিথিল আৰু সামাজিক নীতি-নিয়ম চিন্তা নকৰা ব্যক্তিক বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰা হয়। মাৰাঠী ভাষাৰ পৰা উদ্ভৱ হোৱা এই শব্দটো হিন্দী ভাষাত সোমাইছিল।
পাঠশালা সাহিত্য সভা অধিবেশনৰ এক দৃশ্য
একেদৰে খাকী (উৰ্দুৰ পৰা, অৰ্থাৎ ধূলিময় বা মাটিৰ ৰং), আৰু শাৰী আদি শব্দ অক্সফৰ্ড অভিধানত অন্তৰ্ভুক্ত কৰা হৈছে। ভাৰতীয় ৰীতি-নীতিৰ সন্মুখীন হোৱা ঔপনিৱেশিক প্ৰশাসক, সৈনিক, ভ্ৰমণকাৰীৰ জৰিয়তে এই শব্দবোৰ ইংৰাজীত প্ৰৱেশ কৰিছিল। অক্সফৰ্ড অভিধানত ভাৰতীয় শব্দই ভাৰতীয় সংস্কৃতিৰ সমৃদ্ধি আৰু ইয়াৰ বিশ্বব্যাপী প্ৰভাৱ প্ৰতিফলিত কৰিছে। একেদৰে বহুতো বিদেশী শব্দ বঙালী ভাষাতো সোমাইছে। কাজী আবদুল ওদুদৰ 'ব্যৱহাৰিক শব্দকোষ'ত বঙালী ভাষাত কেনেকৈ দেশী বিদেশী শব্দৰ সংযোজন হৈছে সেই বিষয়ে আছে।
শ্ৰীহৰিচৰণ বন্দ্যোপাধ্যায় দ্বাৰা সংকলিত বঙ্গীয় শব্দকোষৰ দুয়োটা খণ্ডতে প্ৰাচীন আৰু আধুনিক বাংলা শব্দ, প্ৰাদেশিক শব্দ, ব্যুৎপত্তি আৰু সংস্কৃত শব্দ, হিন্দী ,মাৰাঠী ,গুজৰাটী ,সিন্ধি ইত্যাদিৰ সৈতে মিল থকা ,মূল সংস্কৃত আৰু প্ৰাদেশিক ভাষাৰ শব্দ, জমিন্দৰী মহাজনী দৰবাৰৰ শব্দ, আৰবী আৰু পাৰ্চী শব্দ, ইংৰাজী শব্দ কেনেকৈ সোমাইছে তাৰ উদাহৰণ সৈতে আছে ।
একে সময়তে ভাৰতীয় ভাষাই ইংৰাজী শব্দভাণ্ডাৰ গ্ৰহণ কৰিছিল। তাৰ আন এটা কাৰণ হ’ল সংবাদ মাধ্যমৰ প্ৰভাৱ। সংগীত, চিনেমা, দূৰদৰ্শন, সামাজিক মাধ্যমে বিদেশী শব্দ জনপ্ৰিয় কৰাত সহায় কৰিছে। বিশেষকৈ যুৱক-যুৱতীসকলে গীত বা সামাজিক মাধ্যমৰ প্ৰভাৱশালীসকলৰ প্ৰকাশভংগীৰ মাজত বিদেশী শব্দ গ্ৰহণ কৰাৰ প্ৰৱণতা থাকে, যিবোৰ প্ৰায়ে পিছলৈ সাধাৰণ দৈনন্দিন কথা-বতৰাৰ অংশ হৈ পৰে।
এক কথাত ক’ব পাৰি যে শব্দ ধাৰলৈ লোৱাটো ভাষাৰ বিৱৰ্তনৰ এক স্বাভাৱিক অংগ। কোনো ভাষায়েই সম্পূৰ্ণ বিশুদ্ধ বা বিচ্ছিন্ন নহয়। বিদেশী শব্দৰ অন্তৰ্ভুক্তিয়ে অভিযোজন ক্ষমতা আৰু ভাষা এটাৰ বৃদ্ধি আৰু পৰিৱৰ্তন হোৱাৰ ক্ষমতা প্ৰতিফলিত কৰে আৰু ভাষাসমূহক অধিক চহকী, অধিক নমনীয় আৰু বহল বিশ্বৰ সৈতে অধিক সংযুক্ত কৰি তোলে। এই ভাষিক মিশ্ৰণ সাংস্কৃতিক বৈচিত্ৰ্যৰ চিন আৰু সংস্কৃতিৰ দৰেই ভাষাও যে সদায় পৰিৱৰ্তিত হৈ থাকে তাৰ প্ৰমান বহন কৰে।
অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়
ভাৰতীয় খাদ্যই ইংৰাজী অভিধানত একাধিক শব্দৰ সংযোগ কৰিছিল। বিশেষকৈ ভাৰতীয় খাদ্যই সমগ্ৰ বিশ্বতে জনপ্ৰিয়তা লাভ কৰাৰ লগে লগে তৰকাৰী, চাটনি, তন্দুৰী, বিৰিয়ানী, মছলা আদি শব্দ বিশ্বজুৰি ঘৰুৱা শব্দ হৈ পৰিছে। এই ৰান্ধনীশালৰ শব্দবোৰে কেৱল ভাৰতীয় খাদ্যক প্ৰতিনিধিত্ব কৰাই নহয় ভাৰতীয় মছলা আৰু ৰন্ধন পদ্ধতিৰ বৈচিত্ৰ্য আৰু সমৃদ্ধিও প্ৰদৰ্শন কৰে।
ভাৰতৰ ৰাষ্ট্ৰভাষা হিন্দীৰ ভাষিক ঐতিহ্য চহকী আৰু বৈচিত্ৰময়। বিভিন্ন সংস্কৃতি আৰু ভাষাৰ সৈতে হোৱা পাৰস্পৰিক ক্ৰিয়াৰ জৰিয়তে ইয়াৰ বিকাশ শতিকা জুৰি হৈছে। হিন্দীৰ ওপৰত পৰা বহুতো প্ৰভাৱৰ ভিতৰত আৰবী আৰু উৰ্দুই বিশেষকৈ শব্দভাণ্ডাৰ, সাহিত্য আৰু দৈনন্দিন বাক্যৰ ক্ষেত্ৰত উল্লেখযোগ্য স্থান লাভ কৰিছে।
হিন্দীত আৰবী আৰু উৰ্দু ভাষাৰ প্ৰভাৱ ভাৰতত বিশেষকৈ দিল্লী চুলতান আৰু মোগল যুগত ইছলামিক শাসকসকলৰ আগমনৰ পৰাই আৰম্ভ হৈছিল। আৰবী ভাষাই মূলতঃ ধৰ্মীয়, পণ্ডিত আৰু প্ৰশাসনিক গ্ৰন্থৰ জৰিয়তে উপমহাদেশখনত প্ৰৱেশ কৰিছিল, আনহাতে উৰ্দু ভাষাই পাৰ্চী, আৰবী, তুৰ্কী আৰু স্থানীয় উপভাষাৰ উপাদানসমূহৰ সংমিশ্ৰণেৰে এক সংমিশ্ৰণমূলক ভাষা হিচাপে বিকশিত হৈছিল।
মূলতঃ ধৰ্ম, প্ৰশাসন, শিক্ষাৰ ক্ষেত্ৰত আৰবী ভাষাই হিন্দী ভাষাৰ শব্দভাণ্ডাৰত যথেষ্ট অৰিহণা যোগাইছিল। কিতাব (কিতাপ), ইলম (জ্ঞান), তাৰিখ (ইতিহাস), হুকুমত (চৰকাৰ), আৰু ইনছাফ (ন্যায়) আদি শব্দ আজি হিন্দীত বহুলভাৱে ব্যৱহাৰ কৰা হয়। অথচ ব্যৱহাৰকাৰীয়ে ইয়াৰ আৰবী উৎপত্তিৰ কথা আজি উপলব্ধি নকৰে। কেতবোৰ শব্দ পাৰ্চী আৰু উৰ্দুৰ যোগেদি হিন্দীলৈ আহিছিল, ভাষিক সেতু হিচাপে কাম কৰিছিল।
বিদেশী ভাষা আৰু পেছাদাৰী প্ৰশিক্ষণ প্ৰদান এক অনুষ্ঠান
হিন্দীৰ সাংস্কৃতিক ভাতৃ বুলি অভিহিত কৰা উৰ্দুৰ ব্যাকৰণগত গাঁথনি হিন্দীৰ সৈতে বেলেগ যদিও যুগ যুগ ধৰি চলি থকা সহাৱস্থান আৰু সাংস্কৃতিক আদান-প্ৰদানৰ বাবে বহু উৰ্দু শব্দ হিন্দীলৈ বিয়পি পৰিছে। হিন্দী সাহিত্য, চিনেমা, সংগীত, আৰু দৈনন্দিন কথা-বতৰাত মহব্বত (প্ৰেম), দিল (হৃদয়), শুক্ৰিয়া (ধন্যবাদ), জিন্দাগী (জীৱন), আৰু খুছি (সুখ) আদি শব্দৰে ভৰি থাকে। উৰ্দু ভাষাৰ গীতিময় গুণ আৰু কাব্যিক স্বৰূপে প্ৰকাশভংগী আৰু আৱেগিক প্ৰসংগত এই শব্দবোৰ বিশেষভাৱে জনপ্ৰিয় কৰি তুলিছে। উৰ্দু ভাষাটো হিন্দী শব্দ সোমাইছে।
আৰবী আৰু উৰ্দু শব্দৰ অন্তৰ্ভুক্তিয়ে হিন্দী ভাষাৰ প্ৰকাশভংগীৰ ক্ষমতা সমৃদ্ধ কৰিছে। ইয়াৰ ফলত যোগাযোগৰ ক্ষেত্ৰত অধিক সূক্ষ্মতা, আড়ম্বৰ আৰু বৈচিত্ৰ্যৰ সুবিধা হৈছে। হিন্দী কবিতা, বলীউডৰ গীত, আনকি ৰাজনৈতিক ভাষণতো উৰ্দু শব্দভাণ্ডাৰৰ ব্যৱহাৰে গভীৰতা বৃদ্ধি কৰে। তদুপৰি, এই ভাষিক মিশ্ৰণ ভাৰতৰ সংমিশ্ৰিত সংস্কৃতি আৰু বহুত্ববাদৰ ইতিহাসৰ প্ৰতীক।
সমসাময়িক সময়ত ভাষাৰ বিশুদ্ধতা আৰু "শুদ্ধ হিন্দী" (বিশুদ্ধ হিন্দী) আৰু "হিন্দুস্তানী" (হিন্দী আৰু উৰ্দুৰ মিশ্ৰণ)ৰ মাজত পাৰ্থক্যক লৈ বিতৰ্ক বাঢ়িছে। কিছুমানে সংস্কৃত হিন্দীৰ পোষকতা কৰিলেও বাস্তৱতা হ’ল সাধাৰণ মানুহৰ ভাষা—ঘৰ, ৰাজপথ, ছবিত কোৱা হিন্দী—আৰবী আৰু উৰ্দু শব্দৰে প্ৰচুৰ সোৱাদযুক্ত প্ৰাকৃতিক মিশ্ৰণ হৈয়েই আছে।
হিন্দীত আৰবী আৰু উৰ্দু শব্দৰ উপস্থিতি কেৱল ভাষিক বৈশিষ্ট্য নহয়; ই ভাৰতীয় উপমহাদেশৰ সম্প্ৰদায়সমূহক বান্ধি ৰখা ঐতিহাসিক, সাংস্কৃতিক আৰু আৱেগিক সম্পৰ্কৰ প্ৰমাণ। এই ভাষিক সংযোজনে ভাৰতৰ বৈচিত্ৰ্যৰ ঐক্যক প্ৰতিফলিত কৰে । এনে আদান-প্ৰদানৰ জৰিয়তে ভাষাৰ বিকাশ হয় আৰু হিন্দী ভাষা এই গতিশীল বিৱৰ্তনৰ এক সজীৱ উদাহৰণ। অসমীয়া ভাষাত বহু শব্দ বিভিন্ন ভাষাৰ পৰা আহি বিভিন্ন সময়ত সোমাইছে আৰু এতিয়া ভাষাৰ অংশ হৈ পৰিছে। বিশেষভাৱে ইংৰাজী, হিন্দী, বাংলা, ফৰাচী, উৰ্দু, আৰবী আদি ভাষাৰ শব্দ অসমীয়া অভিধানত সোমাইছে। এই শব্দবোৰ আজি অসমীয়া শব্দভাণ্ডাৰৰ এটা অবিচ্ছেদ্য অংগ হৈ পৰিছে।
শিক্ষাৰ্থী থকা এটি শ্ৰেণী কোঠাৰ দৃশ্য
অসমীয়া ভাষাত বিদেশী শব্দৰ কিছু উদাহৰণ এনেধৰণৰঃ ইংৰাজীৰ পৰা আহিছে টেবুল, কলেজ, চুপ, কাপ-প্লেট, কম্পিউটাৰ, স্কেল, টাৱেল, ৱাইন ,পেন, চিনেমা, টেলিভিছন, মোবাইল, চফ্টৱেৰ, মাউচ, কাউন্টাৰ, পিকনিক, পিপা, পিৰিয়ড, পিৰামিড, পাৰমিট, পাছপ’ৰ্ট, ভিছা, হস্পিতাল, টাইম, ফেইচ, ফে’চ, টে’প, ৰে’ল, ম'বাইল ফোন, ইঞ্জিনিয়াৰিং, ডাক্টৰ, অটোৰিক্সা, ব্ৰিটিছ, বটল, বুটাম, লাইট, টিউব, টাউন, কমিটি, ষ্টেডিয়াম, ডাষ্টবিন, ৰেষ্টুৰেণ্ট, প্লাষ্টাৰ, ট্ৰেইন, মেজিষ্ট্ৰেট, চনেট, পেইণ্টিং, পইন্ট, আইচক্রীম, ইন্টাৰনেট, ইণ্টাৰভিউ, উইল ইত্যাদি। জানুৱাৰীৰ পৰা ডিচেম্বৰ মাহ এতিয়া অসমীয়া হ'ল। হিন্দীৰ পৰা আহিছে হোটেল, পার্টি, বাজেট, পিষ্টলৱালী, মাষ্টাৰ বাবু আদি। বঙালীৰ পৰা দোকান, বাজাৰ, কথা আদি। ফৰাচীৰ পৰা কেফে, মিক্সাৰ, মিস্টেক আদি।
আৰবী আৰু ফাৰ্চী শব্দৰ পৰা অসমীয়া ভাষাত সোমোৱা শব্দৰ ভিতৰত আছে আইন, আইনা, অজুহাত (ৱজুহাত), আমানত, আলবৎ (আলবত্তাহ), আউল (ৱলি), আখেজ (আখজ), আঙুৰ, আখৰুট, আচবাব, আজব, আজান, অতাচবাজী, আতৰ, আদায়, আন্দাজ, আপোচ, আফিং, আবকাৰী, আবে, আৰ্জী, আৰাম, আলমাৰী, আদালত, মগবিৰ, ইমান, ইলাহী, ইস্তফা, একচনীয়া, এক্তিয়াৰ, এজাহাৰ, ওজন (ৱজন), ওজৰ, ওস্তাদ, ওকালতি, কইদ, কয়েদী, কটোৱাল, কদৰ, কবজা, কবৰ, কলপ, কয়েদী, কাকা, কাজিয়া (কইজহ), কানানগো, কলম, কাবাব, কাবিল, কাৰখানা, কাৰিকৰ, কালিয়া (মাছৰ আঞ্জাৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা), কায়দা, কুস্তি, কিতাপ, কাগজ, খচৰা, খবৰ, খবৰদাৰ, খৰচ, খাছ, খাতা, খানা, খাৰিজ, খালাচী, খালাছ, খালি, খিয়াল, খোদ, খোদা, গজল, গায়েব, গিলিপ, গুলাল (আবিৰ), গোলাম, গোলাপ, চহৰ, চামিল, চালগোম, চাহাব, চিৰস্তাদাৰ, চিনাক্ত, চিপাহী, চেহেৰা, জবানবন্দী, জমা, জৰিমনা, জিম্মা, দোৱাত, খাজনা, জামিন, তদবিৰ, তফাৎ, তবলা, তৰমুজ, তহবিল, তলব, তানপুৰা, তামাম, তাৰিখ, তালাক, তালাচী, তালিকা, তোপ, দফণ, দৰকাৰ, দৰবাৰ, দৰগাহ, দাখিল , দাবী, দিগদাৰি, দেনা, দেমাক, নকল, নক্সা, নগদ, নবিচ, নাল, নিচা,ঈদ, ৰোজা,নামাজ, জাহাজ , দোৱা, , পৰব, চৈয়দ , ফকীৰ, নিকাহ, জিকিৰ, দুনিয়া , ফিৰিস্তা, মিয়াদী, পোলাও, জিলাপী , কমিনা, বৰফি, বদজাত, হৰামজাদা ,উকীল, কৈফিয়ৎ,বাহাল, বাইনা, বকেয়া, বাজে , বেআইনী, মক্কেল, মকামিলা, মনিহাৰী, মজবুত, মছলা, মজুত, মফচল, মহকুমা, মহৰী, মহল, মগনিয়া, মানে, মামলা, ম্যাদ, মুচুলুকা, মুজৰিম, মুন্সিফ, মুনাফা, ৰপ্তানি, ৰকম, শিকদাৰ, হক, হজম, হাৰামি, হাৰাম, হালোৱা (চুজিৰে প্ৰস্তুত কৰা সুস্বাদু খাদ্য), হাৱালাত, চৰজমিন, ইজ্জত, ইন্তেকাল, ৰোজগাৰ, দালাল, বুনিয়াদ, দেৱাল, তক্তা, দালান, দাৱাই, জুলাপ,পাইকাৰী, লেফাফা, দৰ্জা, মজবুত, তালিম, তজৰ্মা, তামাচা, তাগিদা, দস্তখত, দৰ্জি, কামিজ, মেৰামতি, তম্বু, গ্ৰেপ্তাৰ, চেহেৰা, মালিচ,দোকান, ফন্দি, ফতোৱা,ফোৱাৰা আদি। অসমীয়া মুছলমান সমাজৰ বিয়ানাম, যোৰানাম আদিত উদ্দু, ফাৰ্চী আৰু আৰৱী শব্দ পোৱা যায় ।
এনে উদাহৰণ অনেক আছে। ফ্ৰেন্স, ওলন্দাজ, পৰ্টুগীজ আদিৰ দুই চাৰিটা শব্দও প্ৰবেশ কৰিছে। যেনে- কাৰ্তিজ, কুপন, চাবোন, হৰ্তন, ৰোহিতন, ইস্কাপন, বুটাম, ৰিক্সা আদি। বৰ্তমান দৈনন্দিন আমাৰ জীৱনৰ অংশ হৈ পৰা এই শব্দবোৰে ভাৰত তথা বিশ্বৰ সাংস্কৃতিক সংযোগৰ এক দীঘলীয়া ইতিহাসৰ সোঁৱৰণী হিচাপে কাম কৰে তাক আদৰণি জনোৱাৰ বিকল্প নাই। তথাপি সাৱধান হব লাগিব যে, নিজৰ ভাষাটোত প্ৰকাশ কৰিব পৰা যদি শব্দ থাকে তেতিয়া যাতে বিদেশী শব্দ ধাৰ কৰি প্ৰকাশ নকৰে।কাৰণ তেনে কৰিলে নিজৰ ভাষাৰ কালিকা লগা, সোণসেৰীয়া শব্দবোৰ অকালতে হেৰাই যাব।
(লেখক নগাঁও কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ)