আৱাজ-দ্য ভইচ অসম ব্যুৰো
ছৌদি কৰ্তৃপক্ষই হজৰ অনুমতি নথকা ২ লাখ ৬৯ হাজাৰৰো অধিক লোকক মক্কাত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰিছে। দেওবাৰে বিষয়াসকলে এই কথা ঘোষণা কৰিছে। চলিত বৰ্ষৰ হজযাত্ৰা আৰম্ভ হোৱাৰ পূৰ্বে নিয়ম বলৱৎ কৰাৰ বাবে চলোৱা কঠোৰ অভিযানৰ অংশ হিচাপে এই পদক্ষেপ গ্ৰহণ কৰিছে ছৌদি কৰ্তৃপক্ষই।
স্বৰাজ মন্ত্ৰালয়ে কয় যে, এই কঠোৰ পদক্ষেপৰ লক্ষ্য হৈছে অতিমাত্ৰা ভিৰ হ্ৰাস কৰা আৰু যোৱা বছৰৰ গৰমৰ সৈতে জড়িত মৰ্মান্তিক ঘটনাৰ পুনৰাবৃত্তি ৰোধ কৰা। কিয়নো এই সকলোবোৰ ঘটনাৰ বাবে আংশিকভাৱে অকৰ্তৃত্বশীল হজযাত্ৰী দায়ী বুলি উল্লেখ কৰি হৈছে। ইছলামৰ পাঁচটা স্তম্ভৰ ভিতৰত অন্যতম হৈছে হজযাত্ৰা। অনাগত দিনত ১৪ লাখৰো অধিক লোক হজ পালন কৰিবলৈ মক্কালৈ যোৱাৰ সম্ভাৱনা আছে, যদিও বৈধ অনুমতি পত্ৰ থকাসকলেহে হজযাত্ৰাত অংশগ্ৰহণ কৰিব পাৰিব।
লেফটেনেণ্ট জেনেৰেল মহম্মদ আল ওমাৰীয়ে এক সংবাদমেলত কয় যে, "হজযাত্ৰাৰ ক্ষেত্ৰত কোনো শিথিলতা কৰা নহয়, সকলো হজযাত্ৰীৰ ওপৰতে আমি দৃষ্টি ৰাখিছো, আৰু যিয়েই নিয়ম তথা আইন উলংঘা কৰিব, তেওঁলোক আমাৰ হাতত থাকিব।"
প্ৰতিনিধত্বমূলক ছবি
ছৌদি আৰৱৰ নাগৰিকৰ লগতে অন্য বাসিন্দাকে ধৰি আইন তথা নিয়ম উলংঘাকাৰীক ৫ হাজাৰ ডলাৰ পৰ্যন্ত জৰিমনা বিহা হব। ইতিমধ্যে ২৩ হাজাৰৰো অধিক নিয়ম উলংঘাকাৰী ছৌদি বাসিন্দাক শাস্তি প্ৰদান কৰা হৈছে আৰু নিয়ন্ত্ৰণ ভংগ কৰাৰ বাবে ৪০০ জন হজ ট্যুৰ অপাৰেটৰৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হৈছে।
এই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পিছতো অকৰ্তৃত্বশীল প্ৰৱেশৰ চেষ্টাৰ পৰিসৰে ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণৰ গভীৰ দাবীক উন্মোচন কৰি আহিছে। সক্ষম মুছলমানসকলৰ বাবে জীৱনত এবাৰ হজ পালন কৰাটো বাধ্যতামুলক, যদিও হজযাত্ৰীৰ সুৰক্ষাৰ চিন্তাত এই অনুষ্ঠানটো কঠোৰভাৱে নিয়ন্ত্ৰিত কৰা হৈছে। কিয়নো পাঁচ দিনত লাখ লাখ লোকে পালন কৰা এই হজ অনুষ্ঠানত ঐতিহাসিকভাৱে পদপিষ্ট, দুৰ্ঘটনা আৰু গৰমৰ ক্লান্তিয়ে বিপদৰ সৃষ্টি কৰি আহিছে।
শেহতীয়া বছৰবোৰত অত্যন্ত গৰমৰ বাবে হজযাত্ৰীসকলে ক্ৰমাৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে। এই বছৰ প্ৰথমবাৰৰ বাবে ড্ৰ'ন নিয়োগ কৰি বিষয়াসকলে ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে — কেৱল চোৰাংচোৱাগিৰিৰ বাবেই নহয়, ভিৰৰ গতিবিধি নিৰীক্ষণৰ বাবে আৰু আনকি অগ্নি নিৰ্বাপনৰ বাবেও, ছৌদি আৰৱৰ অসামৰিক প্ৰতিৰক্ষাই নিশ্চিত কৰিছে।