আছা খোছা
২০১৭ চনৰ মে’ মাহত জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত ভয়ংকৰ এম্বুছৰ খবৰে দেশবাসীক স্তম্ভিত কৰি তুলিছিল। ভাৰতীয় সেনাৰ নাইব ছুবেদাৰ পৰমজিৎ সিঙক হত্যা কৰি তেওঁৰ শৰীৰটো অংগচ্ছেদ কৰিছিল পাকিস্তানৰ ব'ৰ্ডাৰ একচন টিমে। তেওঁলোক আছিল পাকিস্তানী সেনাৰ বেশ ধাৰণ কৰা সন্ত্ৰাসবাদী গোটৰ সদস্য। এই নাৰকীয় কাণ্ডৰ ফলত নাইব ছুবেদাৰ পৰমজিৎ সিঙৰ পৰিয়াল আৰু পঞ্জাৱৰ টাৰ্ণ তাৰণ জিলাৰ গাঁওখন শোকত ভাগি পৰিছিল।
এই শোকাৱহ দুৰ্ঘটনাৰ ফলত গভীৰভাৱে শোকগ্ৰস্ত লোকসকলৰ ভিতৰত আছিল হিমাচল প্ৰদেশৰ দুজন প্ৰসাশনিক বিষয়াও। তেওঁলোক আছিলঃ তেতিয়াৰ কুল্লুৰৰ জিলা দণ্ডাধীশ ইউনুছ খান আৰু তেওঁৰ পত্নী তথা সোলানৰ আৰক্ষী অধীক্ষক অঞ্জুম আৰা।কেৱল দেশপ্ৰেমেই নহয়, গভীৰ কৰ্তব্যবোধৰদ্বাৰা অনুপ্ৰাণিত হৈ দম্পতীহালে শ্বহীদ ছুবেদাৰগৰাকীৰ পৰিয়ালটোৰ সৈতে যোগাযোগ কৰিছিল আৰু তেওঁৰ জন্মভূমিত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জনাইছিল। লগতে শোকসন্তপ্ত পৰিয়ালটোক তেওঁলোকৰ পৰিয়ালৰ অংশ কৰি লোৱাৰ দৰে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল শিমলাৰ দম্পতীহালে।
ইউনুছ খানৰ সৈতে খুছপ্ৰীত (সোঁফালৰ পৰা তৃতীয়), তেওঁৰ ভাতৃ-ভগ্নী আৰু মাতৃ পৰমজিৎ কৌৰ (সোঁফালে)
ইউনুছ খানে প্ৰথমে ফোনত পৰমজিতৰ ভাতৃৰ সৈতে যোগাযোগ কৰি কয় যে, তেওঁ আৰু তেওঁৰ পত্নীয়ে শ্বহীদ পৰিয়ালৰ বাবে তাত থাকিব বিচাৰে। ইউনুছ খানে কয়, “পৰমজিৎ সিঙৰ মৃতদেহ আহি পোৱাৰ সময়ত তেওঁৰ পত্নী আৰু তিনিটা সন্তানৰ চকুত দেখিবলৈ পোৱা যন্ত্ৰণা আৰু শোক আমি কেতিয়াও পাহৰিব নোৱাৰো।”
ইয়াৰ পিছতে ইউনুছ খান আৰু তেওঁৰ পত্নীয়ে পৰমজিতৰ কণমানি কন্যা খুছদীপ কৌৰক তুলি লোৱাৰ সিদ্ধান্ত লৈছিল। অঞ্জুমে কয়, “এয়া কেৱল এক আৱেগিক সিদ্ধান্ত নাছিল— এইটো আছিল আমাৰ প্ৰতিশ্ৰুতি। আমি নিজকে প্ৰশ্ন কৰিবলগীয়া হৈছিল: আমি কেৱল আজিয়েই নহয়, আগন্তুক বছৰবোৰলৈকে এই শিশুটিৰ কাষত থিয় দিব পাৰিমনে?”
কিছু মুহূৰ্তৰ চিন্তা-চৰ্চাৰ অন্তত তেওঁলোকে খুছদীপৰ শিক্ষা আৰু আৱেগিক কল্যাণৰ সম্পূৰ্ণ দায়িত্ব ল’বলৈ সিদ্ধান্ত লৈছিল, তাকো পৰিয়াল বা গাঁৱৰ পৰা শিশুটোক আঁতৰাই নিনিয়াকৈ। খুছদীপে মাক আৰু ভাই-ভনীৰ সৈতে পঞ্জাৱত থাকে আৰু শিমলাৰ পৰা যোৱা ইউনুছ খান আৰু অঞ্জুম আৰাই খুছদীপ আৰু তেওঁৰ বাবে পৰিয়ালৰ বাবে পঞ্জাৱত আছিল।
অঞ্জুম আৰা (সোঁফালে) আৰু ইউনুছ খানৰ সৈতে খুছদীপ কৌৰ (ইউনুছ খানৰ কোলাত) পৰিয়ালৰ সৈতে
আজি খুছদীপ দ্বাদশ শ্ৰেণীৰ এগৰাকী মেধাৱী ছাত্ৰী। ইউনুছে কয়, “খুছদীপে শেহতীয়াকৈ আমাক ফোন কৰি এটা লেপটপ বিচাৰিছিল। মই তেওঁক কমদামী লেপটপ এটাৰ পৰিৱৰ্তে এটা উপযুক্ত মডেলৰ লেপটপ পঠালোঁ। কেতিয়াবা আমাৰ প্ৰয়োজনীয়তাসমূহ স্থগিত ৰাখিবলগীয়া হয়, যিহেতু খুছদীপৰ প্ৰয়োজনীয়তা আমাৰ প্ৰধান অগ্ৰাধিকাৰ। ইয়াৰদ্বাৰা লাভ কৰা আনন্দ আন খৰচতকৈ বহু বেছি।”
তেওঁলোকৰ এই সম্পৰ্ক বছৰ বছৰ ধৰি গভীৰ হৈ আহিছে। দুয়ো পক্ষৰ পৰিয়ালে একেলগে ৰক্ষাবন্ধন, ঈদ, আৰু দীপাৱলী উদযাপন কৰে। অঞ্জুমে কয়, “মোৰ ল’ৰাটোৱে প্ৰতি বছৰে খুছদীপ আৰু তেওঁৰ ভনীয়েক ছিমৰনদীপক ৰাখী পিন্ধায়। তেওঁলোক সকলো অৰ্থতে তাৰ ভনীয়েক হৈ পৰিছে।”
সম্পূৰ্ণ স্বচ্ছতা আৰু মৰ্যাদাৰে সকলো ব্যৱস্থা কৰা হৈছে। ইউনুছে কয়, “আমি শ্বহীদৰ পত্নী পৰমজিৎ কৌৰ আৰু সেনাৰ বিষয়াসকলৰ সৈতে সকলো কথা আলোচনা কৰিছো। আমি শিশুটিক নিজৰ ঘৰৰ পৰা আঁতৰাই নিব বিচৰা নাছিলো। আমি কেৱল তেওঁলোকৰ ঘৰখনক সামৰি আমাৰ ঘৰখন বহল কৰিব বিচাৰিছিলো।”
মালেৰকোটলা ৰেল ষ্টেচনত ইউনুছ খান
ইউনুছে পৰমজিত কৌৰক ভগ্নীৰ দৰে ব্যৱহাৰ কৰে, পাঞ্জাবী পৰিয়ালৰ সাধাৰণ সাংস্কৃতিক আৰু আৱেগিক কৰ্তব্য পালন কৰে। “মই হয়তো আমোলা হ’ব পাৰো, কিন্তু মইও এজন ভাই, এজন পিতৃ, আৰু সৰ্বোপৰি এজন সতীৰ্থ ভাৰতীয়।” উল্লেখ্য যে, ইউনুছ খান আৰু তেওঁৰ পৰিয়ালে নিয়মিতভাৱে শ্বহীদ সেনা জোৱানজনৰ পৰিয়ালটোৰ ওচৰলৈ যায় আৰু শিমলাত তেওঁলোককো আতিথ্য প্ৰদান কৰে। “খুছদীপে মোৰ লগত বা মোৰ পত্নীৰ লগত প্ৰায় দৈনিক ফোনত কথা পাতে।”- ইউনুছে কয়।
খুছদীপ কৌৰৰ যত্ন ল’বলৈ ইউনুছ খান আৰু অঞ্জুম আৰা প্ৰতিশ্ৰুতিবদ্ধ যদিও তেওঁলোক সকলো বিষয়তে পৰিয়ালটোক সহায় কৰিবলৈও সাজু আছে। ইউনুছ খানে কয় যে, তেওঁলোক এক পৰিয়াল। পঞ্জাৱৰ মালেৰকোটলাৰ ২০১০ বেটচৰ আই এ এছ বিষয়া ইউনুছ এতিয়া হিমাচল প্ৰদেশৰ ৰাজ্যিক কৰ আৰু আবকাৰী আয়ুক্ত।
বালি মাফিয়াৰ বিৰুদ্ধে নিৰ্ভীক স্থিতিৰ বাবে তেওঁ সুপৰিচিত। এবাৰ তেওঁ মাফিয়াৰ হাতৰ পৰা কথমপি প্ৰাণ ৰক্ষা কৰিছিল। ইফালে, ২০১১ চনৰ বেটচৰ আই পি এছ বিষয়া অঞ্জুম আৰা উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ আৰু বৰ্তমান দক্ষিণ শিমলাৰ ডি আই জি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
ইউনুছ খানে কয় যে তেওঁৰ পত্নী অঞ্জুম আৰা লক্ষ্ণৌৰ আৰু এক বেলেগ সাংস্কৃতিক পৰিৱেশৰ মহিলা। পৰমজিতৰ পৰিয়ালৰ সৈতে তেওঁৰ সম্পৰ্কৰ বান্ধোন দেখি ইউনুছ আচৰিত হৈ পৰে। দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত থিয় দিয়াৰ বাবে তেওঁলোকে নিজৰ পৰিয়ালক কৃতিত্ব দিয়ে। ইউনুছে স্মৰণ কৰে, “মোৰ মায়ে কৈছিল, সাধাৰণ মানুহে নিজৰ বাবে জীয়াই থাকে। কিন্তু আনৰ বাবে জীয়াই থকাত মহানতা নিহিত হৈ থাকে। সেই নীতিৰেই আমি জীয়াই থাকিবলৈ চেষ্টা কৰিছো।”
অঞ্জুম আৰা তেওঁলোকৰ পুত্ৰৰ সৈতে
খুছদীপ ভৱিষ্যতলৈ ইউনুছ-অঞ্জুম দম্পতীৰ পদাংক অনুসৰণ কৰি প্ৰশাসনিক বিষয়া হ’ব বুলি বহুতে কয়। এই সন্দৰ্ভত ইউনুছে কয়, "আমি বিচাৰো তেওঁ যি ভাল পায় তাকেই অনুসৰণ কৰক। আমাৰ কাম হৈছে তেওঁক শক্তিশালী কৰা, তেওঁৰ পথ নিৰ্ধাৰণ কৰা নহয়। আমি তেওঁৰ ওপৰত আশাৰ বোজা জাপি দিব নিবিচাৰো।"
যি সময়ত মানুহ স্বাৰ্থপৰ আৰু আত্মকেন্দ্ৰিক হৈ পৰিছে, সেই সময়ত ইউনুছ খান আৰু অঞ্জুম আৰাই দেখুৱাইছে যে, এজন সৈনিকৰ বলিদানক সন্মান জনোৱাৰ প্ৰকৃত অৰ্থ কিমান ব্যাপক হ'ব পাৰে। অঞ্জুমে কয়, “আমি কোনো অসাধাৰণ কাম কৰা নাছিলো। আমি মাত্ৰ আমাৰ হৃদয় আৰু আমাৰ জীৱনটো এটা পৰিয়ালৰ বাবে মুকলি কৰিলোঁ। কাৰণ পৰিয়ালটো শোক প্ৰকাশ কৰাতকৈ অধিক পোৱাৰ যোগ্য আছিল।”
মানৱদৰদী এই দম্পতীহালে ভাৰত-পাকিস্তান সীমান্তৰ সমীপৰ লংগোৱাল ছেক্টৰত সেনা জোৱানৰ সৈতে বিগত দীপাৱলী উদযাপন কৰিছিল। অঞ্জুমে কয়, “সেনাবাহিনীৰ সৈতে আমাৰ সম্পৰ্ক এতিয়া একেবাৰে ব্যক্তিগত পৰ্যায়ৰ। দেশক সুৰক্ষা প্ৰদান কৰি থকাসকলৰ সন্মানাৰ্থে আমি দীপাৱলীত চাকি জ্বলাওঁ।”