খীৰ ভৱানী মন্দিৰৰ উৎসৱে পুনৰ কাশ্মীৰলৈ উভতাই আনিছে কাশ্মীৰী পণ্ডিতসকলক

Story by  atv | Posted by  Munni Begum • 1 d ago
খীৰ ভৱানী মন্দিৰত ভক্তৰ নৃত্য পৰিবেশন
খীৰ ভৱানী মন্দিৰত ভক্তৰ নৃত্য পৰিবেশন
 
বসিত জাৰগৰ / তুলমুলা (কাশ্মীৰ)
 
পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত কাশ্মীৰৰ পৰা সন্ত্ৰাসবাদী পলায়ন কৰাৰ ছয় সপ্তাহৰ পাছতেই খীৰ ভৱানী মন্দিৰৰ জ্যেষ্ঠ অষ্টমীৰ দিনা মধ্য কাশ্মীৰৰ তুলমুল্লাত শ শ কাশ্মীৰী পণ্ডিত সমবেত হয়।
 
গণ্ডাৰবল জিলাৰ তুলামুল্লা গাঁৱত অৱস্থিত এই প্ৰাচীন মন্দিৰটো কাশ্মীৰৰ চহকী সাংস্কৃতিক আৰু আধ্যাত্মিক ঐতিহ্যৰ প্ৰতীক আৰু ইয়াত বাৰ্ষিক খীৰ ভৱানী মেলাৰ আয়োজন কৰা হয়।
 
খীৰ ভৱানীত দেৱীক গাখীৰ আগবঢ়াইছে ভক্তসলকলে
 
বেয়া বতৰ আৰু নিৰাপত্তাৰ চিন্তাৰ মাজতো জম্মু আৰু অন্যান্য চহৰৰ পৰা বাছ আৰু ব্যক্তিগত বাহনেৰে বাৰ্ষিক মেলাৰ বাবে শ শ কাশ্মীৰী হিন্দুধৰ্মালম্বী লোক এই মন্দিৰলৈ আহিছে।    
 
১৯৯০ চনত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰাদুৰ্ভাৱৰ পিছত কাশ্মীৰী পণ্ডিতসকলে পলায়ন কৰাৰ সময়ত সহস্ৰাধিক পণ্ডিত পৰিয়ালে সন্ত্ৰাসবাদী হিংসাৰ পৰা হাত সাৰিবলৈ কাশ্মীৰ এৰি গুচি গৈছিল। 
 
খীৰ ভৱানী মন্দিৰত হিন্দু ভক্তক ফুল আৰু বনৰীয়া পদিনা বিক্ৰী কৰিছে এজন মুছলমান ব্যক্তিয়ে
 
প্ৰাপ্য তথ্য অনুসৰি ৬৪ হাজাৰৰো অধিক কাশ্মীৰী পণ্ডিত পৰিয়ালে কাশ্মীৰ উপত্যকাৰ বাহিৰত বাস কৰি আছে। ইয়াৰে ৪৩ হাজাৰ জম্মুৰ প্ৰব্ৰজনকাৰী শিবিৰত আছে আৰু ১৯ হাজাৰৰো অধিক দিল্লীত বাস কৰি আছে।  
 
দেৱী ৰজ্ঞা দেৱীৰ নামত উৎসৰ্গিত এই মন্দিৰটো আৰু ইয়াত আয়োজন কৰা খীৰ ভৱানী মেলাখন অমৰনাথ যাত্ৰাৰ পিছতে কাশ্মীৰৰ বৃহৎ হিন্দু সমাৱেশৰ ভিতৰত অন্যতম এক অনুষ্ঠান বুলি ধৰা হয়। 
 
খীৰ ভৱানী মন্দিৰত প্ৰাৰ্থনাৰ বাবে শাৰী পাতি থিয় হৈ থকা যুৱ ভক্তসকল
 
এই মেলাৰ বাবে কৰ্তৃপক্ষই বিশদ নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। মন্দিৰৰ লগতে ইয়াৰ আশে-পাশে শ শ জম্মু-কাশ্মীৰ আৰক্ষী আৰু চি আৰ পি এফ জোৱান মোতায়েন কৰা হৈছে। খিৰ ভৱানীলৈ যোৱা সকলো পথ ছেনিটাইজ কৰি ভক্তসকলৰ বাবে সুচল কৰি তোলা হৈছে।