মালিক আছঘৰ হাচমী/ নতুন দিল্লী
পাটনাৰ বিখ্যাত ইউটিউবাৰ তথা জনপ্ৰিয় শিক্ষক খান ছাৰৰ বিয়াৰ খবৰ সম্প্ৰতি ছ’চিয়েল মিডিয়াত চৰ্চাৰ বিষয় হৈ পৰিছে। প্ৰতিদিনে তেওঁৰ সৈতে জড়িত নতুন নতুন কথা পোহৰলৈ আহিছে।
তেওঁৰ বিবাহ অনুষ্ঠানৰ ভব্যতা আৰু কাৱালীৰ দৰে বৰ্ণিল উপস্থাপনৰ মাজতে এটা প্ৰশ্ন আটাইতকৈ বেছি চৰ্চিত হৈছে, সেয়া হৈছেঃ "খান ছাৰে যৌতুকত কি ল'লে?" কিন্তু এতিয়ালৈকে কোনেও খান ছাৰৰ পত্নীৰ ছবি বা পত্নীৰ পৰিচয় ৰাজহুৱা কৰা নাই।
আনকি ৰিচেপচনতো তেওঁৰ পত্নীক সম্পূৰ্ণৰূপে ওৰণি লোৱা দেখা গৈছিল। সেইবাবেই মানুহৰ কৌতুহল আৰু বৃদ্ধি পাইছে। সকলোৰে মনত এটাই প্ৰশ্ন, "খান ছাৰৰ কইনা কোন? তেওঁ কি কৰে?" কিন্তু এই সকলোবোৰৰ মাজতে স্বয়ং খান ছাৰে এনে এক স্বীকাৰোক্তি কৰিছে যিয়ে সকলোকে স্তম্ভিত কৰি তুলিছে।
ভাইৰেল হৈ থকা এটা ভিডিঅ'ত খান ছাৰে ক্লাছৰ সময়ত কোৱা শুনা গৈছে, "আমি যৌতুকৰ কঠোৰ বিৰোধী। আমাৰ লগত যৌতুকৰ বিষয়ে কোনেও কথা পাতিবলৈ সাহস কৰিব নোৱাৰে।" কেৱল এয়াই নহয়, তেওঁ ইছলামিক পদ্ধতিৰে নিজৰ বিবাহ সম্পন্ন কৰা বুলিও কয়, য’ত অতিৰিক্ত প্ৰদৰ্শন কঠোৰভাৱে নিষিদ্ধ।
যৌতুকৰ বিষয়ে সোধাত খান ছাৰে হাঁহি হাঁহি উত্তৰ দিয়ে, "যৌতুকত আমি পাইছো মাটিৰ কলহ, পাত্ৰ, হাতেৰে চলোৱা পাংখা, জাইনামাজ আৰু কোৰান শ্বৰীফ।" এই কথা শুনি মানুহ আচৰিত হৈ পৰিছে যে শিক্ষাৰ জৰিয়তে হাজাৰ হাজাৰ মানুহৰ জীৱন সলনি কৰা, নিজৰ দক্ষতাৰে সমগ্ৰ দেশতে নাম উজলাই তোলা ব্যক্তিজন যৌতুকৰ নামত কেৱল মাটিৰ পাত্ৰ আৰু এখন সাধাৰণ ফেন লৈ সুখী।
উল্লেখ্য যে, ইছলামিক বিবাহ হৈছে এক আইনী আৰু ধৰ্মীয় চুক্তি, য’ত স্বামী-স্ত্ৰীৰ সন্মতিৰ প্ৰয়োজন হয়। ইয়াৰ বাবে দুজন সাক্ষীৰ উপস্থিতি আৰু এটা নিকাহনামা (লিখিত চুক্তি)ৰ প্ৰয়োজন। ইয়াৰ ভিতৰত আছেঃ মেহৰ (বা মাহৰ): এয়া হৈছে স্বামীয়ে পত্নীক দিয়া উপহাৰ বা ধনৰ ৰাশি। সৰলতা: বিবাহত আড়ম্বৰ আৰু অতিৰিক্ততা পৰিহাৰ কৰাটো বাঞ্ছনীয়। সন্মতিঃ দুয়োপক্ষৰ সৰ্বসন্মতিৰ প্ৰয়োজন।
মন কৰিবলগীয়া যে যৌতুক প্ৰথা ইছলামত নাই। ইছলামিক পৰম্পৰাৰ আটাইতকৈ ডাঙৰ উদাহৰণ হ’ল হজৰত মহম্মদৰ কন্যা হজৰত ফাতিমাৰ বিবাহ। কন্যাৰ বিয়াত তেওঁ ইমাম আলীক মাত্ৰ ৫০০ দিৰহামৰ সামগ্ৰী দিছিল, যিটো সেই সময়ত অতি স্বাভাৱিক আৰু সাধাৰণ বুলি গণ্য কৰা হৈছিল। কিছুমান পৰম্পৰাত ১৭৪ গ্ৰাম সোণৰ কথাও উল্লেখ কৰা হৈছে।
বেৰিষ্টাৰ তাহিৰ খানে এই সন্দৰ্ভত কয় যে ইছলামত যৌতুক স্বীকৃতিপ্ৰাপ্ত প্ৰথা নহয়। এই প্ৰথা হিন্দু পৰম্পৰাৰ প্ৰভাৱত ভাৰত আৰু পাকিস্তানৰ মুছলমান সমাজত প্ৰৱেশ কৰিছে। আনহাতে কোৰান আৰু হাদীছত কেৱল মেহৰৰ কথা উল্লেখ আছে, যিটো পত্নীৰ বৈধ আৰু আইনী অধিকাৰ বুলি গণ্য কৰা হয়।
খান ছাৰে আকৌ এবাৰ সমাজৰ সন্মুখত এক প্ৰেৰণাদায়ক নিদৰ্শন দাঙি ধৰিছে আৰু দেখুৱাইছে যে সৰলতা, নৈতিকতা আৰু নীতিতকৈ ডাঙৰ একোৱেই নহয়। তেওঁ এই কথাও প্ৰমাণ কৰিলে যে এজন শিক্ষকে কেৱল কিতাপৰ জৰিয়তে নহয়, তেওঁৰ আচৰণৰ জৰিয়তেও মানুহক শিকাব পাৰে।