আছা খোছা / নতুন দিল্লী
"মোৰ কাহিনীবোৰ নাৰীৰ বিষয়ে, বিশেষকৈ ধৰ্ম, সমাজ, আৰু ৰাজনীতিয়ে কেনেকৈ তেওঁলোকৰ পৰা প্ৰশ্নবিহীনভাৱে সকলো মানি চলিব বুলি আশা কৰে, সেই বিষয়ে মই লিখা-মেলা কৰো। এই প্ৰক্ৰিয়াত তেওঁলোকে নিষ্ঠুৰ ব্যৱহাৰৰ সন্মুখীন হয় আৰু তেওঁলোকৰ গুৰুত্ব কম যেন অনুভৱ হয়।" -শেহতীয়াকৈ 'হাৰ্ট লেম্প' শীৰ্ষক গ্ৰন্থৰ বাবে আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা লাভ কৰা কানাড়া লেখক তথা অধিবক্তা বানু মুস্তাকে এইদৰে কয়।
তেওঁ লগতে কয়, "মই বাতৰি আৰু নিজৰ জীৱনৰ বাস্তৱ জীৱনৰ কাহিনীৰ পৰা অনুপ্ৰাণিত হৈছো। নাৰীৰ যন্ত্ৰণা, সংগ্ৰাম আৰু অসহায়তাই মোক গভীৰভাৱে স্পৰ্শ কৰে। মই বিশেষ গৱেষণা নকৰো– মোৰ হৃদয়ে হৈছে মোৰ পথ প্ৰদৰ্শক।"
উল্লেখ্য যে, মুছলমান সম্প্ৰদায়ৰ বহু মহিলাই আজিও সন্মুখীন হোৱা সামাজিক নিষেধাজ্ঞাৰ দৰেই বানু মুস্তাকেও একেই সামাজিক নিষেধাজ্ঞাৰ সন্মুখীন হৈছিল বুলি বহুতে হয়তো নাজানে।
আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা ২০২৫ৰ বিচাৰকৰ অধ্যক্ষ মেক্স পৰ্টাৰৰ পৰা বঁটা গ্ৰহণ কৰিছে বানু আৰু দীপাই
বিশ্ববিদ্যালয়লৈ গৈ নিজৰ পচন্দৰ মানুহজনৰ সৈতেও বিবাহপাশত আৱদ্ধ হলেও জীৱনটো তেওঁৰ আশা কৰা ধৰণে সহজ নাছিল। এগৰাকী সুশিক্ষিত আৰু স্বাধীন মহিলা হোৱা সত্ত্বেও ২৬ বছৰ বয়সত বিয়া হোৱাৰ পিছত বানু মুস্তাকে এই কথা জানি থতমত খাই গৈছিল যে, তেওঁ কেৱল এগৰাকী গৃহিণীহে হ’ব লাগিব, ঘৰৰ ভিতৰতে থাকিব লাগিব, আৰু নিজকে সম্পূৰ্ণৰূপে ওণিৰ আঁৰত ৰাখিব লাগিব।
ভ'গ মেগাজিন (Vogue Magazine)ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয় যে, যি সময়ত আন বেছিভাগ মুছলমান মহিলাই কিশোৰ বয়সত বিবাহপাশত আবদ্ধ হৈছিল, সেই সময়ত তেওঁ বিশ্ববিদ্যালয়ত যোগদান কৰিছিল। তাৰ পাছত স্থানীয় সুপৰিচিত কাকত লংকেশ পত্ৰিক (Lankesh Patrike)ৰ সাংবাদিক হিচাপে কাম কৰে, বন্দয়া সাহিত্যৰ দৰে প্ৰতিবাদী সাহিত্য গোটৰ কৰ্মী হয় আৰু পিছলৈ অধিবক্তা হিচাপে কাম কৰে। দুবাৰকৈ তেওঁ পৌৰসভালৈও নিৰ্বাচিত হৈছিল।
ভ'গ মেগাজিনৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বানু মুস্তাকে কয়, ‘মই সদায় লিখিব বিচাৰিছিলো, কিন্তু মোৰ প্ৰেম বিবাহৰ পিছত হঠাতে মোক বোৰ্খা পিন্ধি কেৱল ঘৰৰ কামত মনোনিৱেশ কৰিবলৈ কোৱা হৈছিল। ২৯ বছৰ বয়সত মই মাতৃ হৈছিলো আৰু প্ৰসৱৰ পিছৰ বিষণ্ণতা আৰু গভীৰ হতাশাত ভুগিছিলো।”
'দ্য উইক' মেগাজিনৰ সৈতে হোৱা আন এক সাক্ষাৎকাৰত বুকাৰ বঁটা বিজয়ীগৰাকীয়ে কয় যে, তেওঁ এবাৰ নিজৰ জীৱনৰ অন্ত পেলোৱাৰ কথা ভাবিছিল। আনকি তেওঁ নিজৰ শৰীৰত কেৰাচিন ঢালি দিছিল। কিন্তু জুইশলা জ্বলাবলৈ লোৱাৰ সময়ত গিৰিয়েক আহি তেওঁক মৃত্যু মুখৰ পৰা ৰক্ষা কৰিছিল।
"ভাগ্য ভাল আছিল যে, মোৰ স্বামীয়ে উপলব্ধি কৰিছিল যে মই কি কৰিবলৈ ওলাইছো। তেওঁ মোক সাৱটি ধৰি মেচবক্সটো লৈ গ’ল। তেওঁ মোক এইবোৰ নকৰিবলৈ অনুৰোধ কৰিছিল, আমাৰ কেঁচুৱাটোক মোৰ ভৰিৰ ওচৰত ৰাখি কৈছিল, প্লিজ আমাক পৰিত্যাগ নকৰিবা।”- বানুৱে হতাশাৰ দিনবোৰ এইদৰে স্মৰণ কৰে।
উল্লেখ্য যে, বানু মুস্তাকে লিখা আৰু দীপা ভাস্তে কানাড়া ভাষাৰ পৰা অনুবাদ কৰা 'হাৰ্ট লেম্প' গ্ৰন্থখনে অনুবাদৰ কল্পকাহিনীৰ বিশ্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বঁটা আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা লাভ কৰিছে।
ইয়াৰ উপৰিও এই পুৰস্কাৰ লাভ কৰা এয়া হৈছে প্ৰথমখন চুটিগল্প সংকলন। ২০ মে’ মঙলবাৰে লণ্ডনৰ টেট মডাৰ্ণত এই ঘোষণা কৰে বিখ্যাত লেখক মেক্স পৰ্টাৰে। 'হাৰ্ট লেম্প' ১২টা চুটিগল্পৰ সংকলন। এই কাহিনীবোৰত দক্ষিণ ভাৰতৰ পিতৃতান্ত্রিক জনগোষ্ঠীত বসবাস কৰা নাৰী-ছোৱালীৰ দৈনন্দিন জীৱন-যাপন দেখুওৱা হৈছে।
আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটাৰ ৱেবছাইটত কোৱা হৈছে যে, এই বঁটাৰ জৰিয়তে অনুবাদককো সন্মান জনোৱা হয়, আৰু ৫০,০০০ পাউণ্ড (প্ৰায় ৫৭.৫৯ লাখ টকা) পুৰস্কাৰৰ ধন লেখক আৰু অনুবাদকৰ মাজত সমানে ভাগ কৰা হয়।
'হাৰ্ট লেম্প'ৰ গল্পসমূহ ১৯৯০ চনৰ পৰা ২০২৩ চনৰ ভিতৰত লিখা হৈছিল। অধিবক্তা তথা প্ৰগতিশীল কানাড়া সাহিত্যৰ এক গুৰুত্বপূৰ্ণ কণ্ঠস্বৰ বানু মুস্তাকে আইনী সহায়ৰ বাবে তেওঁৰ ওচৰলৈ অহা মহিলাসকলৰ বাস্তৱ জীৱনৰ সংগ্ৰামৰ আধাৰত এই গল্পসমূহ ৰচনা কৰিছিল। নাৰীৰ অধিকাৰৰ বাবে যুঁজি ভাৰতত জাতি আৰু ধৰ্মীয় অন্যায়ৰ বিৰুদ্ধে তেওঁ থিয় দিছে।
'হাৰ্ট লেম্প' হৈছে কানাড়া ভাষাৰ পৰা অনুবাদ কৰা প্ৰথমখন গ্ৰন্থ, যিটো ভাষা বিশ্বৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৬.৫ কোটি লোকে কয়। এই সাফল্যৰ জৰিয়তে দীপা ভাস্তীয়ে ভাৰতীয় প্ৰথমগৰাকী অনুবাদক হিচাপে পৰিগণিত হৈছে যিয়ে সন্মানীয় আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা লাভ কৰিছে।