নতুন দিল্লী
উন্নত ভাৰত আৰু 'মিছন ২০৪৭'ৰ দৃষ্টিভংগীক কেন্দ্ৰ কৰি নতুন দিল্লীত আয়োজিত 'মুছলমান মহিলা বুদ্ধিজীৱী সন্মিলন'খন কেৱল এটা সাধাৰণ আলোচনা চক্ৰ হৈ নাথাকি দেশ, সমাজ আৰু অনাগত প্ৰজন্মৰ ভৱিষ্যতৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ হৈ পৰে। এই সন্মিলনত সমগ্ৰ ভাৰতৰ পৰা প্ৰায় ১০০ গৰাকী শিক্ষিত আৰু সচেতন মুছলমান মহিলা— যেনে চিকিৎসক, অভিযন্তা, বিজ্ঞানী, শিক্ষাবিদ আৰু সমাজকৰ্মীয়ে অংশগ্ৰহণ কৰি দেশ গঠনৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰে।
RSS-ৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সদস্য তথা মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ পৃষ্ঠপোষক ড০ ইন্দ্ৰেশ কুমাৰে এই সভাত সভাপতিত্ব কৰে। অনুষ্ঠানত শিক্ষা মন্ত্ৰ্যালয়ৰ ড০ শ্বাহিদ আখতাৰ, জামিয়া হামদৰ্দ বিশ্ববিদ্যালয়ৰ কৰ্নেল তাহিৰ মুস্তাফা, সাংবাদিক নাগমা ছেহাৰ, সমাজকৰ্মী ডাঃ শালিনী আলী, ৱাকফ ব’ৰ্ডৰ সদস্য ছাবিহা নাজ, ডাঃ শইস্তা আৰু ডাঃ আছৰা আখতাৰ।
সন্মিলনত ভাষণ দি ইন্দ্ৰেশ কুমাৰে কয় যে ভাৰতৰ মুছলমানসকল ভাৰাতীয়া নহয়— তেওঁলোক এই ভূমিৰ প্ৰকৃত মালিক (Landlords)। তেওঁ দৃঢ়তাৰে কয় যে যিসকলে ১৯৪৭ চনৰ পিছত ভাৰতক নিজৰ মাতৃভূমি হিচাপে বাছি লৈছিল, তেওঁলোক তেতিয়াও ভাৰতীয় আছিল, আজিও ভাৰতীয় আৰু চিৰকাল ভাৰতীয় হৈয়ে থাকিব।
তেওঁ কয়, "মুছলমান আৰু ভাৰতৰ মাজৰ সম্পৰ্ক কেৱল বসবাসৰ নহয়, বৰঞ্চ ই প্ৰেম, দায়িত্ব আৰু আপোনত্বৰ সম্পৰ্ক।" বিভেদকামী শক্তিক গুৰুত্ব নিদি আমাৰ লক্ষ্য কেৱল সন্তানৰ শিক্ষা আৰু দেশৰ ভৱিষ্যতৰ ওপৰত হোৱা উচিত বুলি তেওঁ উল্লেখ কৰে।
নতুন দিল্লীত অনুষ্ঠিত মহিলা সন্মিলন
ড০ কুমাৰে দেশৰ ভৱিষ্যত গঢ়াত মহিলাৰ ভূমিকাৰ ওপৰত আলোকপাত কৰি ল’ৰা আৰু ছোৱালীৰ মাজত সম্পূৰ্ণ সমতাৰ পোষকতা কৰে। তেওঁ কয় যে ধৰ্মীয় শিক্ষাই মানৱতা আৰু ভাতৃত্ববোধ গঢ়ি তোলে, আনহাতে আধুনিক শিক্ষাই নাগৰিকসকলক দেশৰ বিকাশত অৰিহণা যোগাবলৈ সক্ষম কৰে।
সাংবাদিক নাগমা ছেহাৰে শিক্ষাক জীৱনৰ আটাইতকৈ শক্তিশালী শক্তি হিচাপে বৰ্ণনা কৰে। তেওঁ কয় যে উচ্চশিক্ষিত মহিলাৰ বিবাহৰ ক্ষেত্ৰত যিবোৰ বাধাৰ কথা কোৱা হয়, তাৰ সমাধান শিক্ষা সীমিত কৰা নহয়, বৰঞ্চ ইয়াক আৰু আগুৱাই নিয়াহে। তেওঁৰ মতে অগ্ৰগতিৰ প্ৰকৃত মাপকাঠী হ’ল মেধা (Merit), য’ত ধৰ্ম কেতিয়াও বাধা হ’ব নালাগে।
সমাজকৰ্মী শালিনী আলীয়ে ছ’চিয়েল মিডিয়াৰ অপব্যৱহাৰ আৰু ভুল তথ্য প্ৰচাৰৰ বিৰুদ্ধে মহিলাসকলক সাৱধান কৰি দিয়ে। তেওঁ কয় যে উচটনিমূলক বা অপ্ৰমাণিত বাতৰি শ্বেয়াৰ নকৰাটোও একপ্ৰকাৰৰ দেশসেৱা। চবিহা নাজে সম্প্ৰদায়টোৰ ভিতৰত শিক্ষাৰ সজাগতা বৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়ে।
এই সন্মিলনখনে শিক্ষা, দেশপ্ৰেম আৰু মহিলা সৱলীকৰণৰ এক শক্তিশালী বাৰ্তাৰে সমাপ্তি ঘটে, যিয়ে প্ৰমাণ কৰে যে মুছলমান মহিলাসকলে বিকশিত ভাৰত গঢ়াৰ বাবে কান্ধত কান্ধ মিলাই আগবাঢ়িবলৈ সাজু।