দেৱ কিশোৰ চক্ৰৱৰ্তী
গ্ৰাম্য ভাৰতৰ কঠোৰ বাস্তৱ, লিংগ বৈষম্য আৰু পাৰিবাৰিক দুৰ্যোগৰ বিৰুদ্ধে ফিৰোজা বেগমৰ প্ৰতিবাদী ভাষাই এক শক্তিশালী বক্তব্য দাঙি ধৰিছে। এগৰাকী কবি আৰু লেখিকা হিচাপে তেওঁৰ যি পৰিচয়, সেয়া এক দীঘলীয়া সংগ্ৰামৰ মাজৰ পৰাই আত্মপ্ৰকাশ ঘটিছে।
পশ্চিমবংগৰ বীৰভূম জিলাৰ ৰামপুৰহাট মহকুমাৰ জুবুনি গাঁৱৰ এক সম্ভ্ৰান্ত পৰিয়ালত তেওঁৰ জন্ম হৈছিল। তেওঁৰ পিতৃ আব্দুল হাকিম মল্লিক আৰু মাতৃ আৰেষ্টুন বিবিৰ দৰিদ্ৰতা, ৰোগ আৰু সামাজিক অনিশ্চয়তাৰ সন্মুখীন হৈছিল, যাৰ বাবে তেওঁৰ শৈশৱ অতি কষ্টকৰ আছিল।
বিশেষকৈ সেই সময়ৰ ভয়াৱহ সৰু আই(বসন্ত) মহামাৰীৰ সময়ত তেওঁৰ পৰিয়াল আৰু আত্মীয়সকলে জীয়াই থকাৰ বাবে কৰা সংগ্ৰামে তেওঁৰ মনত মানৱীয় চেতনা জগাই তুলিছিল।
যি সময়ত গ্ৰাম্য সমাজত নাৰী শিক্ষাক অৱহেলা কৰা হৈছিল, সেই সময়তে বহু সামাজিক বাধা নেওচি তেওঁ স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিছিল। তেওঁ বহুতো সামাজিক বাধা ভাঙি পেলাইছিল। স্কুলত পঢ়ি থকা অৱস্থাত তেওঁ যি বৈষম্য আৰু অৱহেলৰ সন্মুখীন হৈছিল, সেয়াই তেওঁৰ মাজত বিদ্ৰোহৰ অগনি জ্বলাইছিল। পৰৱৰ্তী সময়ত এই অভিজ্ঞতাই তেওঁৰ লেখাসমূহক তীব্ৰ প্ৰতিবাদী আৰু সংবেদনশীল কৰি তুলিছিল।
বঁটাৰ সৈতে ফিৰোজা বেগম
১৯৭৪ চনত তেওঁ বিজ্ঞানমনস্ক শিক্ষক নুৰুল হক মল্লিকৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। স্বামীৰ উদাৰ মনোভাৱ আৰু অনুপ্ৰেৰণাৰ বাবে তেওঁ সংসাৰ আৰু সাহিত্য সাধনা— দুয়োটাৰে মাজত ভাৰসাম্য ৰক্ষা কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ চাৰিজনী ছোৱালীক সুশিক্ষিত কৰি আৰ্থিকভাৱে স্বাৱলম্বী কৰি তোলাটো তেওঁ নিশ্চিত কৰিছিল। ২০১৬ চনত স্বামীৰ মৃত্যুৱে তেওঁৰ জীৱনত এক গভীৰ শূন্যতাৰ সৃষ্টি কৰিছিল যদিও তেওঁ সাহিত্য চৰ্চা বাদ দিয়া নাছিল।
১৯৯২ চনৰ পৰাই ফিৰোজা বেগমে নিয়মিতভাৱে কবিতা, গীত আৰু প্ৰবন্ধ লিখি আহিছে। মুর্শিদাবাদ, ৰামপুৰহাট আৰু কলকাতাৰ বিভিন্ন সাহিত্য আলোচনী যেনে— 'প্ৰগতি', 'ত্ৰিনয়নী', 'কলম', 'ভাবনা', 'সংবাদ দৰ্পণ', 'ৰ’দ্দুৰ', 'অৰ্পণ' আদিত তেওঁৰ লেখা প্ৰকাশ পাইছে।
তদুপৰি, তেওঁ ৰেডিঅ' আৰু টেলিভিছন অনুষ্ঠানতো এগৰাকী নিয়মীয়া অংশগ্ৰহণকাৰী হিচাপে আৰু নিজৰ গৃহ চহৰ তথা সমাজৰ বাহিৰতো স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে।
২০১০ চনত প্ৰকাশিত তেওঁৰ কাব্যগ্ৰন্থ "নয়নতৰা" আৰু ২০১৪ চনত প্ৰকাশিত "অপৰাজিতা"ত নাৰীৰ সংগ্ৰাম, জীৱনৰ প্ৰত্যাহ্বান আৰু মানৱীয় প্ৰমূল্যসমূহৰ স্পষ্ট প্ৰতিফলন ঘটিছে। অসুস্থতা আৰু সীমাবদ্ধতাৰ মাজতো তেওঁ নিজেই কিতাপসমূহ প্ৰুফৰিড কৰি প্ৰকাশ কৰি উলিওৱাটোৱে তেওঁৰ অধ্যৱসায়ৰ প্ৰতিফলন ঘটায়।
সাহিত্যিক প্ৰচেষ্টাৰ স্বীকৃতি স্বৰূপে ফিৰোজা বেগমে কেইবাটাও সন্মান আৰু বঁটা লাভ কৰিছে। ৰামপুৰহাটৰ 'ভাবনা ও অনুভৱৰ দানা' সংবাদ পত্ৰৰ পৰা লাভ কৰা সম্বৰ্ধনা, 'ৰ’দ্দুৰ' সংবাদ পত্ৰৰ 'ৰোকেয়া বঁটা', কলকাতা আৰু বহৰমপুৰৰ বিভিন্ন অনাতাঁৰ কেন্দ্ৰৰ প্ৰমাণপত্ৰ, নিউ বেৰাকপুৰৰ 'আম্বেদকাৰ শিল্পী ৰত্ন বঁটা' আৰু শেহতীয়াকৈ আশা ফাউণ্ডেচনৰ পৰা লাভ কৰা "শ্ৰেষ্ঠ বঙালী" (Best Bengali) বঁটা তেওঁৰ সাহিত্যিক আৰু মানৱীয় কৰ্মৰাজিৰ গুৰুত্বপূৰ্ণ স্বীকৃতি।
কবি ফিৰোজা বেগমৰ জীৱন কেৱল এগৰাকী লেখিকাৰ আত্মজীৱনী নহয়, এয়া এগৰাকী সংগ্ৰামী মহিলাৰ সাহসৰ দলিল। দুৰ্যোগৰ ঘন অন্ধকাৰৰ মাজতো শিক্ষা, মানৱতা আৰু সাহিত্যই মানৱ সমাজৰ পথ যে পোহৰাই তুলিব পাৰে তেওঁৰ কলমে আজিও এই সাক্ষ্য বহন কৰে।