মুমতাজা বেগমৰ ভেড়াৰ ফাৰ্মে কাশ্মীৰৰ নাৰীক অনুপ্ৰাণিত কৰিছে

Story by  atv | Posted by  Munni Begum • 5 h ago
মুমতাজা বেগম
মুমতাজা বেগম
 
আৰ্ছলা খান / নতুন দিল্লী
 
উত্তৰ কাশ্মীৰৰ বান্দিপোৰা জিলাৰ ৱাট্ৰিনা গাঁৱৰ এগৰাকী ৩৩ বছৰীয়া গৃহিণী মুমতাজা বেগমে ভেড়া পালনৰ জৰিয়তে নিজৰ জীৱন সলনি কৰিছে। সীমিত সম্পদ, সামাজিক প্ৰত্যাহ্বান আৰু আধাতে কলেজীয়া শিক্ষা এৰিবলগীয়া হোৱা স্বত্বেও, মুমতাজাই হাৰ মনা নাছিল আৰু আজি তেওঁ অঞ্চলটোৰ এগৰাকী সফল মহিলা উদ্যমী হিচাপে স্বীকৃতি লাভ কৰিছে।
 
মুমতাজাৰ কাহিনীটো হ’ল সংগ্ৰাম আৰু প্ৰতিকূল পৰিস্থিতিৰ বিৰুদ্ধে যুঁজ দিয়াৰ এক অনুপ্ৰেৰণা। আৰ্থিক অসুবিধাৰ বাবে তেওঁ কলেজ এৰিবলৈ বাধ্য হৈছিল, কিন্তু তেওঁ নিজৰ সপোন কেতিয়াও ত্যাগ কৰা নাছিল। তেওঁৰ শাহু-শহুৰৰ ঘৰত ১০ ৰ পৰা ১৫ জনী মান ভেড়া আছিল, যিবোৰ পৰম্পৰাগত পদ্ধতিৰে পালন কৰা হৈছিল। ইয়াৰ পৰাই তেওঁৰ মনত বৃহৎ পৰিসৰত ভেড়া পালন কৰাৰ ধাৰণাটো জন্ম হৈছিল।
 
 
মুমতাজাৰ সপোন কেৱল জীৱিকা নিৰ্বাহতে সীমাবদ্ধ নাছিল; তেওঁ ইয়াক এক প্ৰণালীবদ্ধ আৰু সফল ব্যৱসায়লৈ ৰূপান্তৰ কৰিব বিচাৰিছিল।
 
এই কথাটো মনত ৰাখিয়েই তেওঁ বান্দিপোৰাৰ পশুপালন বিভাগৰ সৈতে যোগাযোগ কৰে। বিভাগটোৰ নিৰ্দেশনা অনুসৰি, তেওঁ ৰাজ্য চৰকাৰৰ ৰাজসাহায্য যুক্ত আঁচনি "মিনি ভেড়াৰ ফাৰ্ম" (Mini Sheep Farm) ৰ অধীনত আবেদন কৰে। ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁ নিৰ্বাচিত হয় আৰু তেওঁক ৫০ জনী ভেড়াৰ এটা গোট (Unit) আবণ্টন দিয়া হয়।
 
ভেড়া পালনৰ বাবে কঠোৰ পৰিশ্ৰম আৰু ধৈৰ্যৰ প্ৰয়োজন। ইয়াৰ উপৰি, মুমতাজাৰ বাবে অভিজ্ঞতাৰ অভাৱো এক ডাঙৰ প্ৰত্যাহ্বান আছিল। কিন্তু মুমতাজাৰই হাৰ মানি নাছিল। নিৰন্তৰ কঠোৰ পৰিশ্ৰম, শিকাৰ আগ্ৰহ আৰু প্ৰবল ইচ্ছাশক্তিৰ জৰিয়তে তেওঁ লাহে লাহে নিজৰ ব্যৱসায় সম্প্ৰসাৰিত কৰিলে। সময়ৰ লগে লগে তেওঁৰ অভিজ্ঞতা বাঢ়িল আৰু তেওঁৰ ফাৰ্মখনো ডাঙৰ হ’ল।
 
মহিলাসকলকো উদ্যোগী মমতাজা বেগম
 
মুমতাজাই তেওঁৰ সফলতাৰ বাবে নিজৰ পৰিয়ালক, বিশেষকৈ তেওঁৰ স্বামীক কৃতিত্ব দিয়ে। তেওঁ কয় যে তেওঁৰ স্বামীয়ে প্ৰতিটো খোজতে তেওঁৰ কাষত থিয় দিছিল। তেওঁ কয়, "তেওঁ সদায় মোৰ লগত আছে, মোক মানসিক সাহস দিয়াৰ লগতে কামৰ ক্ষেত্ৰত প্ৰকৃত সহায় আগবঢ়ায়।"
 
মুমতাজাই বিশ্বাস কৰে যে মহিলা উদ্যমীসকলৰ বাবে পৰিয়ালৰ সমৰ্থন অতি গুৰুত্বপূৰ্ণ, বিশেষকৈ যেতিয়া তেওঁলোকে ঘৰ আৰু কামৰ দায়িত্ব একেলগে চম্ভালিব লগা হয়। মুমতাজাই তেওঁৰ সফলতাৰ বাবে পশুপালন বিভাগৰ বিষয়াসকলৰো প্ৰশংসা কৰে। সঠিক নিৰ্দেশনা, কাৰিকৰী পৰামৰ্শ আৰু চৰকাৰী আঁচনিসমূহৰ জ্ঞানে তেওঁক বহুতো প্ৰত্যাহ্বান নেওচিবলৈ সহায় কৰিছিল। বিভাগৰ সহযোগত তেওঁ নিজৰ ফাৰ্মখন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ আৰু উৎপাদন বৃদ্ধি কৰিবলৈ সক্ষম হৈছিল।
 
আজি মমতাজা বেগমৰ ২১০ জনীতকৈও অধিক ভেড়া থকা এখন সফল ফাৰ্ম আছে। তেওঁ বছৰি ৫ লাখ টকাতকৈও অধিক নেট আয় (Net income) কৰে। তেওঁৰ বেছিভাগ ভেড়া ঈদ আল আধাৰ সময়ত বিক্ৰী হয়, যাৰ ফলত তেওঁৰ যথেষ্ট উপাৰ্জন হয়। এই কামে কেৱল তেওঁৰ আৰ্থিক অৱস্থাই উন্নত কৰা নাই, বৰঞ্চ তেওঁৰ আত্মবিশ্বাস আৰু আত্মসন্মানো বৃদ্ধি কৰিছে।
 
 মমতাজা বেগমৰ ভেড়াৰ ফাৰ্ম
 
মুমতাজাই এতিয়া নিজকে কেৱল এগৰাকী ভেড়া পালক বুলি নাভাবে; তেওঁ আন মহিলাসকলকো উদ্যোগী হ’বলৈ অনুপ্ৰাণিত কৰিব বিচাৰে। তেওঁ মহিলাসকলৰ সৈতে নিজৰ অভিজ্ঞতা বিনিময় কৰে আৰু তেওঁলোকক আগুৱাই যাবলৈ উৎসাহিত কৰে। তেওঁ কয় যে যদি মহিলাসকলে তেওঁলোকৰ বাবে উপলব্ধ সুযোগসমূহ ব্যৱহাৰ কৰে, তেন্তে তেওঁলোকে নিশ্চিতভাৱে নিজৰ সামাজিক আৰু অৰ্থনৈতিক অৱস্থা উন্নত কৰিব পাৰিব।
 
মুমতাজাই কয় যে কঠোৰ পৰিশ্ৰমৰ প্ৰকৃত পুৰস্কাৰ তেতিয়াহে পোৱা যায় যেতিয়া এজন ব্যক্তিয়ে নিজক প্ৰমাণ কৰে। তেওঁৰ বাবে ভেড়া পালন কেৱল ধন উপাৰ্জনৰ মাধ্যম নহয়, বৰঞ্চ আত্মনিৰ্ভৰশীলতা আৰু সন্মানৰ এক পথ। বান্দিপোৰাৰ এইগৰাকী মহিলাই প্ৰমাণ কৰি দিছে যে সঠিক মানসিকতা, কঠোৰ পৰিশ্ৰম আৰু সহযোগিতা থাকিলে যিকোনো সপোন বাস্তৱত পৰিণত কৰিব পাৰি।