১০০ ঘণ্টাৰো কম সময়ত মানালীৰ পৰা লেহলৈ দৌৰ সম্পূৰ্ণ কৰি গিনিছ ৱৰ্ল্ড ৰেকৰ্ডৰ স্বীকৃতি লাভ ছুফিয়া ছুফিৰ

Story by  atv | Posted by  [email protected] • 8 h ago
১০০ ঘণ্টাৰো কম সময়ত মানালীৰ পৰা লেহলৈ দৌৰ সম্পূৰ্ণ কৰি গিনিছ ৱৰ্ল্ড ৰেকৰ্ডৰ স্বীকৃতি লাভ ছুফিয়া ছুফিৰ
১০০ ঘণ্টাৰো কম সময়ত মানালীৰ পৰা লেহলৈ দৌৰ সম্পূৰ্ণ কৰি গিনিছ ৱৰ্ল্ড ৰেকৰ্ডৰ স্বীকৃতি লাভ ছুফিয়া ছুফিৰ
 
আৱাজ-দ্য ভইচ অসম ব্যুৰো
 
ভাৰতীয় আল্ট্ৰা-ডিষ্টেন্স দৌৰবিদ ছুফিয়া ছুফিয়ে মানালীৰ পৰা লেহলৈ অতি দুৰ্গম ওখ পাহাৰৰ দৌৰ ১০০ ঘণ্টাৰো কম সময়ত সম্পূৰ্ণ কৰি গিনিছ ৱৰ্ল্ড ৰেকৰ্ডৰ আনুষ্ঠানিক প্ৰমাণপত্ৰ লাভ কৰিছে। এই কৃতিত্ব এতিয়ালৈকে  আন কোনো মহিলা দৌৰবিদে অৰ্জন কৰিব পৰা নাই।
 
মানালীৰ পৰা লেহলৈ দৌৰৰ সময়ত ছুফিয়া ছুফি
 
এই অভিলেখটোৱে মানালীৰ পৰা লেহলৈকে কৰা ছুফিৰ আটাইতকৈ দ্ৰুত দৌৰক স্বীকৃতি প্ৰদান কৰিছে। দৌৰবিদ ছুফিয়া ছুফিয়ে প্ৰায় ৪৭০ৰ পৰা ৪৮০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি হিমালয়ৰ পাঁচটা ওখ দুৰ্গম পাহাৰীয়া পথ অতিক্ৰম কৰিছে। এই  কৃতিত্বৰ বাবে তেওঁ ৮৫০০ মিটাৰতকৈ অধিক উচ্চতা বগাই যোৱা প্ৰত্যাহ্বানৰ সন্মুখীন হবলগীয়া হৈছিল, যাৰ ফলত এই পথটো বিশ্বৰ অন্যতম কঠিন দুৰ্গম দীৰ্ঘ দূৰত্বৰ দৌৰাৰ পথ হিচাপে পৰিগণিত হৈছিল। ১০০ ঘণ্টাৰ লক্ষ্যৰ এই দৌৰ ৯৮ ঘণ্টা ২৭ মিনিটৰ ভিতৰত সফলতাৰে সম্পূৰ্ণ কৰিছে ছুফিয়ে।
 
সামাজিক মাধ্যমৰ মঞ্চ এক্সত এই সফলতাৰ কথা প্ৰকাশ কৰি ছুফিয়ে কয় যে, ২০২৩ চনত এই অভিলেখ আনুষ্ঠানিকভাৱে অনুমোদিত হৈছিল যদিও প্ৰমাণ পত্ৰ তেওঁৰ ওচৰলৈ অহাত বহু পলম হৈছিল। তেওঁ লিখিছে যে, মানালীৰ পৰা লেহলৈ পাঁচোটা উচ্চ উচ্চতাৰ পাহাৰীয়া পথৰ মাজেৰে সৰ্বাধিক দ্ৰুত দৌৰৰ লক্ষ্য আছিল ১০০ ঘণ্টা, যিটো তেওঁ ৯৮ ঘণ্টা ২৭ মিনিটত সম্পূৰ্ণ কৰিছিল
তেওঁ লগতে কয় যে, যদিও ২০২৩ চনত এই অভিলেখটো প্ৰস্তুত কৰি অনুমোদন জনোৱা হৈছিল, তথাপি তেওঁৰ ওচৰ আহি পোৱাৰ পূৰ্বে এই চৰকাৰী প্ৰমাণ পত্ৰখনে ডেলিভাৰী ব্যৱস্থা আৰু ভাৰতীয় শুল্ক বিভাগৰ মাজেৰে এক অতি দীঘলীয়া আৰু জটিল যাত্ৰা পথ অনুসৰণ কৰিবলগীয়া হৈছিল। লগতে তেওঁৰ পৃষ্ঠপোষক আৰু সমৰ্থকসকলক ধন্যবাদ জনায়। 

তেওঁৰ পোষ্টটোৱে বহু ব্যৱহাৰকাৰীৰ পৰা প্ৰশংসা লাভ কৰিছিল। যিয়ে এই পথটো কিমান প্ৰত্যাহ্বানজনক সেই বিষয়ে সচেতন আছিল। এজন ব্যৱহাৰকাৰীয়ে মন্তব্য কৰিছে যে, একেটা পথতে মটৰ চাইকেলেৰে যাত্ৰা কৰাৰ পিছত তেওঁলোকে বুজি পাইছিল যে, ওখ দুৰ্গম পাহাৰীয়া পথবোৰ শাৰীৰিকভাৱে কিমান কষ্টকৰ হয়। ব্যৱহাৰকাৰীগৰাকীয়ে ছুফিৰ এই কৃতিত্বক অতি প্ৰশংসনীয় বুলি অভিহিত কৰি সুধিছিল যে, ইয়াৰ পিছত তেওঁ  কি প্ৰত্যাহ্বান গ্ৰহণ কৰিব।

ছুফিয়া ছুফিয়ে বিগত সময়ছোৱাত কেইবাটাও চৰম সহনশীলতাৰ কৃতিত্ব আৰু বিশ্ব অভিলেখ অৰ্জন কৰিছে। কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ দৌৰা আটাইতকৈ দ্ৰুততম মহিলা দৌৰবিদ হিচাপে পৰিগণিত হোৱাৰ লগতে সমগ্ৰ ভাৰতৰ ৬ হাজাৰ কিলোমিটাৰতকৈও অধিক দূৰত্ব অতিক্ৰম কৰা গোল্ডেন চতুৰ্ভুজ দৌৰ সম্পূৰ্ণ কৰাকে ধৰি একাধিক গিনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে। ইয়াৰ উপৰি দেশজুৰি কঠিন ভূখণ্ড আৰু অতি বেয়া বতৰত বহু আল্ট্ৰা ডিষ্টেন্স দৌৰ সম্পূৰ্ণ কৰি ছুফিয়া ছুফিয়ে ভাৰতৰ অন্যতম সফল দৌৰবিদ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে।