ভয়াৱহ খৰাং পৰিস্থিতিৰ বাবে মৰক্কোত ঈদ-উজ-জুহাৰ কোৰবাণী নিষিদ্ধ

Story by  atv | Posted by  [email protected] • 1 d ago
ভয়াৱহ খৰাং পৰিস্থিতিৰ বাবে মৰক্কোত ঈদ-উজ-জুহাৰ কোৰবাণী নিষিদ্ধ
ভয়াৱহ খৰাং পৰিস্থিতিৰ বাবে মৰক্কোত ঈদ-উজ-জুহাৰ কোৰবাণী নিষিদ্ধ
 
আৱাজ-দ্য ভইচ অসম ব্যুৰ'
 
৭ জুন শনিবাৰে সমগ্ৰ বিশ্বতে ইছলাম ধৰ্মাৱলম্বী লোকসকলে উলহ-মালহেৰে উদযাপন কৰিব পবিত্ৰ ঈদ-উজ-জুহা। কিন্তু এইবাৰ ঈদ-উজ-জুহা যেন এখন ইছলামিক দেশত আধৰুৱা হৈ ৰ'ব। ইছলামিক বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ দেশ মৰক্কো এই বছৰ তীব্ৰ খৰাং, পানী আৰু পশুধনৰ তীব্ৰ সংকটৰ সন্মুখীন হৈছে। এই পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত মৰক্কো চৰকাৰে এই বছৰ ঈদ-উজ-জুহাৰ পৰম্পৰাগত কোৰবাণী নিষিদ্ধ কৰাৰ সিদ্ধান্ত লৈছে। এই সিদ্ধান্ত সম্পূৰ্ণৰূপে প্ৰাকৃতিক দুৰ্যোগ আৰু অৰ্থনৈতিক সংকটৰ বাবেই লোৱা হৈছে।
 
অৱশ্যে মৰক্কো চৰকাৰৰ এই সিদ্ধান্তক ভাৰতৰ একাংশ দল-সংগঠনে ভাৰতীয় মুছলমানৰ সন্মুখত ‘মডেল’ হিচাপে উপস্থাপন কৰিছে। তেওঁলোকে দাবী কৰিছে যে মৰক্কোৱে এই পদক্ষেপ ইছলাম ধৰ্ম সংস্কাৰৰ বাবে লৈছে। গতিকে ভাৰতীয় মুছলমানসকলেও ইয়াৰ পৰা শিকিব লাগে।
 
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, বিগত ৭ বছৰ ধৰি মৰক্কো ভয়াৱহ খৰাঙৰ কবলত পৰিছে। দেশখনত জীৱ-জন্তুৰ সংখ্যা ৩৮% হ্ৰাস পাইছে। জলাশয়ৰ ক্ষমতা ২৩% হ্ৰাস পাইছে।
 
মৰক্কোৰ ভয়াৱহ খৰাং পৰিস্থিতি
 
পশুখাদ্যৰ মূল্য ৫০% পৰ্যন্ত বৃদ্ধি পাই কৃষক আৰু গোপালকৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আকাশলঙ্ঘী মূল্যবৃদ্ধিয়ে মধ্যবিত্ত আৰু নিম্ন শ্ৰেণীৰ পৰিয়ালৰ বাবে কোৰবাণী দিয়া অসম্ভৱ কৰি তুলিছে।
 
এই সংকটৰ পৰিপ্ৰেক্ষিতত দেশৰ ধৰ্মীয় মুৰব্বী তথা মৰক্কোৰ ৰজা মহম্মদ ষষ্ঠই ঘোষণা কৰে যে এইবাৰ তেওঁ সমগ্ৰ দেশবাসীৰ হৈ প্ৰতীকী কোৰবাণী আগবঢ়াব। চৰকাৰে দেশজুৰি পশু বজাৰ আৰু মাণ্ডী বন্ধ কৰি দিছে, যাতে কোৰবাণী বাবে জীৱ-জন্তুৰ ক্ৰয়-বিক্ৰয় নহয়।
 
ইছলামে কি কয়?
 
ইছলামৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ ঈদ-উজ-জুহা, যিটো আল্লাহৰ নবী হজৰত ইব্ৰাহিম (ছাঃ)ৰ আল্লাহৰ প্ৰতি আনুগত্য আৰু ভক্তিৰ স্মৃতিত পালন কৰা হয়। এই উপলক্ষে কোৰবাণী কৰাটো এটা ধৰ্মীয় কৰ্তব্য, যিটো মুছলমানসকলে সম্পূৰ্ণ ভক্তি আৰু অনুশাসনেৰে পালন কৰে।
 
ইছলামিক শিক্ষাত স্পষ্ট যে কোৰবাণী বাধ্যতামূলক নহয়, বৰঞ্চ এই প্ৰথা 'ছুন্নাহ ই মুয়াক্কাদা', অৰ্থাৎ আৰ্থিক ভাৱে সম্বলসকলে কোৰবাণী দিয়াটো প্ৰয়োজনীয়। ইছলামিক নিয়ম মতে, মৰক্কোৰ বৰ্তমান পৰিস্থিতিত কোৰবাণী বৰ্জন কৰাটো বৈধ।
 
প্ৰতিনিধিত্বমূলক ছবি
 
যদিও চৰকাৰৰ এই সিদ্ধান্ত মৰক্কোৰ বৰ্তমান পৰিৱেশ-পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি গ্ৰহণ কৰা হৈছে, তথাপিও মৰক্কোৰ জনসাধাৰণৰ এটা অংশই ইয়াৰ সৈতে একমত নহয়। বহু চহৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হৈছে আৰু কোৱা হৈছে যে, 'চৰকাৰে জনসাধাৰণৰ ধৰ্মীয় পৰম্পৰাত হস্তক্ষেপ কৰিছে।'  ঘৰে ঘৰে বিচাৰি বিচাৰি কোৰবাণী বন্ধ কৰাৰ ভিডিঅ’ও সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল, যাৰ ফলত বিষয়টো অধিক স্পৰ্শকাতৰ হৈ পৰিছে।
 
মৰক্কোৰ এই সিদ্ধান্ত স্থানীয় জৰুৰীকালীন সংকটৰ ফল। ধৰ্মীয় স্বাধীনতাক ৰাজনীতি বা অপপ্ৰচাৰৰ আহিলা হিচাপে ব্যৱহাৰ কৰিব নালাগে। যদি কোনোবাদিনা ভাৰতত মৰক্কোৰ দৰে দুৰ্যোগৰ সৃষ্টি হয়, তেন্তে ইছলামে তেনে পৰিস্থিতিতো সঠিক বাট দেখুৱাব।