ৱাশ্বিংটন
মার্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দোহাই দি ইৰান, ম্যানমাৰকে ধৰি বিশ্বৰ ১২ খন দেশৰ নাগৰিকৰ মার্কিন যুক্তৰাষ্ট্ৰ ভ্রমণত নিষেধাজ্ঞা আৰোপ কৰিছে ৰাষ্ট্রপতি ড'নাল্ড ট্রাম্পে। আন ৭ খন ৰাষ্ট্ৰৰ বিৰুদ্ধে ৰাষ্ট্রপতিগৰাকীয়ে আৰোপ কৰিছে আংশিক নিষেধাজ্ঞা। এই নিষেধাজ্ঞা ঘোষণা সোমবাৰৰ পৰা বলৱৎ হ'ব।
মার্কিন যুক্তৰাষ্ট্ৰৰ অভিযোগ যে, আজি নিষেধাজ্ঞা বলৱৎ হোৱা অধিকাংশ দেশেই সন্ত্রাসবাদৰ পৃষ্ঠপোষকতা কৰি আহিছে। মার্কিন যুক্তৰাষ্ট্ৰই সম্পূর্ণ ভ্রমণ নিষেধাজ্ঞা আৰোপ কৰা ১২ ৰাষ্ট্ৰ হ'ল - ইৰান, আফগানিস্তান, ছোমালিয়া, লিবিয়া, হাইটি, ম্যানমাৰ, ছুডান, কংগো-ব্লেজাভাইল, ইৰিট্রিয়া, ইকুৱেটৰিয়েল গিনি, চাড আৰু য়েমেন।
আনহাতে আন ৭ ৰাষ্ট্রৰ বিৰুদ্ধে আংশিক নিষেধাজ্ঞা আৰোপ কৰিছে ট্রাম্প প্রশাসনে। এই দেশকেইখন হ'ল-কিউবা, বুৰুণ্ডী, লাওছ, চিয়ো লিঅ'ন, টুগ', তুর্কমেনিস্তান আৰু ভেনিজুবেলা। আংশিক নিষেধাজ্ঞা আৰোপিত দেশসমূহৰ কিছুমান শ্ৰেণীৰ লোকৰ ক্ষেত্ৰত বলৱৎ নহয় এই নিষেধাজ্ঞা।
উল্লেখ্য যে, প্রথমটো কার্যকালত ড'নাল্ড ট্রাম্পে মুছলিম প্ৰব্ৰজনকাৰীৰ মার্কিন যুক্তৰাষ্ট্ৰ ভ্ৰমণত নিষেধাজ্ঞা আৰোপ কৰি বিতৰ্কৰ সূচনা কৰিছিল। উচ্চতম ন্যায়ালয়ত এই নিষেধাজ্ঞাৰ নিৰ্দেশনাক প্রত্যাহ্বান জনোৱা হৈছিল। ২০২১ চনত ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈয়ে জ' বাইডেনে এই নিষেধাজ্ঞা প্রত্যাহাৰ কৰিছিল।