কৰ্কত ৰোগৰ সৈতে যুঁজি থকা মোহময়ী অভিনেত্ৰী হিনা খান বিবাহপাশত আৱদ্ধ

Story by  atv | Posted by  Munni Begum • 18 h ago
ৰকি জয়ছোৱালৰ সৈতে বিবাহপাশত আবদ্ধ হল হিনা খান
ৰকি জয়ছোৱালৰ সৈতে বিবাহপাশত আবদ্ধ হল হিনা খান
 
আৱাজ দ্য ভইচ অসম ব্যুৰ'
 
বোলছবি আৰু টেলিভিছন জগতৰ জনপ্ৰিয় অভিনেত্ৰী হিনা খানে দীৰ্ঘদিনীয়া প্ৰেমিক ৰকি জয়ছোৱালৰ সৈতে ৪ জুনত বিবাহপাশত আবদ্ধ হয়। এই খবৰে তেওঁৰ অনুৰাগীসকলকৰ মাজত এক আনন্দময় পৰিবেশৰ সৃষ্টি কৰিছে।
 
'য়ে ৰিস্তা ক্যা কেহলাতা হ্যে' শীৰ্ষক জনপ্ৰিয় টিভি ধাৰাবাহিকখনৰ জৰিয়তে দেশজুৰি জনপ্ৰিয়তা অৰ্জন কৰা হিনা খানে অন্তৰংগ বিবাহ অনুষ্ঠানৰ সপোন সপোন লগা ছবিবোৰ সামাজিক মাধ্যময় শ্বেয়াৰ কৰাৰ পিছতে তেওঁলোকৰ আন্তঃধৰ্মীয় বিবাহ বিভিন্নজনৰ মাজত চৰ্চাৰ বিষয় হৈ পৰিছে। 
 
বলীউডৰ বিখ্যাত মেহেন্দি ডিজাইনাৰ বীনা নাগড়াই শ্বেয়াৰ কৰা নতুন ফটোসমূহত হিনা খানে মেহেন্দি সনা ধুনীয়া হাত দুখন প্ৰদৰ্শন কৰি কেমেৰাৰ সন্মুখত হাঁহি থকা দেখা গৈছে। এখন ছবিত হিনাই ধূসৰ ৰঙৰ চোফা এখনত বহি হাত আৰু ভৰিত মেহেন্দিৰ অপূৰ্ব সুন্দৰ ডিজাইন প্ৰদৰ্শন কৰিছে।  
 
হিনা খান আৰু তেওঁৰ স্বামী ৰকিৰ জয়ছোৱাল
 
উল্লেখ্য যে, স্তন কেন্সাৰত আক্ৰান্ত হিনাক মনীষ মালহোত্ৰাই ডিজাইন কৰা শাৰী আৰু গহনা পৰিধান কৰি কইনাৰ ৰূপত যথেষ্ট ধুনীয়া দেখা গৈছিল। তেওঁ পাতল সেউজীয়া (opal green) ৰঙৰ হেণ্ডলুম শাৰী এখন পিন্ধিছিল, য’ত সোণ আৰু ৰূপৰ সূতাবোৰ জিলিকি আছে। ইফালে, ৰকিয়ে বিবাহ অনুষ্ঠানত মনীষ মালহোত্ৰাৰ চিগনেচাৰ কুৰ্তা পৰিধান কৰিছিল।
 
হিনাই এটা পোষ্টত এইদৰে লিখিছে, “দুখন ভিন্ন জগতৰ পৰা আমি এখন প্ৰেমৰ পৃথিৱী গঢ়ি তুলিলোঁ। আমাৰ মতানৈক্যবোৰ ম্লান হৈ পৰিল, হৃদয়বোৰ একেলগ হৈ পৰিল, স্থায়ী জীৱনৰ বাবে এক বন্ধনৰ সৃষ্টি হ’ল। আমি আমাৰ ঘৰ, আমাৰ পোহৰ, আমাৰ আশা আৰু একেলগে আমি সকলো বাধা অতিক্ৰম কৰোঁ আহা। আজি আমাৰ মিলন চিৰদিনৰ বাবে প্ৰেম আৰু আইনত লিপিবদ্ধ হ'ল। পত্নী আৰু স্বামী হিচাপে আমি আপোনালোকৰ পৰা আশীৰ্বাদ আৰু শুভকামনা বিচাৰো।” 
 
উল্লেখ্য যে, হিনা খান আৰু ৰকি জয়ছোৱালে ইজনে-সিজনক প্ৰথম লগ পাইছিল 'য়েহ ৰিস্তা ক্যা কেহলাতা হ্যে' ধাৰাবিহকৰ চেটত। ইয়াত অভিনেত্ৰীগৰাকীয়ে অক্ষৰাৰ মুখ্য চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে ৰকি প্ৰযোজক হিচাপে ক্ৰুৰ অংশ আছিল। হিনাৰ স্তন কেন্সাৰৰ যুঁজৰ সময়ত এই দম্পতীহালে এক দশকৰো অধিক সময় ধৰি একেলগে আছে আৰু ইজনে সিজনক সহায়ৰ হাত আগবঢ়াইছে। 
 
প্ৰেমিক ৰকি জয়ছোৱালৰ সৈতে বিবাহপাশত আবদ্ধ হল হিনা খান
 
তৃতীয় পৰ্যায়ৰ স্তন কেন্সাৰৰ সৈতে হিনা খানৰ যুঁজখন অত্যন্ত কষ্টকৰ যদিও তেওঁ ৰকি জয়ছোৱালৰ হাতত হাত ধৰি কল্পনাতীতভাৱে নিজকে শক্তিশালী কৰি ৰাখিছে। কেন্সাৰৰদ্বাৰা তেওঁ কেৱল শাৰীৰিক আৰু আৱেগিক ক্ষতিৰ সন্মুখীন হোৱাই নহয়, জনসাধাৰণৰ দৃষ্টিত এই যন্ত্ৰণাদায়ক যাত্ৰাটো জীয়াই থকাৰ চাঁপো সহ্য কৰিবলগীয়া হৈছিল। সৌভাগ্যক্ৰমে হিনাই কেতিয়াও অকলে এই যুঁজখনৰ সন্মুখীন হোৱা নাই।  
 
কেমোথেৰাপি আৰু ৰেডিয়’থেৰাপিৰ প্ৰতিটো যন্ত্ৰণাদায়ক পৰ্যায়ৰ সময়ত স্বামী ৰকি জয়ছোৱাল তেওঁৰ অটল শক্তি তথা মৰম আৰু সমৰ্থনৰ অহৰহ উৎস হৈ আছে। চিকিৎসাৰ অংশ হিচাপে যেতিয়া হিনাই মূৰৰ চুলি কাটিছিল, তেতিয়া ৰকিয়ে নিজৰ চুলি কাটিবলৈও কুণ্ঠাবোধ কৰা নাছিল। এটা আৱেগিক পোষ্টত হিনাই ৰকিৰ অটল প্ৰতিশ্ৰুতিৰ বাবে আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছে। 
 
হিনাই ৰকিক তেওঁৰ চাৰিওফালে সুৰক্ষাৰ ঢাল সৃষ্টি কৰাৰ বাবে ধন্যবাদ জনাই গভীৰ কৃতজ্ঞতাৰে কয়, "মোৰ মানুহজনে সদায় কয়, 'I GOT YOU'। মই তেওঁক ক'ও তুমি সঁচাকৈয়ে ঈশ্বৰৰ আশীৰ্বাদ।"
 
হিনা খান আৰু তেওঁৰ স্বামী ৰকিৰ জয়ছোৱাল
 
হিনা আৰু ৰকিৰ বিবাহে এই কথা আকৌ এবাৰ প্ৰমাণ কৰি দিলে যে, প্ৰেম শাশ্বত আৰু স্বৰ্গীয়। প্ৰেমে কোনো বাধা নামানে, প্ৰেমে কোনো জাতি-ধৰ্ম নামানে।