ইৰাণত নিৰুদ্দেশ হোৱা ৩ ভাৰতীয়ক উদ্ধাৰ তেহৰাণ আৰক্ষীৰ

Story by  atv | Posted by  Munni Begum • 2 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
নতুন দিল্লী
 
যোৱা মাহত ইৰাণত নিৰুদ্দেশ হোৱা তিনিজন ভাৰতীয় নাগৰিকক তেহৰাণ আৰক্ষীয়ে উদ্ধাৰ কৰিছে। যোৱা সপ্তাহত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে নিৰুদ্দেশ হোৱা ভাৰতীয় নাগৰিককেইজনক লৈ ইৰাণৰ কৰ্তৃপক্ষৰ সৈতে যোগাযোগত থকা বুলি প্ৰকাশ কৰিছিল।
 
তেহৰাণ আৰক্ষীয়ে নিৰুদ্দেশ হোৱা তিনিজন ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰি মুকলি কৰি দিলে। ইৰাণৰ স্থানীয় সংবাদ মাধ্যমে জনোৱা মতে, ইৰাণত নিৰুদ্দেশ হোৱা তিনিজন ভাৰতীয় লোকক আৰক্ষীয়ে বিচাৰি উলিয়াই মুকলি কৰি দিছে বুলি ইৰাণৰ দূতাবাসে এক্সত এক পোষ্টত প্ৰকাশ কৰিছে। 
 
ইৰাণৰ মেহৰ নিউজ এজেন্সীৰ এক প্ৰতিবেদন অনুসৰি, ভাৰতীয় তিনিজন লোকক অপহৰণ কৰাৰ খবৰ ১ মে’ত তেহৰাণ আৰক্ষীক দিয়া হৈছিল। ১ মে'ত অষ্ট্ৰেলিয়ালৈ যোৱাৰ পথত ইৰাণত উপস্থিত হৈছিল পঞ্জাৱৰ তিনিওজন লোক। স্থানীয় ট্ৰেভেল কোম্পানী এটাই তেওঁলোকক অষ্ট্ৰেলিয়াত ভাল দৰমহা পোৱা চাকৰিৰ প্ৰতিশ্ৰুতি দিছিল। অৱশ্যে, ইৰাণ পোৱাৰ কিছু সময়ৰ পিছতে তেওঁলোক নিৰুদ্দেশ হয়। 
 
নতুন দিল্লীত থকা ইৰাণৰ দূতাবাসে এক্সত প্ৰকাশ কৰা এক পোষ্টত কয়, "তেহৰাণ আৰক্ষীয়ে মুকলি কৰি দিলে নিৰুদ্দেশ হোৱা তিনিজন ভাৰতীয় নাগৰিকক। ইৰাণৰ স্থানীয় সংবাদ মাধ্যমে জনোৱা মতে, ইৰাণত নিৰুদ্দেশ হোৱা তিনিজন ভাৰতীয় লোকক আৰক্ষীয়ে বিচাৰি উলিয়াই মুকলি কৰি দিছে।"  
 
ইয়াৰ পূৰ্বে ভাৰতত থকা ইৰাণৰ দূতাবাসে ২৯ মে’ত এই গোচৰৰ তদন্ত চলি থকা বুলি উল্লেখ কৰিছিল। দূতাবাসৰ উদ্ধৃতি দি ইৰাণৰ বৈদেশিক মন্ত্ৰালয়ৰ কনছুলাৰ পৰিক্ৰমা বিভাগে সংশ্লিষ্ট ন্যায়িক কৰ্তৃপক্ষ এম এন এৰ সৈতে সমন্বয় কৰি এই তিনিজন ভাৰতীয় নাগৰিকৰ গোচৰটো অনুসৰণ কৰি আছে।   
 
তেহৰাণস্থিত আন এটা সংবাদ সংস্থাৰ উদ্ধৃতি দি মেহৰ নিউজে লগতে কয় যে, দক্ষিণ তেহৰাণত অৱস্থিত বাৰামিন চহৰত বন্দী কৰা লোকৰ সন্ধানত আৰক্ষীৰ অভিযান চলাইছিল আৰু তিনিওজনক উদ্ধাৰ কৰা হৈছে। 
 
ইফালে ভাৰতেও ২৯ মে’ত নিশ্চিত কৰিছিল যে, নিৰুদ্দেশ হোৱা তিনিজন নাগৰিকক বিচাৰি উলিয়াবলৈ ইৰাণৰ কৰ্তৃপক্ষৰ সৈতে যোগাযোগত আছে আৰু ইৰাণৰ পক্ষৰ পৰাও ভাল সহযোগিতা লাভ কৰিছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰন্ধীৰ জয়ছৱালে জানিবলৈ দিয়ে।  
 
এক প্ৰেছ ব্রিফিঙত ভাষণ দি জয়ছৱালে কয়, নিৰুদ্দেশ হোৱা তিনিজন ব্যক্তিৰ পৰিয়ালৰ সদস্যক আমি সকলো ধৰণৰ সহায় আগবঢ়াইছো৷ ইয়াৰ পূৰ্বে ভাৰতত থকা ইৰাণৰ দূতাবাসে ২৯ মে’ত জনাইছিল যে, এমাহ পূৰ্বে তেহৰাণত নিৰুদ্দেশ হোৱা তিনিজন ভাৰতীয় নাগৰিকৰ গোচৰৰ তদন্ত চলি আছে। 
 
এক্সত ধাৰাবাহিকভাৱে পোষ্টটোত কোৱা হয়, "তিনিজন ভাৰতীয় নাগৰিকৰ নিৰুদ্দেশ সম্পৰ্কীয় গোচৰটো ইৰাণৰ ইছলামিক ৰিপাব্লিকৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ কনছুলাৰ পৰিক্ৰমা বিভাগে সংশ্লিষ্ট ন্যায়িক কৰ্তৃপক্ষৰ সৈতে সমন্বয়ত অনুসৰণ কৰি আছে।"  
 
এক্সত লিখা পোষ্টটোত লগতে উল্লেখ কৰা হৈছে যে, তেহৰাণত থকা ভাৰতীয় গণৰাজ্যৰ দূতাবাসকো কনছুলাৰ পৰিক্ৰমা বিভাগৰ সৈতে সমন্বয়ৰ জৰিয়তে ইৰাণৰ ইছলামিক ৰিপাব্লিকৰ ন্যায়িক ব্যৱস্থাৰ ভিতৰত চলি থকা কাৰ্যবিধিৰ বিষয়ে অৱগত কৰি থকা হৈছে।
 
আন দেশলৈ যাত্ৰাৰ প্ৰস্তাৱ দিয়া অকৰ্তৃত্বশীল ব্যক্তি বা অবৈধ ভাৰতীয় সংস্থাৰ প্ৰতিশ্ৰুতিৰ দ্বাৰা ভাৰতীয় নাগৰিকক প্ৰতাৰিত নহ’বলৈও দূতাবাসে পৰামৰ্শ দিয়ে।