গুৱাহাটী
দেশৰ ৫১ খন শক্তিপীঠৰ ভিতৰত অন্যতম মা কামাখ্যা মন্দিৰত অহা ২২ জুনৰ পৰা আৰম্ভ হ'ব অম্বুবাচী মহাযোগ। সেইদিনা দুপৰীয়া ২.৫৬ বজাত অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে ভক্তৰ বাবে বন্ধ হৈ পৰিব মা কামাখ্যাৰ দুৱাৰ। ইয়াৰ পিচত ২৫ জুনৰ শেষ নিশা ৩ বজাত হ'ব নিবৃত্তি। সেই অনুসৰি ২৬ জুনৰ পুৱা ৰীতি-নীতিৰে দেৱী স্নানপর্ব, নৃত্য পূজা সমাপনৰ পিচত মা কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তসকলৰ বাবে মুকলি কৰি দিয়া হ'ব।
দেশী-বিদেশী ভক্তৰ বাবে পৰম আকাংক্ষিত এই অম্বুবাচী মহাযোগ সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে পর্যটন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ অধ্যক্ষতাত সোমবাৰে এখন প্রস্তুতি সভা অনুষ্ঠিত কৰা হয়। গুৱাহাটীৰ পাণবজাৰৰ পৰ্যটন সঞ্চালকালয়ৰ সভাকক্ষত আয়োজিত এই সভাত কামৰূপ (মহানগৰ) জিলা প্রশাসনকে ধৰি ২৪ টা বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।
এই বৈঠকত অধ্যক্ষতা কৰি মন্ত্রী দাসে অম্বুবাচী মহাযোগ সুচাৰুৰূপে পৰিচালনাৰ বাবে যাৱতীয় সকলো ব্যৱস্থা গ্রহণ কৰিবলৈ বিষয়াসকলক নির্দেশ দিয়ে। মন্ত্রী দাসে কয় যে, কামাখ্যাধামত অনুষ্ঠিত অম্বুবাচী মহাযোগ সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে অসম চৰকাৰে প্ৰতিবছৰে ব্যৱস্থা গ্রহণ কৰি আহিছে। অম্বুবাচী মহাযোগৰ পৰিপ্ৰেক্ষিতত বিভাগসমূহে কামাখ্যা মন্দিৰলৈ গৈ প্ৰাৰম্ভিকভাবে সকলো দিশ পর্যবেক্ষণ কৰিব। ইয়াৰ পিচত দ্বিতীয়খন প্রস্তুতি বৈঠক অনুষ্ঠিত কৰা হ'ব।
মন্ত্ৰীগৰাকীয়ে কয় যে, অম্বুবাচী মহাযোগৰ বাবে অসম চৰকাৰে পৰ্যটন বিভাগৰ জৰিয়তে ৪.৫৫ কোটি টকা কামৰূপ (মহানগৰ) জিলা আয়ুক্তক প্রদান কৰিব। অম্বুবাচী মহাযোগ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কোনো বিসংগতি, খুঁত যাতে বৈ নাযায়, তাৰ বাবে ব্যৱস্থা লোৱা হ'ব। ভক্তসকলৰ থকাৰ বাবে পূর্বে চাৰিটা শিবিৰৰ ব্যৱস্থা কৰা হৈছিল। কিন্তু ভক্তৰ সংখ্যা বৃদ্ধি পালে এইবাৰ শিবিৰৰ সংখ্যা বৃদ্ধি কৰা হ'ব।
মন্ত্রী দাসে কয়, "কামাখ্যা মন্দিৰলৈ অম্বুবাচী মহাযোগৰ সময়ত অহা ভক্তসকলক প্রণাম জনোৱাৰ বাবে, এষাৰ মাত দিয়াৰ বাবে এটা নতুন কোষ গঠন কৰা হ'ব। তদুপৰি মহাযোগৰ সময়ত ডাঙৰ গাড়ী মন্দিৰলৈ প্ৰৱেশ কৰিব নোৱাৰিব। অম্বুবাচী মহাযোগৰ সময়ত জোতা-চেণ্ডেল পিন্ধি নাহিবলৈ সকলোৰে প্রতি আহ্বান জনোৱা হৈছে।"
কামাখ্যা মন্দিৰৰ বৰদলৈ কবীন্দ্ৰ প্ৰসাদ শর্মাই অম্বুবাচী মহাযোগ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত ইতিমধ্যে মন্দিৰ পক্ষয়ো যাৱতীয় ব্যৱস্থা গ্রহণ কৰা বুলি ব্যক্ত কৰে। ২৬ আৰু ২৭ জুনত কোনোধৰণৰ ভি আই পি, ভি ভি আই পি পাছৰ লগতে ৫০১ টকীয়া টিকটৰ ব্যৱস্থা নাথাকিব। এই দিন দুটাত শাৰী পাতি অধীৰ আগ্রহেৰে অপেক্ষা কৰি থকা ভক্তসকলৰ বাবে মা কামাখ্যাৰ দৰ্শনৰ ব্যৱস্থা থাকিব।