মণিপুৰৰ সেউজ পাহাৰৰ পৰা আৰম্ভ হোৱা এক নীৰৱ কৃষি বিপ্লৱ

Story by  atv | Posted by  [email protected] • 1 d ago
মণিপুৰৰ ঝাইমাই গাঁৱৰ (লিয়াই) শিশুসকলে ৭.৬ কেজি ওজনৰ কবি এটা লৈ থকাৰ দৃশ্য
মণিপুৰৰ ঝাইমাই গাঁৱৰ (লিয়াই) শিশুসকলে ৭.৬ কেজি ওজনৰ কবি এটা লৈ থকাৰ দৃশ্য
 
ছেনাপতি (মণিপুৰ)

শেহতীয়াকৈ মণিপুৰৰ ছেনাপতি জিলাৰ এখন ছবিয়ে এই অঞ্চলৰ কৃষিৰ প্ৰতি মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছে। ছবিখনত দেখা গৈছে যে জিলাখনৰ দূৰৱৰ্তী লিয়াই চিলাও গাঁৱৰ কেইজনমান শিশুৱে এটা বিশাল কবি ধৰি আছে।
 
এখন শান্তিপূৰ্ণ আৰু সুন্দৰ গাঁও ঝাইমাই গাঁও (আনুষ্ঠানিকভাৱে লিয়াই নামেৰে জনাজাত) মণিপুৰৰ পৌমাই নগা গাঁওসমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ গাঁও বুলি গণ্য কৰা হয়। আৰ কে পল চাৱাঙে ক্লিক কৰা এই ছবিখন ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ কাৰণটো হৈছে ইয়াত স্থানীয় কৃষকৰ পৰিশ্ৰমৰ ফচল দেখা গৈছিল। ছবিখনত দেখিবলৈ পোৱা বৃহৎ কবিটোৰ ওজন হৈছে ৭.৫ কিলোগ্ৰাম।
সাধাৰণতে কবিৰ ওজন প্ৰায় ৫০০ৰ পৰা ১০০০ গ্ৰাম (১ৰ পৰা ২ পাউণ্ড)ৰ ভিতৰত থাকে। কিন্তু এই বিশাল কবিটোক আৰু বিশেষ কৰি তোলা কথাটো হ’ল ইয়াক পৰম্পৰাগত কৃষি পদ্ধতিৰে কৰা হৈছে। যি সময়ত প্ৰাকৃতিকভাৱে উৎপাদিত সেউজীয়া আৰু সতেজ শাক-পাচলি পাবলৈ টান হৈ পৰিছে, সেই সময়ত এই ছবিখনে ভৱিষ্যতৰ বাবে আশাৰ সঞ্চাৰ কৰিছে।
 
এই ছবিখন ভাইৰেল হোৱাৰ পিছত লাহে লাহে পোহৰলৈ আহিছে যে মণিপুৰৰ ছেনাপতি জিলাৰ জীপাল পাহাৰত জৈৱিক কৃষিৰ এক নিস্তব্ধ বিপ্লৱে শিপাইছে। শীতল জলবায়ু আৰু চহকী জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ মণিপুৰ বিশেষকৈ ফুলৰ খেতি আৰু জৈৱিক ফলমূলৰ খেতিৰ ক্ষেত্ৰত বহনক্ষম কৃষিৰ বাবে আদৰ্শ ৰাজ্য হিচাপে আত্মপ্ৰকাশ কৰিছে।
 
এই আন্দোলনৰ মূলতে আছে মাও জনগোষ্ঠীৰ গতিশীল উদ্যোগী ২৮ বছৰীয়া চোখোন। তেওঁৰ প্ৰচেষ্টাই অঞ্চলটোক শুকান ফুলৰ খেতিৰ এক সমৃদ্ধিশালী কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিছে। "মাও অঞ্চলৰ বিভিন্ন গাঁৱত আমাৰ প্ৰায় সাত-আঠশ নিষ্ঠাবান কৃষক আছে। আমাৰ শুকান ফুল এতিয়া সমগ্ৰ ভাৰতৰ ১৭খন ৰাজ্যত বিক্ৰী হয়।"-তেওঁ কয়।
 
জৈৱিক পামত খেতি কৰা এটা বিশাল কবিৰ সৈতে এজন স্থানীয় মণিপুৰী
 
‘ফুলৰ দেশ’ নামেৰে জনাজাত মাও অঞ্চলটোত কচমছ, অৰ্কিড, ষ্ট্ৰ’ফ্লাৱাৰ, আইৰিছ আদি ফুল ফুলে। স্থানীয় মহিলা কৃষকসকলে সজ্জাগত আৰু ঔষধি ফুলৰ ক্ৰমবৰ্ধমান চাহিদাক মূলধন হিচাপে লৈছে। তেনে এজন কৃষক কাইনিয়ে গৌৰৱেৰে এজাক স্পন্দনশীল ষ্টেটিচ ফুল ওপৰলৈ তুলি ধৰি কয়, "এইবোৰ বিভিন্ন ৰঙৰ হয়। এটা গোট এশ টকাত বিক্ৰী হয়। গ্ৰাম্য পৰিয়ালসমূহে এইদৰে প্ৰত্যক্ষ লাভ উপাৰ্জন কৰে।"
 
ফুলৰ খেতিৰ উদ্যোগটোৱে কেৱল অৰ্থনৈতিক সমৃদ্ধি কঢ়িয়াই অনাই নহয়, উল্লেখযোগ্য নিয়োগৰ সুযোগো সৃষ্টি কৰিছে, যাৰ ফলত এসময়ৰ জীৱিকাৰ বাবে কৰা খেতিক লাভজনক সেউজ উদ্যোগলৈ ৰূপান্তৰিত কৰা হৈছে। 
 
ইফালে, ১৫০ কিলোমিটাৰতকৈও অধিক দূৰত্বত মণিপুৰ বিশ্ববিদ্যালয়ত আন এক প্ৰেৰণাদায়ক কাহিনী উন্মোচিত হৈছে। বহনক্ষমতাৰ বাবে এক উমৈহতীা দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত এঘাৰজনীয়া ছাত্ৰ-ছাত্ৰীৰ এটা দলে সম্পূৰ্ণ প্ৰাকৃতিক পদ্ধতি ব্যৱহাৰ কৰি জৈৱিক তৰমুজৰ পাম আৰম্ভ কৰে। ছাত্ৰ নেতা লাইশ্ৰম চন্দ্ৰমণীয়ে কয় যে উপাচাৰ্যৰ পৰা অনুমতি লৈ আমি এই কাম আৰম্ভ কৰিছিলো। চপোৱাত মাত্ৰ ১২০ দিন লাগে, আৰু আমি ভাল উপাৰ্জন কৰিব পাৰো।
মণিপুৰৰ ছেনাপতি জিলা আৰু ইম্ফলৰ সফলতাৰ কাহিনীয়ে একেলগে জৈৱিক কৃষিৰ জৰিয়তে মণিপুৰৰ সুস্থ, সেউজীয়া ভৱিষ্যতৰ প্ৰতি থকা দায়বদ্ধতাক আলোকপাত কৰিছে। 
 
জনপ্ৰিয় ফেচবুক পেজ ‘নগা হিলছ’ত প্ৰকাশ কৰা এই ছবিখনে ৬৫ হাজাৰৰো অধিক লাইক আৰু ১০০০ শ্বেয়াৰ লাভ কৰিছে। আশা কৰা মতে এই বিশাল কবি দেখি নেটিজেনসকলে আশ্বৰ্য প্ৰকাশ কৰিছে। বহু ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে উত্তৰ-পূব ভাৰতৰ জৈৱিক কৃষি পদ্ধতিৰ প্ৰশংসা কৰে।
 
ছবিখনৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ফেচবুক ব্যৱহাৰকাৰী ৰমেশ নাম্বিয়াৰে লিখিছে, "মই ভাবো জৈৱিক শাক-পাচলি, ফল-মূল, বাঁহ আদিৰ বাবে উত্তৰ-পূব মন্ত্ৰালয় এটা স্থাপন কৰি আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ পেছাদাৰীভাৱে বিপণন কৰা উচিত। মধ্যভোগী নোহোৱাকৈ কৃষকৰ পৰা প্ৰত্যক্ষভাৱে গ্ৰাহকৰ ওচৰলৈ সামগ্ৰীসমূহ লৈ যোৱাৰ ব্যৱস্থা কৰিব লাগে।"
 
(বিশ্ব পৰিৱেশ দিৱস উপলক্ষে এই বাতৰিটো প্ৰকাশ কৰা হৈছে)