উত্তৰ-পূবত বৰষুণৰ ফলত অসমত ৭৮,০০০, মণিপুৰত ৩,৮০০ আক্ৰান্ত; অমিত শ্বাহৰ কেন্দ্ৰীয় সাহায্যৰ আশ্বাস

Story by  atv | Posted by   Imtiaz Ahmed • 1 d ago
জোৰাবাটত বানপানী
জোৰাবাটত বানপানী
গুৱাহাটী

দেওবাৰেও উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ বান পৰিস্থিতি সংকটজনক হৈয়েই আছে। ধাৰাবাহিকভাৱে হোৱা প্ৰচণ্ড বৰষুণে হাজাৰ হাজাৰ লোকক প্ৰভাৱিত কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসম, অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ মুখ্যমন্ত্ৰীৰ লগতে মণিপুৰৰ ৰাজ্যপালৰ সৈতে বাৰ্তালাপ কৰি সংকটৰ সৈতে মোকাবিলা কৰিবলৈ সম্ভৱপৰ সকলো সহায়ৰ আশ্বাস দিয়ে।

এক্সত শ্বাহে পোষ্ট কৰি কয় যে, "অসম, ছিকিম, আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী আৰু মণিপুৰৰ ৰাজ্যপালৰ সৈতে তেওঁলোকৰ ৰাজ্যত চলি থকা প্ৰচণ্ড বৰষুণৰ পৰিপ্ৰেক্ষিতত কথা পাতিছিলোঁ। লগতে যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সম্ভৱপৰ সকলো সহায়ৰ আশ্বাস দিছিলো।"

বিষয়াসকলৰ মতে, অসমৰ ১৫খনতকৈও অধিক জিলাৰ ৭৮ হাজাৰৰো অধিক লোক বানত ক্ষতিগ্ৰস্ত হৈছে বুলি বাতৰি সংস্থা পিটিআইয়ে প্ৰকাশ কৰিছে। ব্ৰহ্মপুত্ৰ আৰু বৰাককে ধৰি দহখন ডাঙৰ নদী বিপদৰ সীমাৰ ওপৰেৰে বৈ থকাৰ বাবে কেন্দ্ৰীয় জল আয়োগে ‘অৰেঞ্জ বুলেটিন’ জাৰি কৰিছে।

অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই এক্সত এক প’ষ্টত কয়, “অসমৰ বানপানীৰ সন্দর্ভত সোধা-পোছাৰ বাবে অলপ সময়ৰ আগতে মাননীয় গৃহমন্ত্রী শ্রী @AmitShah ডাঙৰীয়াই মোক ফোন কৰি চলিত পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সম্ভৱপৰ সকলো সহায় আগবঢ়াব বুলি কৈছে৷ মই তেওঁক গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে সাৰাংশ দিছিলোঁ আৰু তেওঁৰ চিন্তা আৰু সমৰ্থনৰ বাবে আমি কৃতজ্ঞ।"

এই পৰ্যন্ত অসমত বান আৰু ভূমিস্খলনত ৮ জন লোকৰ মৃত্যু হৈছে। পথ পৰিবহণ, ৰে’ল সেৱা, ফেৰী চলাচলতো ব্যাঘাত জন্মিছে। পিটিআইৰ তথ্য অনুসৰি কামৰূপ জিলাৰ চয়গাঁও অঞ্চলত ৰাষ্ট্ৰীয় ঘাইপথ-১৭ৰ এটা অংশ ডুব যোৱাৰ বিপৰীতে ব্ৰহ্মপুত্ৰ উফন্দি উঠাৰ বাবে যোৰহাট অৰু মাজুলীৰ মাজত ফেৰী সেৱা বন্ধ হৈ পৰে।

চি ডব্লিউ চিয়ে প্ৰকাশ কৰা অনুসৰি ধলেশ্বৰী (হাইলাকান্দি), ৰুকনি (কাছাৰ), কটাখাল (হাইলাকান্দি), বৰাক (শ্ৰীভূমি), বুৰিদেহিং (তিনচুকীয়া), কুশিয়াৰা (শ্ৰীভূমি), ধনশিৰি (গোলাঘাট), আৰু কোপিলী (নগাঁও)কে ধৰি কেইবাখনো নদীই বিপদ সীমা অতিক্ৰম কৰিছে।

বৰাইগ্ৰাম–দুলাবচেৰা অংশত পানী জমা হোৱাৰ বাবে দুদিনৰ বাবে একাধিক ৰে’ল বাতিল কৰে উত্তৰ-পূব সীমান্ত ৰে’লৱে। গুৱাহাটী–দুলাবচেৰা ৰে’লখন বৰাইগ্ৰামত শ্বৰ্ট টাৰ্মিনেট কৰি তাৰ পাছত মঙলবাৰলৈকে বাতিল কৰা হয়।

মণিপুৰত প্ৰচণ্ড বৰষুণ আৰু উফন্দি উঠা নদীৰ ফলত বানপানী আৰু ভূমিস্খলনৰ ফলত বিগত ৪৮ ঘণ্টাত ৩৮০২ জন লোক ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ৮৮৩টা ঘৰৰ ক্ষতিসাধন হয়। বিষয়াসকলৰ মতে, ইম্ফল ইষ্টৰ খুৰাই, হাইংগাং, চেকনকে ধৰি একাধিক অঞ্চল মথাউৰি ভঙাৰ ফলত প্লাৱিত হৈছে বুলি পিটিআইয়ে প্ৰকাশ কৰিছে।

ভাৰতীয় সেনা আৰু অসম ৰাইফলছে অল ইণ্ডিয়া ৰেডিঅ’ ইম্ফল খালী কৰাকে ধৰি ৮০০ৰো অধিক লোকক উদ্ধাৰ কৰাৰ লগতে দুৰ্গম অঞ্চলত চলাচলত সহায়ক হোৱাকৈ অস্থায়ী ফুটব্ৰিজ নিৰ্মাণ কৰে।

মণিপুৰৰ ৰাজ্যপাল অজয় ​​কুমাৰ ভল্লাই মুখ্য সচিব পি সিঙৰ সৈতে বানপীড়িত অঞ্চল পৰিদৰ্শন কৰি বিষয়াসকলক পূৰ্ব-নিষেধমূলক ব্যৱস্থা ৰূপায়ণ কৰিবলৈ আৰু সাহায্য আৰু উদ্ধাৰ প্ৰচেষ্টা ফলপ্ৰসূভাৱে সম্পন্ন কৰাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।

ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীক সতৰ্ক কৰি দিয়া হৈছে বুলি বিষয়াসকলে জানিবলৈ দিয়ে।

ইফালে, অৰুণাচল প্ৰদেশত যোৱা দুদিনত ভূমিস্খলনৰ ফলত ৯ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। চুবুৰীয়া ৰাষ্ট্ৰ ছিকিমৰ উত্তৰ ছিকিমত প্ৰায় ১৫০০ পৰ্যটক আবদ্ধ হৈ পৰে কাৰণ ভূমিস্খলনে মূল পথ বন্ধ কৰে। মংগন জিলাত ১১জন পৰ্যটক কঢ়িয়াই অনা এখন বাহন তীস্তা নদীত ডুব যোৱাৰ ফলত শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়। পিটিআইৰ মতে এজন লোক নিহত, দুজন আহত, আৰু আঠজন নিৰুদ্দেশ হৈ আছে।

এক সুকীয়া ঘটনাত দেওবাৰে ভাৰতীয় বায়ুসেনাৰ জোৱানে অসম-অৰুণাচল প্ৰদেশ সীমান্তত উফন্দি উঠা বোমজিৰ নদীত আবদ্ধ হৈ থকা ১৪ জন লোকক উদ্ধাৰ কৰে। তিনিচুকীয়া জিলাৰ উপায়ুক্ত স্বপনীল পলে কয়, “এটা সাহসী উদ্ধাৰ অভিযানত উফন্দি উঠা বোমজিৰ নদীত আবদ্ধ ১৪ জন ব্যক্তিক আই এ এফৰ হেলিকপ্টাৰেৰে উদ্ধাৰ কৰা হয়।” অৰুণাচল প্ৰদেশৰ বিষয়াৰ সহযোগত চলোৱা এই অভিযানত আৱদ্ধ হৈ থকা সকলোকে নিৰাপদে ঘূৰি অহাটো নিশ্চিত কৰা হয়।

বৰষুণ অব্যাহত থকাৰ বাবে সমগ্ৰ অঞ্চলটোত এনডিআৰএফ, এছডিআৰএফ, আৰক্ষী, অগ্নিনিৰ্বাপক সেৱাকে ধৰি একাধিক সংস্থা মোতায়েন অব্যাহত আছে। অসমৰ মুখ্যমন্ত্ৰী শৰ্মাই শুকুৰবাৰে উল্লেখ কৰে যে উত্তৰ-পূৰ্বাঞ্চলৰ বৃহৎ অঞ্চল অবিৰত বৰষুণ আৰু ব্যাপক ডাৱৰৰ আৱৰণৰ বাবে ৰাজ্যখন “অস্বাভাৱিক পৰিস্থিতি”ৰ সন্মুখীন হৈছে।