আৰ্ছেল আখতাৰ
যোৱা মে' মাহত ভাৰতত অভিলেখ ভংগকাৰী বাৰিষাৰ বৰষুণৰ ফলত কেইবাটাও অঞ্চলত ভয়াৱহ বানপানী আৰু ভূমিস্খলনৰ সৃষ্টি হৈছিল। উত্তৰ-পূব ভাৰত বিশেষভাৱে ক্ষতিগ্রস্ত হৈছিল- অসম, মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ দৰে ৰাজ্যত বৰষুণৰ উদ্বৃত্ত ৪০০% পৰা ১১০০% ৰ স্বাভাৱিক মাত্ৰাৰ ওপৰত দেখা গৈছিল। ইম্ফল, ইন্দোৰ আৰু বেংগালুৰুৰ দৰে চহৰসমূহে অভাৱনীয় বৰষুণৰ বাবে অনেক ব্যাঘাতৰ সন্মুখীন হৈছিল, যিয়ে চৰম বতৰৰ পৰিঘটনাৰ প্ৰতি নগৰীয়া আন্তঃগাঁথনিৰ দুৰ্বলতাক উজ্জ্বল কৰি তুলিছিল।
গুৱাহাটীত ধাৰাসাৰ বৰষুণৰ ফলত ব্যাপক পানী জমা হোৱা, বিদ্যুৎ বিচ্ছিন্ন হোৱাৰ লগতে খহনীয়াৰ ফলত একাধিক লোকৰ প্ৰাণহানি হয়। জলবায়ু পৰিবৰ্তন আৰু এই নির্দিষ্ট পৰিঘটনাৰ মাজৰ প্ৰত্যক্ষ সংযোগ জটিল হ'লেও এনে পৰিঘটনাৰ ক্ৰমাৎ বৃদ্ধি পোৱা কম্পাংক আৰু তীব্রতাই পৰিবেশৰ অৱক্ষয়ৰ বহল প্রভাৱৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বিশেষকৈ অট'ম'বাইল খণ্ডৰ পৰা হোৱা প্রদূষণে গ্রীন হাউছ গেছৰ নির্গমণত যথেষ্ট অৰিহণা যোগায়, যাৰ ফলত জলবায়ু সম্পর্কীয় প্রত্যাহানসমূহ আৰু অধিক ভয়াৱহ হৈ পৰে।
অৰুণাচল প্ৰদেশত কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৰ সৈতে চাইকেল চলোৱা এটা দল
আমাৰ চহৰবোৰ ক্ৰমান্বয়ে যান-জঁট আৰু বায়ু প্রদূষণত শ্বাসৰুদ্ধ হৈ পৰিছে। ব্যক্তিগত বাহনসমূহ সুবিধাজনক যেন লাগিলেও কার্বন নির্গমণ আৰু অন্যান্য প্রদূষকৰ প্রধান উৎস। আমি এইবোৰৰ ওপৰত বহু পৰিমাণে নির্ভৰশীল হৈ পৰিছো আৰু একে সময়তে আমি ইয়াৰদ্বাৰা সৃষ্টি হোৱা সমস্যা, যেনে-বৃদ্ধি পোৱা যান-জঁট, বায়ুৰ গুণাগুণ হ্রাস, জনস্বাস্থ্যৰ অৱনতি আদিৰ বিষয়ে অভিযোগ কৰিয়েই আছোঁ। আমি আমাৰ ব্যক্তিগত বাহন ব্যৱহাৰ কৰি প্রতিদিনে প্রদূষণ কৰাত সহায় কৰা একেটা বিষাক্ত বায়ুৰে উশাহ লৈ যাওঁ। নিজৰ গাড়ীৰ ভিতৰত বহি যান-জঁট বাঢ়িছে বুলি আমি অভিযোগ কৰোঁ।
পৃথিৱীখন সলনি হৈ আছে আৰু আমিও ইয়াৰ লগে লগে সলনি হ'ব লাগিব। এই দোষ আৰু নিষ্ক্রিয়তাৰ চক্র শেষ হ'ব লাগিব। প্রকৃত পৰিবর্তন আৰম্ভ হয় ব্যক্তিগত দায়বদ্ধতাৰ পৰা আমাৰ মানসিকতা সলনি কৰাৰ সময় আহি পৰিছে। আমি আমাৰ সমাজত গাড়ীৰ মালিক হোৱা বা চলোৱাটো এটা ষ্টেটাছ ছিম্বল হিচাপে দেখাটো বন্ধ কৰিব লাগিব। এইবোৰক কেৱল এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ বাহন হিচাপে চাব লাগিব। বৰঞ্চ আমি এনে বহনক্ষম সিদ্ধান্তৰ বাবে গৌৰ কৰিব লাগিব, যিয়ে কেৱল আমাৰ উপকাৰেই নহয়, আমাৰ পৰিয়াল, প্রিয়জনৰ বাবে আৰু পৰৱৰ্তী প্রজন্মৰ বাবেও আদর্শ দাঙি ধৰিব।
আমি ভোগবাদৰ প্ৰতি নহয়, বহনক্ষমতাৰ প্রতি আমাৰ দায়বদ্ধতা দেখুৱাব লাগিব। এই পৰিবৰ্তন প্ৰদৰ্শন কৰাৰ এটা প্ৰভাৱশালী সুযোগ আহি আছে বিশ্ব চাইকেল দিৱস। প্রতি বছৰে ৩ জুন তাৰিখে বিশ্ব চাইকেল দিৱস হিচাপে উদযাপন কৰা হয় চাইকেলখনক সহজ, সুলভ আৰু বহনক্ষম পৰিবহণ মাধ্যম হিচাপে স্বীকৃতি দিবলৈ। এই বিশেষ দিনটোৰ আৰম্ভণি পোলেণ্ড-আমেৰিকান সমাজ বিজ্ঞানী তথা প্রাক্তন ৰাষ্ট্রীয় চাইকেল আৰোহী অধ্যাপক লেচেক ছিবিলস্কিৰ পৰাই আৰম্ভ হৈছে। ২০১৮ চনত তুর্কমেনিস্তান আৰু আন ৫৬ খন দেশৰ সমর্থনত তেওঁৰ তৃণমূল পর্যায়ৰ অভিযানৰ ফলত ৰাষ্ট্ৰসংঘই ৩ জুন তাৰিখক আনুষ্ঠানিকভাৱে বিশ্ব চাইকেল দিৱস হিচাপে নির্ধাৰণ কৰে।
দিল্লীৰ কৰ্তব্য পথ উলিওৱা এক চাইকেল ৰেলী
এই দিৱসটোৱে বহনক্ষম উন্নয়নৰ লালন-পালন, স্বাস্থ্যৰ প্রসাৰ, আক সামাজিক অন্তর্ভুক্তিক উৎসাহিত কৰাত চাইকেলৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। চহৰৰ মানুহে প্রদূষণ, যান-জঁট আৰু আৰামী জীৱনশৈলীৰ সৈতে যুঁজি থকা যুগত চাইকেল চলোৱাটোৱে আশাৰ পোহৰক প্রতিনিধিত্ব কৰে। ই কেৱল স্বাস্থ্য বা বিনোদনৰ কথা নহয়, ই আমাৰ ৰাজপথসমূহক গাড়ীৰ ওপৰত নিৰ্ভৰশীলতাৰ পৰা পুনৰ উদ্ধাৰ কৰাত সহায় কৰে। এখন শক্তিশালী, শৃংখলাবদ্ধ সমাজ গঢ়ি তোলা আৰু পৰিষ্কাৰ, অধিক বসবাসযোগ্য চহৰ সৃষ্টি ক্ৰাত সহায় কৰে।
আপোনাৰ চাইকেল চলোৱাৰ কাৰণ যিয়েই নহওঁক কিয়, অহা-যোৱাৰ বাবে, স্বাস্থ্য আৰু ফিটনেছৰ বাবে, পৰিবেশৰ বাবে, বা শান্তিৰ বাবে আপুনি অধিক বহনক্ষম আৰু সমতাপূর্ণ নগৰীয়া ভৱিষ্যতক প্ৰসাৰিত কৰা আন্দোলনৰ অংশ। চাইকেলে কোনো প্রদূষণ নির্গত নকৰে। যদিহে গাড়ী ব্যৱহাৰকাৰীৰ এটা সৰু অংশয়ো চুটি ভ্রমণৰ বাবে চাইকেল চলোৱাৰ দিশত আগবাঢ়ি যায়, তেন্তে ই কার্বন নির্গমণ বহু পৰিমাণে হ্রাস কৰিব পাৰে আৰু বায়ুৰ গুণাগুণ উন্নত কৰিব পাৰে। নিয়মিত চাইকেল চলোৱাৰ ফলত হৃদৰোগ, মেদবহুলতা, ডায়েবেটিছ আৰু মানসিক স্বাস্থ্যজনিত সমস্যাৰ সম্ভাৱনা হ্রাস পায়।
চাইকেল হৈছে গণতান্ত্রিক পৰিবহণৰ পদ্ধতি সস্তা আৰু ছাত্র-ছাত্রী, দৈনিক মজুৰি আদায় কৰা আৰু মহিলাকে ধৰি সমাজৰ এক বহল শ্ৰেণীৰ বাবে সুলভ। চাইকেল চলোৱাৰ ফলত ইন্ধনৰ খৰচ ৰাহি হয়, স্বাস্থ্যসেৱাৰ খৰচ কম হয় আৰু মানৱ পৰ্যায়ৰ গতিশীলতাক প্ৰসাৰিত কৰি স্থানীয় ব্যৱসায়িক সহায় কৰা হয়। ই পথৰ যান-জঁট হ্রাস কৰাত সহায় কৰে, যিয়ে পাচলৈ অহা-যোৱাৰ সময় হ্রাস কৰে, উৎপাদনশীলতা বৃদ্ধি কৰে, সকলো যাতায়াতৰ বাবে মানসিক চাপ কমায় আৰু ব্যয় বহুল পথ সম্প্ৰসাৰণ প্ৰকল্পৰ প্রয়োজনীয়তা হ্রাস কৰে।
কণ কণ শিশুৱে ৰাজপথত চাইকেল চলোৱা এক দৃশ্য
বহুতে যুক্তি আগবঢ়ায় যে, আমাৰ চহৰবোৰত নিৰাপদ চাইকেল চলোৱাৰ আন্তঃগাঁথনিৰ অভাৱ। সেইটো সঁচা কিন্তু অপেক্ষা কৰিলে নিৰাপদ পথ নির্মাণ নহ'ব। মৌন হৈ বহি বা কাষত ৰৈ থকাৰ পৰা পৰিবৰ্তন নহয়। উন্নত আন্তঃগাঁথনিৰ দাবী কৰিবলৈ হ'লে আমি প্রথমে ইয়াৰ বাবে দৃশ্যমান চাহিদা সৃষ্টি কৰিব লাগিব। পথত থকা প্রতিজন চাইকেল আৰোহীয়েই হৈছে পৰিষ্কাৰ, নিৰাপদ, অধিক অন্তর্ভুক্ত ৰাস্তাৰ সপক্ষে দিয়া এক বক্তব্য নিখুঁত পৰিস্থিতিৰ বাবে অপেক্ষা কৰা বন্ধ কৰো আঁহক।
আঁহক আমি গতি সৃষ্টি কৰা পৰিবৰ্তন হওঁ। আমাৰ ৰাস্তাবোৰ সকলোৰে বাবে ভাগ কৰা ঠাই হ'ব লাগে-মানুহ আৰু বাহনৰ মাজত যুদ্ধক্ষেত্ৰ নহয়। যদি আপুনি নিয়মীয়া চাইকেল আৰোহী নহয়, কিন্তু চাইকেল চলাব জানে আৰু আপোনাৰ চাইকেল আছে, তেন্তে এই বিশ্ব চাইকেল দিৱসৰ পৰাই আপোনাৰ ব্যক্তিগত সুস্থ যাত্রা আৰম্ভ কৰাৰ কথা চিন্তা কৰক। এটা মাত্র যাত্রাই এনে এটা অভ্যাস আৰম্ভ কৰিব পাৰে, যিয়ে কেৱল আপোনাৰ স্বাস্থ্যৰ বাবেই নহয়, আপোনাৰ চহৰৰ বতাহ, ৰাস্তা-ঘাট আৰু ভৱিষ্যতৰ বাবেও উপকৃত কৰে। আৰু যদি আপুনি ইতিমধ্যে এজন নিয়মীয়া চাইকেল আৰোহী, তেন্তে এই সুযোগ ব্যৱহাৰ কৰি আনক অনুপ্রাণিত কৰক- আপোনাৰ এই কার্য বহুতৰে বাবে এক শক্তিশালী প্ৰেৰণা হ'ব। ৩ জুনত কেৱল নিজৰ বাবেই নহয়, আপোনাৰ চহৰ, আপোনাৰ সমাজ আৰু আগত প্রজন্মৰ বাবে চাইকেল চলাওক।
(আজি বিশ্ব চাইকেল দিৱস উপলক্ষে এই লীখাটি প্ৰকাশ কৰা হৈছে।)