প্ৰেমৰ বান্ধোনেৰে বান্ধ খাই থকা ছানিয়া মিৰ্জাৰ ডুবাইৰ বাসগৃহটো

Story by  atv | Posted by  Munni Begum • 15 h ago
ছানিয়া মিৰ্জা আৰু ডুবাইত থকা তেওঁৰ বাসগৃহটো
ছানিয়া মিৰ্জা আৰু ডুবাইত থকা তেওঁৰ বাসগৃহটো
 
আৱাজ-দ্য ভইচ অসম ব্যুৰো 
 
টেনিছ তাৰকা ছানিয়া মিৰ্জাই পেছাদাৰী টেনিছ খেলৰ পৰা অৱসৰ লৈছে, যদিও ঘৰত তেওঁ শান্ত আৰু উষ্মতাৰে ভৰা এটা জীৱন গঢ়ি তুলিছে। কনিষ্ঠ ভগ্নী আনম মিৰ্জা আৰু পুত্ৰ ইঝানৰ সৈতে বাস কৰা পাম জুমেইৰাত থকা তেওঁৰ ডুবাইৰ বাসগৃহটোৱে প্ৰেমৰ বান্ধোনেৰে বান্ধ খাই থকা পৰিয়ালৰ আৱেগিক স্থাপত্যক প্ৰতিফলিত কৰে।   
 
এছিয়ান পেইণ্টছৰ বাবে হোম ট্যুৰৰ এক ভিডিঅ’ত ছানিয়াই কয়, "এখন ঘৰ মানে হৈছে এক অনুভৱ। য'ত আপুনি আটাইতকৈ বেছি শান্তি অনুভৱ কৰিব পাৰে। মই ঘৰলৈ আহিলে মোৰ প্ৰতিটো জয় বা পৰাজয়ৰ কথা মই পাহৰি যাওঁ। কাৰণ ঘৰখন মোৰ বাবে এক অতি নিৰাপদ ঠাইৰ দৰেই। যিয়ে মোক দুখ-ভাগৰ, মানসিক অশান্তি আদি সকলো পাহৰাই পেলোৱাত সহায় কৰে।"
 
 ছানিয়া মিৰ্জাৰ ডুবাইৰ বাসগৃহটোৰ ভিতৰৰ অংশ
 
ছানিয়াই কয়, ঘৰখনেই সেই ঠাই, য'ত আমি সকলোৱে হয়তো আটাইতকৈ বেছি সময় কটাওঁ। ইয়াত জীৱনধৰণৰ বাবে বিশাল ড্ৰয়িং স্লেছ ডাইনিং, স্লেছ কিচেন আছে, যিটো এতিয়া মোৰ চাৰে চাৰি বছৰীয়া ল'ৰাটোৰ বাবে ফুচবল টেবুল এৰিয়ালৈ ৰূপান্তৰিত কৰা হৈছে।   
 
এই ঘৰটোত কেৱল আনন্দময় পৰিবেশে আধিপত্য বিস্তাৰ কৰাই নহয়, ইয়াক অভয়াৰণ্যৰো আভাসেৰেও নিৰ্মাণ কৰা হৈছে। ছানিয়াই অতীতৰ কথা স্মৰণ কৰি কয় যে, মোৰ জীৱনটো ইমানেই বেছি ৰাজহুৱা হৈ গৈছিল, যাৰ বাবে মোৰ অনুভৱ হৈছে যে ঘৰখনে মোৰ বাবে নিৰাপদ স্থান। মোৰ চাৰিওফালে থকা উন্মাদনাতাই মোক সদায় বিবেকবোধ কৰি তুলিছিল।  
 
ছানিয়াৰ ঘৰৰ আটাইতকৈ শান্ত অংশটো হৈছে নামাজ পঢ়া কোঠাটো। ছানিয়াই কয়, "এই কোঠাটোৰ ৰঙ পাতল খেৰ বৰণীয়া। মই এখন আধ্যাত্মিকতাৰে ভৰা পৰিয়াল ছোৱালী। সেয়েহে যেতিয়া মই অস্থিৰ অনুভৱ কৰো তথা যেতিয়াই মই অশান্ত অনুভৱ কৰো, তেতিয়াই মই এই কোঠাটোলৈ যাওঁ। যিয়ে মোক সঁচাকৈয়ে সতেজতা অনুভৱ কৰোৱাই৷" 
 
ছানিয়া মিৰ্জাৰ ডুবাইৰ বাসগৃহটোৰ সন্মুখৰ অংশ
 
মাতৃত্বই ছানিয়াৰ ঘৰৰ প্ৰতি থকা দৃষ্টিভংগীকো গভীৰভাৱে গঢ় কৰি তুলিছে। মাতৃ হোৱাৰ পিছত টেনিছৰ প্ৰতি মোৰ দৃষ্টিভংগী সলনি হ’ল বুলিও ছানিয়া কয়। 
 
ইঝানৰ নীলা আৰু ধূসৰ ৰঙৰ থিমৰ কোঠাটোৰ পৰা আৰম্ভ কৰি নিজৰ গাঢ় সেউজীয়া মাষ্টাৰ বেডৰুমলৈকে ছানিয়াই উদ্দেশ্যপ্ৰণোদিতভাৱে প্ৰতিটো স্থান ডিজাইন কৰিছে। আক্ষৰিক অৰ্থত ইয়াত থকা প্ৰতিটো সৰু সৰু বস্তু ক্ৰমে ৰংবোৰৰ পৰা আৰম্ভ কৰি ইয়াত থকা প্ৰতিটো ফ্ৰেম, মই বিচৰা ঠাইতে ৰখা আছে।    
 
শ্ব’ষ্টপাৰৰ ভিতৰত এটা অন্যতম হৈছে ছানিয়াৰ ড্ৰেছিং ৰুম, যিটো কোঠা ছানিয়াই তেওঁৰ আটাইতকৈ ব্যক্তিগত অভয়াৰণ্যস্বৰূপ বুলি উল্লেখ কৰিছে। এই কোঠাটো মই নিজকেই বেছিকৈ বিচাৰি পাওঁ। গতিকে আপোনালোকে ইয়াত সকলোবোৰ সু-সংগঠিতভাৱে থকা দেখিব।  
 
ছানিয়া মিৰ্জাৰ ডুবাইৰ বাসগৃহটোত থকা নামাজ পৰা কোঠাটো
 
আনকি আনুষ্ঠানিক ডাইনিং এৰিয়াটোও অৰ্থৰে পৰিপূৰ্ণ। মই সদায় এটা এটা কোঠাক অতি আনুষ্ঠানিক কৰি তুলিব বিচাৰিছিলো। কাৰণ মোৰ অনুভৱ হয় যে, সোণ এনেকুৱা এটা বস্তু, যিটো বেয়াকৈ ব্যৱহাৰ কৰিলে, দেখাত বহুত বেয়া হব পাৰে। কিন্তু এই কোঠাটোক মই অলপ ব্যতিক্ৰমী ধৰণৰ ৰূপ দিবলৈ কিছুমান সোণৰো ব্যৱহাৰ কৰিছো৷    
 
 
ছানিয়াৰ প্ৰিয় ডিজাইনৰ বৈশিষ্ট্য হৈছে ক’লা আৰু বগা ৰেখা অংকন কৰা এখন দেৱাল, যিয়ে সমানে দৃশ্যমান নাটক আৰু আৰামদায়কতা অনুভৱ কৰাই। যিখন দেৱাল প্ৰকৃততে মোৰ আটাইতকৈ প্ৰিয় দেৱালবোৰৰ ভিতৰত অন্যতম বুলিও ছানিয়াই কয়।  
 
এই ঘৰটোৰ আত্মাক উৎফুল্লিত কৰা সকলো ডিজাইনতে ছানিয়াৰ আৱেগ অন্তৰ্নিহিত হৈ আছে৷ তেওঁ কয়, প্ৰত্যেক ঘৰে কিবা নহয় কিবা ব্যাখ্যা কৰে। মই ভাবো মোৰ ঘৰত লিখা আছে যে, এই ঘৰখন বহু মৰমেৰে নিৰ্মাণ কৰা হৈছিল। ইয়াত বহু স্মৃতি সিচঁৰিত হৈ আছে, যিবোৰ আমি বহুত মৰমেৰে ভাগ কৰি লওঁ।