আৱাজ দ্য ভইচ অসম ব্যুৰ'
বাস্তৱ জীৱনৰ তুলনাত চলচ্চিত্ৰৰ স্ক্ৰিপ্টৰ দৰে অনুভৱ হোৱা এক কাহিনীৰ সাক্ষী হৈছিল ছুইজাৰলেণ্ডৰ টেনিছ তাৰকা ৰ'জাৰ ফেডাৰাৰে। বিশ বছৰ আগতে যেতিয়া ফেডাৰাৰে কেৰিয়াৰৰ উচ্চতা স্পৰ্শ কৰিছিল, তেতিয়া কিংবদন্তি গৰাকীয়ে দুগৰাকী পৰিত্যক্ত যমজ কন্যাক উদ্ধাৰ কৰিছিল।
সেয়া আছিল ২০০৫ চনৰ কথা। ফেডাৰাৰে তেতিয়া মাত্ৰ উইম্বলডন জয় কৰিছিল আৰু দ্ৰুতগতিত বিশ্ব ক্ৰীড়াৰ এগৰাকী প্ৰখ্যাত হিচাপে পৰিগণিত হৈছিল। দক্ষিণ আফ্ৰিকাৰ এখন দুৰ্গম গাঁৱলৈ ভ্ৰমণৰ সময়ত ফেডাৰাৰে এক হৃদয় বিদাৰক পৰিস্থিতিৰ সন্মুখীন হৈছিল। দুগৰাকী যমজ কন্যা শিশুক স্থানীয় এখন স্বাস্থ্য ক্লিনিকৰ বাহিৰত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰা হৈছিল।
এই দৃশ্যই তেওঁৰ অন্তৰত খুন্দা মাৰিছিল আৰু তেওঁ যমজ শিশু দুটাক এৰি থৈ যাবলৈ ইচ্ছা কৰা নাছিল। ফেডাৰাৰে তেওঁলোকৰ যত্ন, শিক্ষা আৰু দীৰ্ঘম্যাদী সহায়ৰ বাবে ধন যোগান ধৰাৰ সিদ্ধান্ত লৈছিল। অৱশ্যে তেওঁ এক ফাউণ্ডেচনৰ জৰিয়তে এই কাম অতি সংগোপনে কৰিছিল।
সেই সময়ত কোনো প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰা হোৱা নাছিল। বিনম্ৰতা আৰু উদাৰতাৰ বাবে জনাজাত ফেডাৰাৰে এই ঘটনাৰ বিষয়ে কেতিয়াও ৰাজহুৱাভাৱে কোনো কথা কোৱা নাছিল। অনুৰাগীসকলেও এই বিষয়ে একো নাজানিছিল।
২০ বছৰ পাৰ হৈ গ'ল। এতিয়া সেই যমজ শিশুহাল ২০ বছৰীয়া যুৱতী হৈছে। ফেডাৰাৰক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে জেনেভাত শেহতীয়াকৈ অনুষ্ঠিত এক অনুষ্ঠানত যুৱতী দুগৰাকী অনাকাংক্ষিতভাৱে উপস্থিত হয়। দুয়োগৰাকীয়ে বগা বস্ত্ৰ পৰিধান কৰি মঞ্চত ওলোৱাৰ লগে লগে গোটেই কোঠাটো নিস্তব্ধ হৈ পৰিল।
তেওঁলোকে নিজৰ কাহিনী বৰ্ণনা কৰিবলৈ আৰম্ভ কৰিলে। "আমি পৰিত্যক্ত হৈ পৰি থকাৰ কথাটো মনত নাই। এজন ব্যক্তিয়ে আমাক কৈছিল যে তোমালোকক এজন বিশেষ ব্যক্তিয়ে উদ্ধাৰ কৰিছিল। আৰু যিজনে আমাৰ জীৱন বচাইছিল, তেওঁ আজি এই ঠাইতে বহি আছে।" তেওঁলোকৰ কথা শুনি উপস্থিত লোকসকল আৱেগিক হৈ পৰে। ফেডাৰাৰ নিজেও হতবাক আৰু অভিভূত হৈ পৰিছিল।
তাৰপাছত যি ঘটিল সেইটোৱে সকলোকে আৰু হতবাক কৰি তুলে। যমজ ভগ্নীদ্বয়ে ফেডাৰাৰৰ নামত এটা বৃত্তি পুঁজি (Scholarship fund) মুকলি কৰাৰ কথা ঘোষণা কৰে আৰু এই পুঁজিয়ে গ্ৰামাঞ্চলৰ দুৰ্বল শিশুসকলক ক্ৰীড়া আৰু শিক্ষাৰ সুবিধা প্ৰদান কৰাত সহায় কৰিব। তেওঁলোকে কয় যে ফেডাৰাৰে তেওঁলোকক যথেষ্টখিনি দিছে। এতিয়া তেওঁলোকৰ পাল।
প্ৰেক্ষাগৃহটোত থকা সকলো লোকে থিয় হৈ ফেডাৰাৰ আৰু যমজ ভ্গ্নীদ্বয়ক প্ৰশংসা কৰে। এই আৱেগিক ক্ষণে ফেডাৰাৰৰ পৰিয়ালৰ লগতে প্ৰাক্তন খেলুৱৈ তথা তাৰকা খেলুৱৈ আৰু অতিথিসকলৰ চকু পানীৰে ভৰাই তোলে। ভাষ্যকাৰসকলে ইয়াক টেনিছ ইতিহাসৰ অন্যতম শক্তিশালী মুহূৰ্ত বুলি অভিহিত কৰে। ট্ৰফী বা খিতাপৰ বাবে নহয়, ইয়াক দয়া-মৰম আৰু সহানুভূতিৰ এক অদ্ভুত পৰিঘটনা হিচাপে চিৰদিন মনত ৰখা হ'ব।
অনুষ্ঠানৰ শেষত ফেডাৰাৰে কঁপা কঁপা কণ্ঠৰে কয়, "মই ভাবো যে মই মাথো দুজন মানুহৰ জীৱন ৰক্ষা কৰিছিলো। মই কল্পনাও কৰিব পৰা নাছিলো যে তেওঁলোক উভতি আহি সমগ্ৰ বিশ্বক অনুপ্ৰাণিত কৰিব।"