মুম্বাই
এটা সৰু অথচ স্মাৰ্ট পৰিৱৰ্তনৰ জৰিয়তে ধন সঞ্চয় কৰিছে ছানিয়া মিৰ্জাৰ ভগ্নী অনাম মিৰ্জাই। ইনষ্টাগ্ৰামৰ এটা ভিডিঅ'ত, অনামে কৈছে যে তেওঁ UPI এপ্ ব্যৱহাৰ কৰা সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে আৰু আনকি তেওঁ নিজৰ ফোনৰ পৰা গুগল পে'ও ডিলিট কৰিছে।
"এই বছৰ মই গুগল পে ব্যৱহাৰ কৰা বন্ধ কৰিলো। মোৰ ফোনত কোনো UPI নাই। ইয়াৰ ফলত মোৰ ডিজিটেল লেনদেন বন্ধ হৈছে। এই বছৰ মই মোৰ ইউপিআই এপসমূহ ডিলিট কৰিলোঁ, একাউণ্টবোৰত কোনো বেলেন্স নাই।", তেওঁ ভিডিঅ'টোত কয়।
ইয়াৰ ফলত অনামে খৰচৰ ক্ষেত্ৰত অধিক সতৰ্ক হ’ব পাৰিছে। প্ৰথমতে কিছু জটিলতাৰ সন্মুখীন হৈছিল। তেওঁ আনকি বন্ধু-বান্ধৱীক কফি কিনিবলৈও ক’বলগীয়া হৈছিল। কিন্তু, সময়ৰ লগে লগে তেওঁ অভ্যস্ত হৈ পৰিল। অনাম মিৰ্জাই তেওঁৰ ধাৰাবাহিক লিটিল চেঞ্জছ, বিগ ইমপেক্টৰ অংশ হিচাপে এই টিপছ শ্বেয়াৰ কৰিছে।
মোহময়ী টেনিছ তাৰকা ছানিয়া মিৰ্জাৰ ভগ্নী অনাম মিৰ্জা
অনামে কয় যে দ্ৰুত ধন পৰিশোধ কৰাটো এৰাই চলাত তেওঁৰ ধন ক’লৈ গৈছে, কিমান গৈছে সেই বিষয়ে অধিক সচেতন হ'ব পাৰিছে। ই তেওঁক অধিক সঞ্চয় কৰাত সহায় কৰিছে।
তেওঁৰ এই সিদ্ধান্তই ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। 'আপুনি ইতিমধ্যে ধনী হোৱাৰ বাবে আপোনাৰ বাবে এয়া উপযুক্ত। আমাৰ দৰে মধ্যবিত্ত মানুহেহে অনুভৱ কৰিব পাৰো ইউপিআই থকাটো কিমান সুবিধাজনক। অপ্ৰয়োজনীয় খৰচ কৰাৰ আগতে মানুহে নিশ্চিতভাৱে চিন্তা কৰা উচিত কিন্তু তাৰ বাবে ইউপিআই একাউণ্ট ডিলিট কৰাৰ প্ৰয়োজন নাই,” এজন ব্যৱহাৰকাৰীয়ে লিখিছে।
আন এজনে লিখিছে, "ইমান টকা সঞ্চয় কৰি ক’লৈ যাবা ? কিছু খৰচ কৰা, আনকো জীৱিকা উপাৰ্জন কৰিবলৈ দিয়া।”
আনহাতে, কিছুমান ব্যৱহাৰকাৰীয়ে অনাম মিৰ্জাৰ এই পদক্ষেপৰ প্ৰশংসা কৰে। এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "ময়ো ৬ মাহ ধৰি এই কাম কৰি আছো আৰু ডাঙৰ পাৰ্থক্য দেখিবলৈ পাইছো। এতিয়া আমাৰ অতিৰিক্ত খৰচ হোৱা নাই। এই অভ্যাসে আমাৰ জীৱনত নিশ্চিতভাৱে অতি ডাঙৰ প্ৰভাৱ পেলাব।"
আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "ব্যয়ৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিবলৈ এয়া সম্পূৰ্ণৰূপে সঠিক সিদ্ধান্ত।" ছানিয়া মিৰ্জাৰ ভগ্নী অনাম মিৰ্জা হৈছে এগৰাকী ব্যৱসায়ী আৰু প্ৰাক্তন ক্ৰিকেটাৰ মহম্মদ আজহাৰুদ্দিনৰ পুত্ৰ মহম্মদ আছাদুদ্দিনৰ পত্নী।
বিবাহ অনুষ্ঠানত ছানিয়া মিৰ্জাৰ সৈতে অনাম মিৰ্জা
উল্লেখ্য যে, ২০২৫ চনৰ মে' মাহলৈকে ভাৰতত ৬৭৩ টা বেংক ইউপিআইৰ জৰিয়তে সক্ৰিয় হৈ আছে আৰু ২৫ লাখ কোটি টকাৰ লেনদেন হৈছে। নেশ্যনেল পেমেণ্ট কৰ্প'ৰেশ্যন অৱ ইণ্ডিয়া (এনপিচিআই)ৰ মতে, এছবিআইয়ে প্ৰতি মিনিটত প্ৰায় ৫,০০০ ট্ৰেন্সজেকশ্যনৰ সৈতে ইউপিআই ইক'ছিষ্টেমত অগ্ৰণী স্থান দখল কৰিছে। এইচডিএফচি বেংকে প্ৰতি মিনিটত প্ৰায় ১৫০০ ট্ৰেন্সজেকশ্যনৰ সৈতে দ্বিতীয় স্থানত আছে।
ইয়াৰ বিপৰীতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে দেশে পেপাল, ভেনম' আৰু জেলি (PayPal, Venmo and Zelle)ৰ দৰে বিভিন্ন ডিজিটেল লেনেদেন পদ্ধতি ব্যৱহাৰ কৰে।