পাকিস্তানক ফাইনেন্সিয়েল একচন টাস্ক ফ’ৰ্চৰ গ্ৰে লিষ্টলৈ ঘূৰাই অনা উচিতঃ আছাদুদ্দিন ওৱাইছি

Story by  atv | Posted by  [email protected] • 12 h ago
এ আই এম আই এমৰ মূৰব্বী আছাদুদ্দিন ওৱাইছি
এ আই এম আই এমৰ মূৰব্বী আছাদুদ্দিন ওৱাইছি

আৱাজ দ্য ভইচ অসম ব্যুৰ'

পাকিস্তানক ফাইনেন্সিয়েল একচন টাস্ক ফ’ৰ্চ (এফ এ টি এফ)ৰ গ্ৰে লিষ্ট (grey list)লৈ ঘূৰাই অনা উচিত। কাৰণ দেশখনে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ ২ বিলিয়ন ডলাৰৰ ঋণ নিজৰ সামৰিক আৰু সন্ত্ৰাসবাদী গোটসমূহক সহায় কৰিবলৈ ব্যৱহাৰ কৰিব পাৰে। এই গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে সৰ্বভাৰতীয় মজলিছ-ই-ইটেহাদুল মুছলিমীন (এ আই এম আই এম)ৰ মূৰব্বী আছাদুদ্দিন ওৱাইছিয়ে।
 
সন্ত্ৰাসবাদৰ বিৰুদ্ধে বিশ্বব্যাপী প্ৰচাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ বৈজয়ন্ত পাণ্ডাৰ নেতৃত্বত সৰ্বদলীয় প্ৰতিনিধি দলৰ অংশ আছাদুদ্দিন ওৱাইছিয়ে সোমবাৰে কয় যে পাকিস্তানৰ বিৰুদ্ধে অধিক কঠোৰ আৰ্থিক নিৰীক্ষণৰ প্ৰয়োজন আছে।
 
কুৱেইটত প্ৰৱাসী ভাৰতীয়সকলৰ সৈতে হোৱা এক মত বিনিময়ৰ সময়ত এ আই আই এম আই এমৰ সাংসদগৰাকীয়ে কয় যে পাকিস্তানক এফ এ টি এফৰ গ্ৰে লিষ্টত পুনৰ অন্তৰ্ভুক্ত কৰা উচিত। উল্লেখ্য যে, এফ এ টি এফৰ গ্ৰে লিষ্টত থকা দেশে যেতিয়াই ধনৰ লেনদেন কৰিব তেতিয়া সেই দেশৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় মহলৰ চোকা নিৰীক্ষণ থাকিব৷
তেওঁ লগতে আঙুলিয়াই দিয়ে যে মধ্যপ্ৰাচ্যত ধন সৰবৰাহ আৰু হাৱালা লেনদেনৰ জৰিয়তে ভাৰতৰ বিৰুদ্ধে সন্ত্ৰাসবাদী সংগঠনৰ পৃষ্ঠপোষকতাত পাকিস্তান প্ৰত্যক্ষভাৱে জড়িত হৈ আছে।
 
ভাৰতত মুছলমান জনসংখ্যা অধিক বুলি আঙুলিয়াই দি ওৱাইছিয়ে আৰু কয় যে পাকিস্তানে ভাৰতক লক্ষ্য কৰি ধৰ্মীয় বিষয় উত্থাপন কৰিব নোৱাৰে। ‘পাকিস্তানে ধৰ্মৰ বিষয়টো লৈ নিজকে মুছলমান বুলি ক’ব নোৱাৰে। ভাৰতত মুছলমানৰ জনসংখ্যা বেছি, আৰু আমি (ভাৰতীয় মুছলমান) তেওঁলোকতকৈ অধিক সচেতন আৰু গম্ভীৰ।’-তেওঁ কয়।
ওৱাইছি আৰু বৈজয়ন্ত পাণ্ডাৰ উপৰিও প্ৰতিনিধি দলটোত আছে বিজেপি সাংসদ নিশিকান্ত ডুবে, ফাংনন কন্যাক, ৰেখা শৰ্মা, সতনাম সিং সান্ধু, গুলাম নবী আজাদ আৰু কূটনীতিবিদ হৰ্ষ শ্ৰিংলা। প্ৰতিনিধি দলটোৱে ছৌদি আৰব, কুৱেইট, বাহৰেইন, আৰু আলজেৰিয়াৰ নেতাসকলৰ সৈতে আলোচনা কৰাৰ লগতে ২২ এপ্ৰিলৰ পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতি ভাৰতৰ সঁহাৰি আৰু সীমান্তৰ সীপাৰৰ পৰা হৈ থকা সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শক্তিশালী যুঁজৰ বিষয়ে আন্তঃৰাষ্ট্ৰীয় মহলক অৱগত কৰিব।
 
এজনকৈ সাংসদৰ নেতৃত্বত সাতটা গোটৰে গঠিত এই বহুদলীয় প্ৰতিনিধি দলটোৱে বিশ্বব্যাপী ভুল তথ্য প্ৰতিহত কৰাৰ লগতে সন্ত্ৰাসবাদৰ ক্ষেত্ৰত ভাৰতৰ শূন্য সহনশীলতা নীতিক উজ্জ্বল কৰি তোলাৰ প্ৰয়াস চলাইছে।