দুৰ্গ (চত্তীশগড়)
চত্তীশগড়ৰ ৰাজধানী ৰায়পুৰৰ পৰা ৫০ কিলোমিটাৰ দূৰত্বৰ এখন গাঁও দেশপ্ৰেমৰ এক শক্তিশালী উদাহৰণ হৈ পৰিছে। সশস্ত্ৰ বাহিনীত সেৱা আগবঢ়োৱাৰ প্ৰতি গাঁওখনৰ স্থানীয় লোকৰ গভীৰ দায়বদ্ধতা দেশবাসীৰ বাবে প্ৰেৰণাৰ প্ৰতীক হিচাপে চিহ্নিত হৈছে।
দুৰ্গ জিলাৰ পহণ্ডা (ঝা) গাঁৱৰ প্ৰায় প্ৰতিটো পৰিয়ালে দেশ সেৱাক অগ্ৰাধিকাৰ দি তেওঁলোকৰ কোনোবা নহয় কোনোবা এজনক সশস্ত্ৰ বাহিনীত সেৱা আগবঢ়াবলৈ পঠিয়াই দিয়ে। ফলস্বৰূপে এই গাঁওখনক ‘সৈনিক গাঁও’ বুলিও কোৱা হয়।
নিউজ চেনেল আৰু ছ’চিয়েল মিডিয়াত ‘অপাৰেচন সেন্দুৰ’ৰ আপডেটেৰে ভৰি থকাৰ সময়তে পহণ্ডা (ঝা)ৰ যুৱক-যুৱতীসকলে সশস্ত্ৰ বাহিনীত যোগদান কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰি আছে। আনকি সাধাৰণ গাঁওবাসীয়েও শেহতীয়াকৈ ভাৰত-পাকিস্তানৰ উত্তেজনাৰ সময়ত প্ৰয়োজন হ’লে সীমান্তলৈ যোৱাৰ উদ্দেশ্য প্ৰকাশ কৰিছিল।
গাঁওখনত অৱস্থিত সাহসী সেনা জোৱানৰ এটা প্ৰতিমূৰ্তি
সংবাদ মাধ্যমৰ লোকে গাঁওখনত উপস্থিত হোৱাৰ সময়ত কেইবাজনো যুৱকে সেনাবাহিনীৰ নিযুক্তি প্ৰক্ৰিয়াৰ বাবে পথাৰত দৌৰি আছিল। আনহাতে অৱসৰপ্ৰাপ্ত সেনা আৰু অৰ্ধসামৰিক জোৱানসকলে প্ৰাৰ্থীসকলক পথ প্ৰদৰ্শন কৰা দেখা গৈছিল।
"মই ১৯৯৪ চনত ভাৰতীয় সেনাবাহিনীত যোগদান কৰিছিলো আৰু গাঁৱৰ পৰা সেনাবাহিনীৰ বাবে নিৰ্বাচিত হোৱা প্ৰথমজন ব্যক্তি আছিলোঁ। যদিও আমাৰ গাঁৱৰ বহুতেই আগতে অৰ্ধসামৰিক বাহিনীত যোগদান কৰিছিল, তথাপিও ভাৰতীয় সেনাবাহিনীত কোনো নিৰ্বাচিত হোৱা নাছিল।"-এইদৰে কয় প্ৰাক্তন সেনা জোৱান ঈশ্বৰ প্ৰসাদ ভাৰ্মাই।
নিজৰ সংগ্ৰামৰ কথা উল্লেখ কৰি ভাৰ্মাই কয় যে প্ৰশিক্ষণৰ বাবে গাঁওখনত কোনো উপযুক্ত খেলপথাৰ নাই যদিও ভাৰতীয় সেনাবাহিনীত সেৱা আগবঢ়োৱাৰ প্ৰতি তেওঁৰ গভীৰ আবেগ আছিল, যাৰ ফলত ভাৰতীয় সেনালৈ নিৰ্বাচিত হৈছিল।
"পাহাণ্ডা (ঝা)ৰ পৰা ভাৰতীয় সেনাবাহিনীত নিৰ্বাচিত হোৱা প্ৰথমজন ব্যক্তি হোৱাৰ বাবে মই নিজকে সৌভাগ্যৱান বুলি গণ্য কৰোঁ। ইয়াৰ পিছত গাঁৱৰ আন কেইবাজনো লোকে কঠোৰ পৰিশ্ৰম কৰিবলৈ আৰম্ভ কৰে আৰু অৰ্ধসামৰিক বাহিনীত নিৰ্বাচিত হয়। বহুতকে প্ৰশিক্ষণো দিলোঁ। আজি আমাৰ গাঁওখন ‘সৈনিক গাঁও’ বুলি জনা যায় কাৰণ বৃহৎ সংখ্যক লোকে নিৰাপত্তা বাহিনীত কাম কৰি আছে।"-ভাৰ্মাই এইদৰে কয়।
প্ৰাক্তন সেনা জোৱান ঈশ্বৰ প্ৰসাদ ভাৰ্মা
২০২০ চনত অৱসৰ লোৱাৰ পিছত গাঁৱৰ যুৱক-যুৱতীসকলক যাতে তেওঁলোকে দেশৰ সেৱা কৰিব পাৰে তাৰ বাবে প্ৰশিক্ষণ দিয়া ভাৰ্মাই কয় যে মোৰ লগতে গাঁওখনৰ বাবেও অতি গৌৰৱৰ বিষয়। ইফালে, পাহাণ্ডা (ঝা)ৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক টিকেন্দ্ৰ সিং ঠাকুৰে কয় যে গাঁৱৰ যুৱক-যুৱতীসকল দেশ আৰু জাতিৰ সেৱাৰ বাবে অতি আগ্ৰহী।
"গাওঁখনৰ যুৱক-যুৱতীসকলে ভাৰতীয় সেনাবাহিনীত যোগদান কৰি দেশৰ সেৱা কৰিবলৈ অতি আগ্ৰহী। যেতিয়াই তেওঁলোকৰ লক্ষ্যৰ বিষয়ে সোধা হয় তেতিয়াই যুৱক-যুৱতীসকলে ভাৰতীয় সেনাবাহিনীত যোগদান কৰাৰ ইচ্ছা প্ৰকাশ কৰে।"-শিক্ষকগৰাকীয়ে কয়।
সশস্ত্ৰ বাহিনীত সেৱা আগবঢ়োৱাৰ সপোন দেখা গাঁওখনৰ যুৱক গজেন্দ্ৰ কুমাৰে কয় যে তেওঁ যোৱা এটা বছৰ ধৰি অগ্নিবীৰ নিযুক্তিৰ বাবে প্ৰস্তুতি চলাই আছে আৰু ভাৰতীয় সেনাবাহিনীত যোগদান কৰি দেশৰ সেৱা কৰিব বিচাৰিছে।