আৱাজ দ্য ভইচ / আলিগড়
“এয়া শেষ নহয়, আৰম্ভণিহে আছিল।”–এই আৱেগিক শব্দৰে আলিগড় মুছলিম বিশ্ববিদ্যালয়ে ছাৰ চৈয়দ একাডেমী চৌহদত মাদ্ৰাছা-উল-উলুমৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে এক বৃহৎ উদযাপনৰ আয়োজন কৰে। এই প্ৰতিষ্ঠানখন ১৮৭৫ চনৰ ২৪ মে’ত ছাৰ চৈয়দ আহমেদ খানে প্ৰতিষ্ঠা কৰিছিল আৰু পিছলৈ ই মহম্মদ এংলো অৰিয়েণ্টেল কলেজ (১৮৭৭) আৰু তাৰ পিছত ১৯২০ চনত আলিগড় মুছলিম বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত হয়।
এই অনুষ্ঠান কেৱল এটা প্ৰতিষ্ঠানৰ স্মৃতি উদযাপন কৰাই নহয়, ভাৰতীয় মুছলমান সমাজখনক অন্ধকাৰৰ পৰা পোহৰলৈ লৈ যোৱা বিপ্লৱী মতাদৰ্শৰ সোঁৱৰণীও আছিল। এই ঐতিহাসিক অনুষ্ঠানৰ মুখ্য বক্তা আৰু মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসামৰিক বিমান পৰিবহণ সঞ্চালকালয় (ডি জি চি এ)ৰ সঞ্চালক প্ৰধান তথা এ এম ইউৰ প্ৰাক্তন ছাত্ৰ আই এ এছ ফাইজ আহমেদ কিডৱাই।
তেওঁ মাদ্ৰাছা-উল-উলুম প্ৰতিষ্ঠাক “ৰাষ্ট্ৰীয় নৱজাগৰণৰ প্ৰথম যোগসূত্ৰ” বুলি অভিহিত কৰে। তেওঁ কয়, 'আমি এমএঅ' কলেজ আৰু এএমইউৰ তাৎপৰ্য বুজিব নোৱাৰো যদিহে আমি সেই সৰু মাদ্ৰাছাখনৰ বিনম্ৰ আৰম্ভণিৰ তাৎপৰ্য স্বীকাৰ নকৰো। ১৮৫৭ চনৰ বিপ্লৱৰ পিছৰ পৰিস্থিতি যেনে পাৰ্চী ভাষাৰ বিলুপ্তি, পৰম্পৰাগত শিক্ষাৰ অৱনতি আৰু চৰকাৰী সেৱাত মুছলমানসকলৰ অংশ হ্ৰাস পোৱাৰ ফলত ছাৰ ছৈয়দক আধুনিক শিক্ষাৰ দিশে ধাৱমান কৰা হৈছিল।
অনুষ্ঠানৰ এক মুহূৰ্ত
কিডৱাইয়ে মহম্মদ এংলো অৰিয়েণ্টেল কলেজৰ স্থাপত্য সৌন্দৰ্য্য আৰু শৈক্ষিক উৎকৰ্ষতাৰ কথা মনত পেলাই দিয়ে, য’ত অক্সফৰ্ড আৰু কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ অধ্যাপকসকলেও অধ্যাপনা কৰিবলৈ আহিছিল। তেওঁ কয় যে এ এম ইউত সদায় জ্ঞান, আলোচনা আৰু সমন্বয়ক প্ৰসাৰিত কৰা এক সুন্দৰ পৰিৱেশ বিৰাজ কৰি আছে।
তেওঁ ছাৰ চৈয়দে প্ৰতিষ্ঠা কৰা কেইবাখনো প্ৰতিষ্ঠান আৰু আলোচনীৰ কথাও উল্লেখ কৰে। সেয়া হৈছেঃ Scientific Society (1864), Loyal Mohammedan of India (1860), Aligarh Institute Gazette (1866), Tehzibul Akhlaq (1870), Mohammedan Educational Conference (1886)। এই প্ৰচেষ্টাসমূহে ভাৰতীয় মুছলমান সমাজখনক সামাজিক, সাংস্কৃতিক আৰু বৌদ্ধিক সচেতনতাৰ দিশে আগুৱাই লৈ যায়।
সামৰণি ভাষণত ফাইজ আহমেদ কিডৱাইয়ে কয়, “শিক্ষাও এক প্ৰকাৰৰ উৰণ–ই দিগন্ত প্ৰসাৰিত কৰে, কল্পনাশক্তিক মুক্ত কৰে আৰু মানৱতাক উন্নীত কৰে। আলিগড় মুছলমি বিশ্ববিদ্যালয়ে আমাক নৈতিক, কাৰিকৰী আৰু সামাজিকভাৱে এনে উৰণৰ নেতৃত্ব দিবলৈ শিকাইছে।”
অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল
অনুষ্ঠানটোৰ সভাপতিত্ব কৰি এ এম ইউৰ উপাচাৰ্য অধ্যাপক নাইমা খাতুনে মাদ্ৰাছা উল উলুম প্ৰতিষ্ঠাক ১৮৫৭ চনৰ পিছত মুছলমান সম্প্ৰদায়ৰ আত্মনিৰ্ভৰশীলতাৰ দিশত প্ৰথম সাহসী পদক্ষেপ বুলি অভিহিত কৰে। ই কেৱল শিক্ষানুষ্ঠান নহয়, বৰঞ্চ পূবৰ প্ৰজ্ঞা আৰু পাশ্চাত্যৰ প্ৰজ্ঞাৰ সংমিশ্ৰণ আছিল এক আন্দোলন।
তেওঁ সাক্ষৰতা, সমালোচনাত্মক চিন্তাধাৰা, ধৰ্মীয় সহনশীলতা আৰু নাগৰিক নৈতিকতাক ছাৰ চৈয়দৰ শিক্ষকতা মতাদৰ্শৰ মূল বুলি অভিহিত কৰে। ইফালে, প্ৰ'ফেচাৰ খাতুনে ঘোষণা কৰে যে মাদ্ৰাছা-উল-উলুমৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে বিশ্ববিদ্যালয়খনত বছৰটোৰ ভিতৰতে বিভিন্ন শৈক্ষিক আৰু সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হ’ব। শেহতীয়াকৈ প্ৰৱৰ্তিত ৰাষ্ট্ৰীয় শিক্ষা নীতি ভিত্তিক পাঠ্যক্ৰম, ৭৫টা শ্বৱায়াম পাঠ্যক্ৰম, জি আই এন কাৰ্যসূচী, আৰু এ এম ইউত উন্নত সঁজুলিৰে সজ্জিত পৰীক্ষাগাৰৰ বিষয়েও তেওঁ অৱগত কৰে।
উপাচাৰ্য অধ্যাপক মহম্মদ মহছিন খানে মাদ্ৰাছা-উল-উলুমক “গোলকীয় পৰিৱৰ্তনৰ প্ৰত্যাহ্বানত শিক্ষাৰ প্ৰাসংগিকতা আৰু উদ্ভাৱন”ৰ প্ৰতীক বুলি অভিহিত কৰে। তেওঁ কয়, “আমি পৰম্পৰাৰ ৰক্ষক হোৱাৰ লগতে উদ্ভাৱন আৰু অন্তৰ্ভুক্তিৰ আগজাননীও হ’ব লাগিব।” বিশিষ্ট শিক্ষাবিদ অধ্যাপক জাকিয়া ছিদ্দিকিয়ে এ এম ইউৰ যাত্ৰাত মহিলা পণ্ডিত আৰু সমাজকৰ্মীসকলৰ অৱদানৰ ওপৰত আলোকপাত কৰে।