চলিত বৰ্ষৰ কৈলাশ মানসৰোৱৰ যাত্ৰাৰ বাবে ৭৫০ তীৰ্থযাত্ৰী নিৰ্বাচিত

Story by  atv | Posted by  [email protected] • 5 h ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
আৱাজ দ্য ভইচ অসম ব্যুৰ'

তিব্বতত পাঁচ বছৰৰ পাছত আয়োজন কৰা কৈলাশ মানসৰোৱৰ যাত্ৰাৰ বাবে বুধবাৰে কম্পিউটাৰাইজড ড্ৰ’ৰ জৰিয়তে মুঠ ৭৫০ জন লোকক নিৰ্বাচিত কৰা হৈছে। ভাৰত আৰু চীনে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত সামৰিক সংঘাতৰ পিছত সম্পৰ্ক স্বাভাৱিক কৰিব বিচৰাৰ সময়তে পাঁচ বছৰৰ মূৰত এই পবিত্ৰ যাত্ৰা অনুষ্ঠিত হ'ব।
 
এইবাৰৰ তীৰ্থযাত্ৰা জুন মাহৰ পৰা আৰম্ভ হ’ব আৰু আগষ্ট মাহলৈকে চলিব বুলি তিব্বত স্বায়ত্তশাসিত অঞ্চলৰ মাউণ্ট কৈলাশ আৰু মানসৰোৱৰ হ্ৰদলৈ যাত্ৰাৰ আয়োজন কৰা বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনায়। ২০২০ চনৰ পৰাই এই তীৰ্থযাত্ৰা স্থগিত ৰখা হৈছিল। প্ৰথম অৱস্থাত কোভিড মহামাৰী আৰু তাৰ পিছত এল এ চিত ভাৰত-চীনৰ সেনা বাহিনীৰ মুখামুখি সংঘৰ্ষৰ পিছত এই তীৰ্থযাত্ৰা বন্ধ হৈ আছিল।
 
প্ৰতিনিধিত্বমূলক ফটো
 
বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী কীৰ্তি বৰ্ধন সিঙে কম্পিউটাৰাইজড ড্ৰ’ অনুষ্ঠিত কৰি অনলাইন পঞ্জীয়ন কৰা ৪০২৪ জন পুৰুষ আৰু ১৫৩৭ গৰাকী মহিলাকে ধৰি ৫,৫৬১ গৰাকী আবেদনকাৰীৰ মাজৰ পৰা ভাগ্যৱান তীৰ্থযাত্ৰীক নিৰ্বাচন কৰে।
 
মন্ত্ৰালয়ে জনোৱা মতে, নিৰ্বাচিত তীৰ্থযাত্ৰীসকলে লিপুলেখ পাছৰ মাজেৰে ৫০ গৰাকীকৈ যাত্ৰীৰ পাঁচটা বেচত যাত্ৰা কৰিব, আৰু নাথু লা পথৰ জৰিয়তে ৫০ গৰাকীকৈ যাত্ৰীৰ ১০টা বেচত যাত্ৰা কৰিব। প্ৰতিটো বেটচত থাকিব দুজন যোগাযোগ বিষয়া। ইয়াত কোৱা হৈছে যে, “দুয়োটা পথ এতিয়া সম্পূৰ্ণৰূপে মটৰচালিত আৰু ইয়াত অতি কম ট্ৰেকিং কৰা হয়।”
মন্ত্ৰালয়ে জনোৱা মতে, নিৰ্বাচিত তীৰ্থযাত্ৰীসকলক এছএমএছ আৰু ইমেইলৰ জৰিয়তে অৱগত কৰা হ’ব। তেওঁলোকে যাত্ৰাৰ ৱেবছাইট (https://kmy.gov.in)ত লগ ইন কৰিব পাৰে৷
 
সিঙে তীৰ্থযাত্ৰাক অধিক সুলভ আৰু প্ৰক্ৰিয়াটো অধিক স্বচ্ছ কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ ওপৰত আলোকপাত কৰে আৰু একে সময়তে যাত্ৰীৰ সুৰক্ষা আৰু মংগলো নিশ্চিত কৰে। তেওঁ যাত্ৰীসকলক “দায়িত্ববোধ, নম্ৰতা আৰু মননশীলতাৰে তীৰ্থযাত্ৰা গ্ৰহণ কৰাৰ লগতে ইজনে সিজনৰ যত্ন লোৱাৰ লগতে পৰিৱেশৰ পবিত্ৰতা ৰক্ষা কৰিবলৈ” আহ্বান জনায়।
 
উল্লেখ্য যে, যোৱা ২৬ এপ্ৰিলত ভাৰত আৰু চীনে তেওঁলোকৰ তিক্ততাপূৰ্ণ সম্পৰ্ক স্বাভাৱিক কৰা পদক্ষেপৰ অংশ হিচাপে কৈলাশ মানসৰোৱৰ যাত্ৰা পুনৰ আৰম্ভ কৰাৰ কথা ঘোষণা কৰে। তিব্বতৰ এই স্থানলৈ কৰা তীৰ্থযাত্ৰা হিন্দু, জৈন আৰু বৌদ্ধসকলৰ বাবে ধৰ্মীয়ভাৱে অত্যন্ত তাৎপৰ্যপূৰ্ণ আৰু তীৰ্থযাত্ৰীসকলে প্ৰতিকূল বতৰ আৰু ঠেক ভূখণ্ডত প্ৰায় ১৯,৫০০ ফুট পৰ্যন্ত উচ্চতাত যাত্ৰা কৰে।