মুছলমান মহিলাৰ জীৱন চিত্ৰিত কৰা বানু মুস্তাকৰ 'হাৰ্ট লেম্প'-এ জয় কৰিলে আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা

Story by  atv | Posted by  [email protected] • 9 h ago
আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটাৰ সৈতে বানু মুস্তাক
আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটাৰ সৈতে বানু মুস্তাক
 
নতুন দিল্লী

কানাড়া লেখিকা বানু মুস্তাকে কানাড়া চুটিগল্প সংকলন হাৰ্ট লেম্প (Heart Lamp)ৰ বাবে বুকাৰ বঁটা লাভ কৰিছে। বুকাৰ বঁটা সংস্থাৰ মতে বানু মুস্তাকে দক্ষিণ ভাৰতৰ মুছলমান সম্প্ৰদায়ৰ মহিলা আৰু ছোৱালীৰ দৈনন্দিন জীৱনক কবিতা সংকলনখনত সুন্দৰভাৱে বন্দী কৰিছে।
 
গীতাঞ্জলি শ্ৰী আৰু অনুবাদক ডেইজী ৰকৱেলে ২০২২ চনত Tomb of Sand (Ret ka Samadhi)ৰ বাবে আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা লাভ কৰাৰ তিনি বছৰৰ ভিতৰত এইখন দ্বিতীয়খন ভাৰতীয় গ্ৰন্থ।
 
১৯৫০ চনত কৰ্ণাটকৰ হাছান চহৰত মধ্যবিদ্যালয়ত পঢ়ি থাকোঁতে বানু মুস্তাকে প্ৰথম চুটিগল্প লিখিছিল। বুধবাৰে তেওঁৰ যাত্ৰা সম্পূৰ্ণ চক্ৰত পৰিণত হয়, কাৰণ ৭৭ বছৰীয়া লেখিকা, অধিবক্তা আৰু সমাজকৰ্মীগৰাকীয়ে অনুবাদক দীপা ভাষ্টিৰ সৈতে আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা লাভ কৰি  ইতিহাস ৰচনা কৰিবলৈ সক্ষম হয়। এই সন্মানীয় বঁটা লাভ কৰা তেওঁ প্ৰথমগৰাকী কানাড়া লেখিকা হিচাপে পৰিগণিত হয়।

বুকাৰ বঁটা বিজয়ী গ্ৰন্থ হাৰ্ট লেম্প হৈছে ৩০ বছৰৰ সময়ছোৱাৰ ভিতৰত লিখা ১২টা চুটিগল্পৰ সংকলন, যিয়ে কৰ্ণাটকৰ মুছলমান মহিলাসকলৰ দৈনন্দিন জীৱনক বুদ্ধিমত্তা আৰু স্থিৰতাৰে সুন্দৰভাৱে বন্দী কৰিছে। এই সন্মানীয় বঁটা লাভৰ দৌৰত তেওঁ বিশ্বৰ আন পাঁচখন কবিতা সংকলনক চেৰ পেলায়। এয়া হৈছে ইংৰাজীলৈ অনুবাদ কৰা শ্ৰেষ্ঠ কল্পকাহিনীক সন্মান জনোৱা বাৰ্ষিক পুৰস্কাৰ লাভ কৰা প্ৰথমখন চুটিগল্প সংকলন।

লণ্ডনৰ টেট মডাৰ্ণ গেলেৰীত অনুষ্ঠিত এক অনুষ্ঠানত মুস্তাকে কয় যে "এই মুহূৰ্তটো এনেকুৱা লাগিছে যেন হাজাৰটা ফিৰিঙতিয়ে এখন আকাশ পোহৰাই তুলিছে। মই এই মহান সন্মানক ব্যক্তি হিচাপে নহয়, বৰঞ্চ আন ইমানবোৰৰ সৈতে কোৰাছত উত্থাপিত কণ্ঠ হিচাপে গ্ৰহণ কৰোঁ।” অনুবাদক দীপা ভাষ্টিয়ে আৰু কয়, "মোৰ সুন্দৰ ভাষাৰ বাবে এইটো কি সুন্দৰ জয়।" 
উল্লেখ্য যে, আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা লাভ কৰা তেওঁ প্ৰথমগৰাকী ভাৰতীয় অনুবাদক হিচাপে পৰিগণিত হৈছে। গীতাঞ্জলি শ্ৰী আৰু অনুবাদক ডেইজী ৰকৱেলে ২০২২ চনত Tomb of Sand (Ret Samadhi) ৰ বাবে আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা লাভ কৰাৰ তিনি বছৰৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা লাভ কৰা এইখন দ্বিতীয়খন ভাৰতীয় গ্ৰন্থ। বঁটাৰ সৈতে লেখক আৰু অনুবাদকে ২৫ হাজাৰ পাউণ্ডকৈ লাভ কৰে।
 
‘হাৰ্ট লেম্প (Heart Lamp) ইংৰাজী পাঠকৰ বাবে সঁচাকৈয়ে এক নতুন সৃষ্টি। ভাষাক লৰচৰ কৰা এটা আমূল অনুবাদ, ই ইংৰাজীৰ বহুত্বত নতুন টেক্সচাৰ সৃষ্টি কৰিছে। আন ভাষা আৰু উপভাষাৰ অসাধাৰণ সামাজিক-ৰাজনৈতিক সমৃদ্ধিৰ মাজত কানাড়া ভাষাৰ পৰাই এই সুন্দৰ, ব্যস্ত, জীৱন-দৃঢ়তা প্ৰদানকাৰী কাহিনীবোৰ উত্থাপন হৈছে। ইয়াত নাৰীৰ জীৱন, প্ৰজনন অধিকাৰ, বিশ্বাস, জাতি, ক্ষমতা আৰু অত্যাচাৰৰ কথা কোৱা হৈছে।’-জুৰিৰ অধ্যক্ষ মেক্স পৰ্টাৰে কয়।
 
কৰ্ণাটকৰ সুপৰিচিত কবি মুস্তাকে ১৯৭০ চনত লিখিবলৈ আৰম্ভ কৰিছিল আৰু নাৰীৰ অধিকাৰ আৰু স্বাধীনতাৰ স্পষ্টবাদী পোষকতাৰে বলিষ্ঠ খোজ পেলাইছিল।