ছফিয়া কুৰেশ্বী; কৰ্ণাটকৰ বেলাগাভিৰ গৌৰৱান্বিত বোৱাৰী

Story by  atv | Posted by  [email protected] • 4 h ago
ছফিয়া কুৰেশ্বী
ছফিয়া কুৰেশ্বী
 
আৱাজ দ্য ভইচ অসম ব্যুৰ'

শেহতীয়াকৈ অপাৰেচন সেন্দুৰৰ বিষয়ে সংবাদ মাধ্যমক অৱগত কৰা সেনাবাহিনীৰ মহিলা দুগৰাকী বিষয়াৰ ভিতৰত অন্যতম ছফিয়া কুৰেশ্বী কৰ্ণাটকৰ বেলাগাভি চহৰৰৰ বোৱাৰী। চহৰখনৰ গোকাক তালুকৰ কান্নুৰ গাঁৱৰ বাসিন্দা কৰ্ণেল তাজুদ্দিন বাগেৱাড়ীৰ সৈতে তেওঁ বিবাহপাঁশত আৱদ্ধ হৈছে।
 
কৰ্ণেল ছফিয়া গুজৰাট জিলাৰ বদোদৰা (বৰোদা)ৰ বাসিন্দা আৰু বৰ্তমান তেওঁ জম্মু অঞ্চলত কৰ্মৰত। তেওঁৰ স্বামী তাজুদ্দিন বাগেৱাড়ীয়ে ঝান্সী অঞ্চলত ভাৰতীয় সেনাবাহিনীত কৰ্মৰত। ঝান্সীত সেৱা আগবঢ়োৱাৰ সময়ত তেওঁলোকে পৰস্পৰৰ সংস্পৰ্শলৈ আহিছিল তাৰ পিছত ২০১৫ চনত বদোদৰা (বৰোদা)ত ছফিয়া আৰু তাজুদ্দিন বিবাহপাশত আবদ্ধ হয়।
 
স্বামীৰ সৈতে ছফিয়া কুৰেশ্বী
 
কান্নুৰ গাঁৱৰ নিজৰ ঘৰত বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ছফিয়াৰ শহুৰেক ঘাউছ ছব বাগেৱাড়ীয়ে কয় যে ভাৰতীয় সেনাৰ সুদক্ষ বিষয়া ছফিয়া তেওঁলোকৰ বোৱাৰী হোৱাৰ বাবে তেওঁলোকৰ লগতে সমগ্ৰ গাঁওৱাসী অতি গৌৰৱান্বিত।
 
ঘাউছ ছব বাগেৱাড়ীয়ে কয় যে তেওঁলোকে পৰিয়ালৰ অনুষ্ঠান আৰু উৎসৱৰ বাবে গাঁওলৈ গৈ থাকিলেও এই বছৰ ছুটী লাভ নকৰাৰ বাবে আহিব নোৱাৰিলে। জম্মু-কাশ্মীৰ, পঞ্জাৱ, তামিলনাডু আদি ঠাইত দম্পতীহালে সেৱা আগবঢ়োৱা বুলি উল্লেখ কৰি বাগেৱাড়ীয়ে কয় যে এইবাৰ তেওঁলোকক যেনেতেনে বকৰি ঈদত আহিবলৈ গাঁওৱাসীয়ে আহ্বান জনাইছে। 
 
উল্লেখ্য যে, ঘাউছ ছব বাগেৱাড়ীৰ তিনিজন পুত্ৰৰ ভিতৰত এজন হৈছে তাজুদ্দিন বাগেৱাড়ী।
 
ছফিয়াৰ শহুৰেক ঘাউছ ছব বাগেৱাড়ী
 
‘আচলতে মই এই ঘটনাৰ বিষয়ে অৱগত নাছিলো। মোৰ বন্ধু-বান্ধৱী আৰু আত্মীয়ই যেতিয়া মোক অভিনন্দন দিবলৈ আৰম্ভ কৰিলে, তেতিয়াহে মই অগ্নিনিৰ্বাপক বাহিনীত কৰ্মৰত মোৰ ডাঙৰ ল’ৰাটোক ফোন কৰিলোঁ। মোৰ বোৱাৰীয়ে কৰা কামবোৰ তেওঁ ক’লে। লটাৰী জিকা যেন লাগিল। পৰৱৰ্তী সময়ত আমালৈ বহু ফোন আহিছিল আৰু এতিয়া মোক সম্ভাষণ জনাবলৈ মালা লৈ মানুহ আহি আছে।’-ঘাউছ ছব বাগেৱাড়ীয়ে কয়।