'পেংগুইন বুক অৱ পয়েমছ অন দ্য ইণ্ডিয়ান চিটী' শীৰ্ষক কবিতা সংকলন আৰু শিক্ষক শ্বেইখ মহম্মদ ছাবাহ আল আহমেদ
দৌলত ৰহমান / গুৱাহাটী
যি সময়ত ভাৰতত পাকিস্তানৰ পৃষ্ঠপোষকতাত চলি থকা সন্ত্ৰাসবাদে বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে, সেই সময়তে শ্বেইখ মহম্মদ ছাবাহ আল আহমেদ নামৰ গুৱাহাটীৰ এজন বিদ্যালয়ৰ শিক্ষকে এই বিষয়টো বেলেগ বেলেগ মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে।
কাশ্মীৰী যুৱক-যুৱতীসকলৰ জীৱন হেৰুওৱাৰ কথা কোৱা তেওঁৰ কবিতা “ইন দ্য ভেলী অৱ ৰেড” (In the Valley of Red) পেংগুইন বুক অৱ পয়েমছ অন দ্য ইণ্ডিয়ান চিটী (Penguin Book of Poems on the Indian City)ত স্থান লাভ কৰিবলৈ সক্ষম হৈছে।
'পেংগুইন বুক অৱ পয়েমছ অন দ্য ইণ্ডিয়ান চিটী' শীৰ্ষক কবিতা সংকলনখনে পাঠকক ভাৰতৰ ৩৭খন চহৰৰ এক দৰ্শনীয় কাব্য যাত্ৰাৰ সোৱাদ দিয়ে। এই সংকলনখনত প্ৰায় ৩০০টা কবিতা আছে। ইয়াৰে কিছুমান ইংৰাজী ভাষাত লিখা, আৰু বাকী কেইটা ২৫টা আঞ্চলিক ভাষাৰ পৰা অনুবাদ কৰা কবিতা।
পেংগুইনৰ প্ৰখ্যাত লেখিকা জুবান (মহিলা) প্ৰীতি গিলৰ সৈতে ছাবাহ আহমেদ
আৱাজ-দ্য ভইচৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ছাবাহ আহমেদে কয় যে তেওঁৰ কবিতা “In the Valley of Red”-ত নিৰীহ কাশ্মীৰী যুৱক-যুৱতীসকলৰ দুৰ্দশাৰ কথা কোৱা হৈছে, যিসকলক ব্ৰেইন ৱাছ কৰি সীমান্তৰ সিপাৰে সন্ত্ৰাসবাদী হ’বলৈ লৈ যোৱা হয়। তেওঁ কয় যে এই যুৱকসকলে পুনৰ নিজৰ ঘৰ (কাশ্মীৰ)লৈ উভতি আহি নিজৰ মানুহক হত্যা কৰে, আৰু শেষত তেওঁলোকো বিভিন্ন এনকাউণ্টাৰত নিৰাপত্তাৰক্ষীৰ হাতত নিহত হয়।
‘কবিতাটোৰ জৰিয়তে মই এই কাশ্মীৰী যুৱক-যুৱতীসকলৰ পিতৃ-মাতৃৰ আৱেগক ধৰি ৰাখিবলৈ চেষ্টা কৰিছো, যিসকলে আগ্ৰহেৰে পুত্ৰ এদিন ঘৰলৈ উভতি অহাৰ বাবে অপেক্ষা কৰে। কিন্তু শেষত এই পিতৃ-মাতৃসকলে পুত্ৰৰ মৃতদেহ গ্ৰহণ কৰিব লগা হয়। মোৰ কবিতাত পাকিস্তানে কেনেকৈ এখন স্বৰ্গ (কাশ্মীৰ) ধ্বংস কৰিছে তাক চিত্ৰিত কৰিবলৈ চেষ্টা কৰিছো।’-ছাবাহ আহমেদে কয়।
'পেংগুইন বুক অৱ পয়েমছ অন দ্য ইণ্ডিয়ান চিটী'ৰ পূৰ্বে ছাবাহ আহমেদৰ কবিতা প্ৰকাশ পাইছিল 'WITNESS: The Red River Book of Poetry of Dissent (2021)-ত। ইয়াৰ পিছত ২০২২ চনৰ ২৮ ফেব্ৰুৱাৰীত লণ্ডনস্থিত জোৱাও-ৰক লিটাৰেৰী জাৰ্নেলতো (Joao-Roque Literary Journal) তেওঁৰ কবিতা প্ৰকাশ পায়। এই জাৰ্ণেলখন ব্ৰিটিছ-এছিয়ান লেখিকা আৰু সম্পাদক ছেলমা কাৰ্ভালোৰ সম্পাদনাত প্ৰকাশ পায়।
শিক্ষক শ্বেইখ মহম্মদ ছাবাহ আল আহমেদ
ছাবাহ আহমেদৰ 'গুৱাহাটী ডায়েৰীছ' (Guwahati Diaries) শীৰ্ষক আন এটা কবিতাও পেংগুইন বুক অৱ পয়েমছত সন্নিবিষ্ট হৈছে। এই কবিতাটোত ক'ভিড-১৯ মহামাৰীৰ সময়ত গুৱাহাটীৰ পৰিস্থিতিৰ বিষয়ে আলোকপাত কৰা হৈছে। 'পেংগুইন বুক অৱ পয়েমছ অন দ্য ইণ্ডিয়ান চিটী'ৰ সম্পাদনা কৰিছে অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ বিলাল মইনে। ২০২৫ চনৰ ৩০ মে’ত এই সংকলনখন মুক্তি পাব। গুৱাহাটীৰ পানবজাৰস্থিত ডন বস্কো স্কুলত সমাজ বিজ্ঞানৰ অধ্যাপনা কৰা ৫০ বছৰীয়া ছাবাহ আহমেদ তেওঁৰ বন্ধুত্বপূৰ্ণ স্বভাৱৰ বাবে ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু সমনীয়াৰ মাজত অতি জনপ্ৰিয়।
'১৯৮৮ বা ১৯৮৯ চনত যেতিয়া মই ৮ বা ৯ শ্ৰেণীত পঢ়ি আছিলো, তেতিয়া মই কেইশাৰীমান লিখিছিলো। মোৰ অনুভৱবোৰ কাগজত লিখি থাকোঁতে মই ১৪ বছৰীয়া ল'ৰাৰ দৰে অনুভৱ কৰিছিলো। তেতিয়াৰ পৰাই আৰম্ভ হৈছিল এই দীঘলীয়া যাত্ৰাৰ। উত্তৰ-পূৰ্বাঞ্চলৰ শ্ৰেষ্ঠ প্ৰতিশ্ৰুতিসম্পন্ন কবি হিচাপে মই ২০১৯ চনত ৰেউৱেল আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিলোঁ। মোৰ কবিতাবোৰ ইটালী ভাষালৈ অনুবাদ কৰিছিল ইটালীৰ নেপলছত থকা ইটালীৰ কবি জৰ্জিঅ’ মইঅ’ই। মোৰ কবিতাসমূহ মণিপুৰীলৈও অনুবাদ কৰিছিল প্ৰবীণ মণিপুৰী সমালোচক লাইশ্ৰম মেমো সিঙে।’-ছাবাহ আহমেদে কয়।
উল্লেখ্য যে, প্ৰকৃতিৰ ভূস্বৰ্গ কাশ্মীৰৰ বৰ্তমান পৰিস্থিতিক লৈ অতিশয় বিচলিত হৈ পৰিছে ছাবাহ আহমেদ। ‘বহু দশকৰ পিছত কাশ্মীৰৰ পৰিস্থিতি স্বাভাৱিক হৈছিল। কিন্তু পহলগাম আক্ৰমণে সকলো শেষ কৰি পেলাইছে। কিন্তু কাশ্মীৰত ভাল দিন আহিব বুলি মই এতিয়াও আশাবাদী। মোৰ কবিতাই যদি কাশ্মীৰী যুৱক-যুৱতীসকলক স্পৰ্শ কৰে আৰু তেওঁলোকে সীমান্তৰ সিপাৰৰ পৰা দেখুওৱা ভুল পথ এৰি দিয়ে, তেন্তে সেয়া মোৰ জীৱনৰ আটাইতকৈ সুখৰ মুহূৰ্ত হ’ব।’-আহমেদে কয়।