আৰিফুল ইছলাম / গুৱাহাটী
জুবিনবিহীন এমাহৰো অধিক সময় অতিবাহিত কৰিলে অসমবাসীয়ে। হিয়াৰ আমঠু গৰাকীৰ পৰলোক প্ৰাপ্তিৰ পিছৰ পৰাই সমগ্ৰ অসমবাসীয়ে নিজা নিজা প্ৰচেষ্টাৰে শ্ৰদ্ধাঞ্জলি আৰু শ্ৰাদ্ধৰ আয়োজন কৰি আহিছে। প্ৰাণৰ শিল্পীগৰাকীৰ অৱৰ্তমানত এক ব্যতিক্ৰমী ৰূপত শ্ৰদ্ধা নিবেদন কৰি তেওঁৰ প্ৰতি থকা মৰম আৰু আদৰ যাচিছে আন এগৰাকী শিল্পীয়ে। সম্পূৰ্ণ নিজৰ খৰছত সুউচ্চ পুৰ্ণাংগ প্ৰতিমূৰ্তি নির্মাণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে লুইতকণ্ঠ জুবিন গাৰ্গক। আন্তর্জাতিক খ্যাতিসম্পন্ন কলা নির্দেশক, সংগীত নাটক একাডেমী বঁটাপ্রাপক, প্রসিদ্ধ ভাস্কর্য শিল্পী নুৰুদ্দিন আহমেদৰ হাতত প্রাণ পাই উঠিছে অমৃতকণ্ঠৰ পূর্ণাবয়ব প্রতিমূর্তিটো।
কেইবা লক্ষাধিক টকা খৰছ কৰাৰ বিনিময়ত নিৰ্মাণ হয় এনেধৰণৰ সুউচ্চ প্ৰতিমূৰ্তি। কিন্তু সম্পূৰ্ণ নিজৰ খৰছত মাত্ৰ ওঠৰ দিনৰ নেৰানেপেৰা প্ৰচেষ্টাৰে বিশিষ্ট ভাস্কর্য শিল্পীজনে নির্মাণ কৰি উলিয়াইছে প্রতিমূর্তিটো। জুবিন গাৰ্গৰ এমহীয়া শ্রাদ্ধৰ লগত সংগতি ৰাখি প্রিয় শিল্পীজনলৈ শিল্পী নুৰুদ্দিনে আগবঢ়াইছে শ্রদ্ধার্ঘ।
VIDEO
আৱাজ-দ্য ভইচৰ সৈতে হোৱা এক সাক্ষাৎকাৰত শিল্পী নুৰুদ্দিন আহমেদে কয়; "এইটো মই সম্পূৰ্ণ নিজৰ খৰছত বনাইছোঁ। জুবিন আৰু আমি একেটা অঞ্চলৰে মানুহ আৰু একেলগে থাকিছিলোঁ। মই কেতিয়াও কল্পনাও কৰা নাছিলোঁ যে, মোৰ জীৱিত কালত মই জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি বনাবলগীয়া হ'ব। যদিও আমি একেলগে আছিলোঁ, মোতকৈ তেওঁ বহু সৰু আছিল। মোক দাদা বুলি মাতিছিল। কাহিলীপাৰাত যিহেতু সকলো জাতি-ধৰ্মৰ লোক বসবাস কৰে, সেয়েহে আমাৰ বৃহত্তৰ কাহিলীপাৰা ৰাইজে সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰ কথা চিন্তা-চৰ্চা কৰিছিলোঁ।"
"মোৰ ডাঙৰ লৰাৰ লগত মই আলোচনা কৰিলোঁ আৰু আমি সিদ্ধান্ত ল'লোঁ যে আমি জুবিনৰ প্ৰতিমূৰ্তি এটা বনাও। আমি অক্টোবৰ মাহৰ ৩ তাৰিখৰ পৰা প্ৰতিমূৰ্তিটোৰ কাম আৰম্ভ কৰিছিলোঁ আৰু আমি ১৮ দিনত ইয়াৰ কাম সম্পূৰ্ণ কৰিলোঁ। মই জুবিনক যথেষ্ট ভাল পাওঁ। সেয়েহে মই সম্পূৰ্ণ নিজৰ খৰছত বনাইছোঁ। এই প্ৰতিমূৰ্তিটো মই জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গক দিম।", নুৰুদ্দিন আহমেদে কয়।
জুবিন গাৰ্গৰ পূৰ্ণাংগ প্ৰতিমূৰ্তিটো
শিল্পীগৰাকীয়ে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিটো পত্নী গৰিমা গাৰ্গক হস্তান্তৰৰ কৰিব। লগতে তেওঁ অনুৰোধ কৰিব বিচাৰে, তেওঁ যাতে চৰকাৰী অনুষ্ঠানত এইটো স্থাপন নকৰে। অন্য ৰাজহুৱা স্থানত তেওঁৰ ইচ্ছা মতে স্থাপন কৰাৰ কথা উল্লেখ কৰে শিল্পী নুৰুদ্দিন আহমেদে।
এনেকুৱা প্ৰতিমূৰ্তি নিৰ্মাণ কৰোঁতে দুইৰ পৰা আঢ়ৈ লাখ টকা পৰ্যন্ত খৰছ হয়। কিন্তু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰোঁতে শিল্পীগৰাকীয়ে খৰছৰ কথা ভবা নাই। তেওঁ কেৱল বনাই গৈছে। আনহাতে এনেকুৱা প্ৰতিমূৰ্তি বনাওঁতে শিল্পী নুৰুদ্দিন আহমেদে এমাহৰ পৰা ডেৰমাহ পর্যন্ত সময় লয়। ফাইবাৰ গ্লাছ আৰু মাৰ্বল ডাষ্ট ব্যৱহাৰ কৰি শিল্পীগৰাকীয়ে নির্মাণ কৰিছে হিয়াৰ আমঠুগৰাকীৰ প্ৰতিমূৰ্তিটো।
শিল্পী নুৰুদ্দিন আহমেদে নিৰ্মাণ কৰা প্ৰতিমূৰ্তিটো হিয়াৰ আমঠু জুবিনৰ প্রথমটো সুউচ্চ প্রতিমূর্তি। প্ৰাণৰ শিল্পীগৰাকীৰ এমহীয়া শ্রাদ্ধৰ লগত সংগতি ৰাখি ১৯ অক্টোবৰত কাহিলীপাৰাৰ ফৰেনছিক বিজ্ঞানাগাৰ খেলপথাৰত উন্মোচন কৰা হয় সূর্যকণ্ঠৰ পূর্ণাবয়ব প্রতিমূর্তিটো।
প্ৰতিমূৰ্তিটো উন্মোচন কৰাৰ সময়ৰ দৃশ্য
স্থানীয় বাসিন্দা ধ্ৰুৱজ্যোতি শৰ্মাই কয়; "আমাৰ শ্রদ্ধাৰ ককাইদেউ স্বৰূপ নুৰুদ্দিন আহমেদৰ তৎপৰতা আৰু হাতৰ পৰশত আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিটো ইয়াত নিৰ্মাণ কৰিছে। এমহীয়া শ্ৰাদ্ধ উপলক্ষে সমূহ কাহিলীপাৰা ৰাইজৰ উপস্থিতিত প্ৰতিমূৰ্তিটো উন্মোচন কৰা হয়। আমাৰ মনত যদিও দুখ আছে, তথাপিও নুৰুদ্দিন আহমেদ দাদাক আমি ধন্যবাদ দিছোঁ, তেওঁৰ হাতৰ পৰশত ইমান ধুনীয়াকৈ জুবিন গাৰ্গৰ এটা প্ৰতিমূৰ্তি নিৰ্মাণ হ'ল। প্ৰতিমূৰ্তিটো উন্মোচন কৰাৰ সময়ত অগণন ৰাইজৰ সমাগম ঘটিছিল। আমি আমাৰ প্রিয় শিল্পীগৰাকীৰ শ্ৰদ্ধাঞ্জলি শ্ৰাদ্ধ অনুষ্ঠিত কৰি আছো যদিও আমাক সকলোকে ন্যায় লাগে সেয়া আমি পাহৰা নাই। অতি সোনকালে ন্যায় দিয়াৰ ব্যৱস্থা কৰিব লাগে, সেয়াই কামনা কৰিছোঁ।"
টোকাৰী গীতৰ সম্রাট, জুবিন গাৰ্গৰ ভাতৃসম বিশিষ্ট লোকসংগীতৰ শিল্পী খগেন গগৈয়ে আনুষ্ঠানিকভাবে উন্মোচন কৰে প্রতিমূর্তিটো। এখন হাতত এখন গীটাৰ, আনখন হাতত এটা মাইক্ৰ'ফোন আৰু মুৰত গামোচাৰ পাগুৰি মাৰি থকা পূর্ণাবয়ব প্রতিমূর্তিটো উন্মোচন কৰি খগেন গগৈয়ে কয় যে, "বিশিষ্ট ভাস্কর্য শিল্পী আহমেদে নিজৰ খৰচত নিৰ্মাণ কৰি উলিওৱা প্রতিমূর্তিটো উন্মোচন কৰি মই ধন্য মানিছো। বৃহত্তৰ কাহিলীপাৰাবাসী ৰাইজৰ উদ্যোগত অনুষ্ঠিত এমহীয়া শ্রাদ্ধৰ লগত সংগতি ৰাখি প্রতিমূর্তিটো উন্মোচন কৰা হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ পিচত এইটো প্রথম প্রতিমূর্তি। জুবিন গাৰ্গ মোৰ মনৰ মাজত আছে। জুবিনৰ স'তে চেনেহ-ধেমালি কৰিছিলো। সেয়ে জুবিনৰ মৃত্যুৰ পিচৰ প্ৰথমটো পূর্ণাবয়ব প্রতিমূর্তি উন্মোচন কৰি মই নথৈ আনন্দিত হৈছো।"
উন্মোচনী অনুষ্ঠানত উপস্থিত গৰিমা শইকীয়া গাৰ্গ
ইপিনে প্ৰতিমূৰ্তি উন্মোচন অনুষ্ঠানত অংশ লৈ বিশিষ্ট সংগীত পৰিচালক সদানন্দ গগৈয়ে কয় যে, "ৰাইজৰ মাজত জুবিন গাৰ্গ চিৰকাল জীয়াই থাকিব। অসমীয়া জাতিৰ বাবে দুর্ভাগ্য যে আমি প্ৰাণৰ শিল্পীজনক আধাবাটতে হেৰুৱাবলগীয়া হ'লো।" তেওঁৰ মতে জুবিন গাৰ্গৰ পর্যায়ৰ শিল্পী কেইবাশ বছৰত এবাৰহে জন্মলাভ কৰে। তেওঁৰ মৃত্যু জাতিৰ বাবে বৃহৎ লোকচান।
উন্মোচনী অনুষ্ঠানটোত বিশিষ্ট অভিনেতা প্রাঞ্জল শইকীয়া, সংগীত পৰিচালক ডাঃ হিতেশ বৰুৱাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি তথা কাহিলীপাৰাৰ বিশিষ্ট নাগৰিকসকল উপস্থিত থাকে। এমহীয়া শ্রাদ্ধৰ লগত সংগতি ৰাখি সর্বধর্ম প্রার্থনা সভা, ভাগৱত পাঠ, কোবান শ্বৰীফ পাঠ, গুৰু গ্রন্থ চাহিব পাঠ, বাইবেল পাঠ, প্রার্থনা, দিহানাম, গায়ন-বায়ন, বৰগীত, টোকাৰী গীত, জিকিৰ, মহিলাৰ দিহানাম পৰিবেশন কৰা হয়।
শংখধ্বনিৰে মুখৰ হৈ উঠে ফৰেনছিক বিজ্ঞানাগাৰৰ খেলপথাৰ চৌহদ। আনহাতে জুবিন গাৰ্গৰ অমৰ সৃষ্টি 'মায়াবিনী ৰাতিৰ বুকুত...' শীর্ষক গীতটো সমূহীয়াভাবে পৰিবেশন কৰা হয়। সন্ধিয়া বৃহত্তৰ কাহিলীপাৰাবাসীয়ে নিজ নিজ গৃহৰ পদূলি আৰু ব্যৱসায়িক প্রতিষ্ঠানৰ সন্মুখত বস্তি প্রজ্বলন কৰি প্ৰাণৰ শিল্পীজনলৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্রদ্ধাঞ্জলি- জুবিন সমন্বয়ৰক্ষী সমিতিৰ হৈ মুখ্য সমন্বয়ক ড° ৰাজেন্দ্রনাথ খাউণ্ড, হিৰণ্য কুমাৰ বৰা, নুৰুদ্দিন আহমেদ আৰু সমন্বয়ক ধর্মেশ্বৰ ফুকনৰ আহ্বানত কাহিলীপাৰাবাসীয়ে বস্তি প্রজ্বলনেৰে জুবিন গাৰ্গলৈ শ্রদ্ধা নিবেদন কৰে।