ৰমজানৰ সময়ত কিয় ইজৰাইল ভ্ৰমণ কৰিছিল এনএছএ অজিত ডোভালে

Story by  atv | Posted by  [email protected] • 4 h ago
২০২৫ চনৰ মাৰ্চ মাহত টেল আভিভত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ সৈতে এন এছ এ অজিত ডোভাল
২০২৫ চনৰ মাৰ্চ মাহত টেল আভিভত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ সৈতে এন এছ এ অজিত ডোভাল
 
অদিতি ভাদুৰী

বহু ভাৰতীয়ৰ মতে অপাৰেচন সেন্দুৰে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ দক্ষতা, কৰ্মশৈলী আৰু চিন্তাধাৰা স্পষ্টকৈ প্ৰদৰ্শন কৰিছে। প্ৰতিৰক্ষামূলক-আক্ৰমণ আৰু আক্ৰমণাত্মক চোৰাংচোৱাৰ ধাৰণাক সমৰ্থন কৰি ভাৰতৰ নিৰাপত্তা কৌশলত এক বৃহৎ পৰিৱৰ্তন অনাৰ বাবে তেওঁ সুপৰিচিত।
 
আক্ৰমণাত্মক চোৰাংচোৱাৰ অৰ্থ হ’ল আক্ৰমণকাৰীয়ে কেনেকৈ চিন্তা কৰে আৰু কাম কৰে, তেওঁলোকে ব্যৱহাৰ কৰা সঁজুলি আৰু তেওঁলোকে অনুসৰণ কৰা পদক্ষেপসমূহৰ বিষয়ে তথ্য সংগ্ৰহ কৰা। ইয়াৰ ফলত তেওঁলোকৰ পদ্ধতি বুজিবলৈ আৰু তেওঁলোকৰ দুৰ্বল দিশবোৰ বিচাৰি উলিয়াবলৈ সহায় হয়। ইয়াৰ উপৰিও সুৰক্ষা ব্যৱস্থাত ব্যৱধান বিচাৰিবলৈ আক্ৰমণৰ অনুকৰণ (আক্ৰমণকাৰী হোৱাৰ অভিনয়) অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ লক্ষ্য হ’ল শক্তিশালী প্ৰতিৰক্ষা গঢ়ি তুলিবলৈ আক্ৰমণকাৰীৰ দৰে চিন্তা কৰা।
 
ভাৰতৰ শীৰ্ষ চোৰাংচোৱা বিশেষজ্ঞ অজিত ডোভালৰ বিষয়ে ২০১৬ চনত সাংবাদিক আছা খোছাই লিখা এটা প্ৰবন্ধত স্পষ্টভাৱে ব্যাখ্যা কৰিছিল যে ডিফেন্সিভ অফেন্সৰ অৰ্থ হ’ল জয়ী হ’বলৈ কেৱল ডিফেণ্ডিং যথেষ্ট নহয়। ডোভালৰ উদ্ধৃতি দি তেওঁ কৈছিল-“ডিফেন্সিভ মোডত যদি আপুনি মোৰ ওপৰত ১০০টা শিলগুটি নিক্ষেপ কৰে, তেন্তে মই হয়তো ৯০টা প্ৰতিৰোধ কৰিব পাৰো, কিন্তু ১০টা শিলগুটিয়ে মোক তথাপিও আঘাত দিব — আৰু মই কেতিয়াও জয়ী হ’ব নোৱাৰো। কাৰণ হয় মই পৰাস্ত হওঁ নহয় যুঁজখন কোনো ফলাফল নোহোৱাকৈ শেষ হ'ব। কেতিয়া যুদ্ধ আৰম্ভ কৰিব, কেতিয়া শিলগুটি নিক্ষেপ কৰিব, কেতিয়া শান্তি হ’ব, কেতিয়া কথা পাতিব, সেই বিষয়ে আপুনি সিদ্ধান্ত লয়।”
 
চীনৰ সুৰক্ষা উপদেষ্টাৰ সৈতে অজিত ডোভাল (ফাইল ফটো)
 
যদি আমি ডিফেন্সিভ-অফেন্স কৌশল অনুসৰণ কৰো তেন্তে আমি চাম যে ভাৰসাম্য ক’ত আছে। ভাৰততকৈ পাকিস্তান বহু বেছি দুৰ্বল। পাকিস্তানে এবাৰ উপলব্ধি কৰিলে যে ভাৰতে ডিফেন্সিভৰ পৰা ডিফেন্সিভ-অফেন্স মোডলৈ গতি কৰিছে, তেতিয়া তেওঁলোকে বুজিব যে ভাৰতক আক্ৰমণ কৰাৰ ব্যয় তেওঁলোকৰ বাবে বহুত বেছি হ'ল। উদাহৰণস্বৰূপে, যদি তেওঁলোকে মুম্বাই ধৰণৰ আক্ৰমণ কৰে, তেন্তে তেওঁলোকে বেলুচিস্তান হেৰুৱাৰ আশংকা কৰিব পাৰে। এই কৌশলত পাৰমাণৱিক যুদ্ধ জড়িত নহয়, কিন্তু ই এক কঠোৰ সতৰ্কবাণী প্ৰেৰণ কৰে যে ভাৰতৰ ওপৰত যিকোনো আক্ৰমণৰ মূল্য গুৰুতৰ হ’ব।
 
আজি পাকিস্তানে নিজৰ সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। কিন্তু এই প্ৰতিবেদনত কেৱল পাকিস্তান আমাৰ আলোচনাৰ কেন্দ্ৰবিন্দু নহয়। চোৰাংচোৱা ব্যুৰোৰ প্ৰাক্তন মুৰব্বী তথা বৰ্তমান ৰাষ্ট্ৰীয় নিৰাপত্তাৰ উপদেষ্টা অজিত ডোভালৰ জীৱনটো চোৰাংচোৱা চিনেমাৰ কাহিনীৰ দৰেই। দুটা গোপন অভিযানৰ সময়ত তেওঁ পাকিস্তানত আণ্ডাৰকাভাৰ এজেণ্ট হিচাপে কাম কৰিছিল। সংবেদনশীল সময়ত স্বৰ্ণ মন্দিৰৰ ওচৰত তেওঁ জোতা চিলাই কৰা মানুহ হিচাপেও চোৰাংচোৱাগিৰি কৰিছিল।
 
মিজোৰামত তেওঁ গোপনে কাম কৰি জীৱন বিপদাপন্ন কৰিছিল। আনকি খালিস্তানী আন্দোলনৰ সময়ত তেওঁ আই এছ আই এজেণ্টৰ অভিনয় কৰিছিল, য’ত তেওঁ আন্দোলন ভংগ কৰাত মুখ্য ভূমিকা পালন কৰিছিল। এনে বহু বীৰত্বৰ বাবে ১৯৮৮ চনত তেওঁক কীৰ্তি চক্ৰৰে সন্মানিত কৰা হয়। পূৰ্বতে কেৱল জোৱানকহে দিয়া এই সন্মান লাভ কৰা ডোভাল প্ৰথমজন আৰক্ষী বিষয়া হিচাপে পৰিগণিত হয়।
 
আজি ভাৰতত খালিস্তানী আন্দোলন প্ৰায় সমাপ্ত হৈছে। সেই বিপজ্জনক আৰু বিভাজনকাৰী আন্দোলনৰ যিখিনি বাকী আছে সেয়া এতিয়া কেৱল ভাৰতৰ বাহিৰতহে জীয়াই আছে। কিন্তু ভাৰতত এতিয়া কোনেও ইয়াক সমৰ্থন নকৰে। সেইবাবেই বহু ভাৰতীয়ই অজিত ডোভালক মৰমেৰে "ভাৰতৰ জেমছ বণ্ড" বুলি কয়।
 
তেওঁৰ সাহসী কৰ্ম আৰু চোৰাংচোৱাৰ কামৰ বিষয়ে বেছিভাগ মানুহেই ইতিমধ্যে জানে। এজন প্ৰকৃত দেশপ্ৰেমিক, সকলো ভাৰতীয়ৰ যত্ন লোৱা আৰু তেওঁলোকৰ সুৰক্ষাৰ বাবে কাম কৰা এজন ব্যক্তি হিচাপে তেওঁক দেশবাসীয়ে সন্মান কৰে। কিন্তু বহুতে হয়তো নাজানে যে  তেওঁ এগৰাকী দয়ালু আৰু যত্নশীল লোক৷ উদাহৰণস্বৰূপে, বিগত ৰমজানৰ প্ৰাকক্ষণত ডোভালৰ ইজৰাইল ভ্ৰমণৰ কথা আমি উল্লেখ কৰিব পাৰো। তেওঁৰ এই ভ্ৰমণৰ উদ্দেশ্য আছিল মুছলমানসকলৰ বাবে অতি পবিত্ৰ মাহ ৰমজান মাহত ইজৰাইলক যুদ্ধবিৰতিৰ বাবে আহ্বান জনোৱা। এন এছ এৰ মনত সৰ্বোপৰি আছিল মুছলমান নাগৰিকৰ সংবেদনশীলতা আৰু আৱেগ।
 
উল্লেখ্য যে, ৰমজান মুছলমানসকলৰ বাবে এক বিশেষ আৰু পবিত্ৰ মাহ, যাৰ অৰ্থ হৈছে দান-বৰঙণি, শান্তি আৰু ভক্তিৰ সময়। কিন্তু এই সময়ত যুদ্ধক্ষেত্ৰত ঘটি থকা হিংসাই ভাৰতকে ধৰি সমগ্ৰ বিশ্বৰ মুছলমানসকলৰ অনুভূতিক গভীৰভাৱে আঘাত হানিছিল। অজিত ডোভালে এই যন্ত্ৰণা বুজি পাইছিল আৰু ভাৰতীয় মুছলমানসকলৰ হৈ তেওঁ ৰমজানৰ সময়ত হিংসাত্মক ঘটনা সাময়িকভাৱে বন্ধ কৰিবলৈ অনুৰোধ কৰিছিল। যুদ্ধবিৰতি নহ’লেও ডোভালে যৎপৰোনাস্তি চেষ্টা কৰিলে আৰু তেওঁৰ ফালৰ পৰা যিমান পাৰে সকলোখিনি কৰিছিল।
 
অজিত ডোভালৰ ৰণনীতি অনুসৰি চলোৱা অপাৰেচন সেন্দুৰত বিধ্বস্ত পাকিস্তানৰ সন্ত্ৰাসবাদী শিবিৰ
 
একেদৰে, কেইবছৰমানৰ আগতে যেতিয়া তেতিয়াৰ বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী এম জে আকবৰে মহিলাৰ ওপৰত হিংসাৰ গুৰুতৰ অভিযোগৰ সন্মুখীন হৈছিল, তেতিয়া ডোভালেহে তেওঁক পদত্যাগ কৰিব লাগে বুলি পৰামৰ্শ দিছিল। এই কাৰ্য্যই ভাৰতৰ মহিলাসকলক আশ্বস্ত কৰাত সহায় কৰিছিল আৰু চৰকাৰে ন্যায়ক সমৰ্থন কৰা আৰু মহিলাৰ সৈতে থিয় দিয়াটো প্ৰদৰ্শন কৰিছিল। 
 
বিশেষকৈ কাশ্মীৰ, মিজোৰাম, ত্ৰিপুৰা, আৰু উত্তৰ-পূৰ্বাঞ্চলৰ দৰে স্থানত পূৰ্বৰ উগ্ৰপন্থীসকলক মূল সূতিলৈ ঘূৰাই অনাৰ ক্ষেত্ৰতো অজিত ডোভালে ডাঙৰ ভূমিকা পালন কৰিছে। দেশৰ শত্ৰুসকলক নিৰ্মূল কৰিবলৈ তেওঁ কঠোৰ পৰিশ্ৰম কৰাৰ বিপৰীতে বাট হেৰুৱাই পেলোৱা যুৱক-যুৱতীসকলক দ্বিতীয়বাৰৰ বাবে সুযোগ দিয়াতো তেওঁ অতুলনীয় অৰিহণা আগবঢ়াইছে। তেওঁ প্ৰতিশোধৰ পৰিৱৰ্তে পুনৰ্বাসন আৰু আত্মসমৰ্পণৰ সমৰ্থন কৰে।
 
বিদ্ৰোহীসকলক খঙেৰে দমন কৰাৰ পৰিৱৰ্তে তেওঁলোকক সলনি হৈ পুনৰ সমাজৰ অংশ হ’ব পাৰে বুলি ডোভালে বিশ্বাস কৰে। অৱসৰৰ পিছতো তেওঁ ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা (এন এছ এ) হিচাপে নিৰ্বাচিত হোৱাৰ অন্যতম কাৰণো সেইটোৱেই। পূৰ্বে সাধাৰণতে ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়াক দিয়া এই পদত তেওঁ দ্বিতীয়জন আই পি এছ বিষয়া হৈ পৰে।
 
অৱসৰ লোৱাৰ পিছত তেওঁ জাতীয়তাবাদী দৃষ্টিভংগীৰে বিবেকানন্দ ইণ্টাৰনেশ্যনেল ফাউণ্ডেশ্যন নামৰ থিংক টেংক এটাও স্থাপন কৰে। ডোভাল একেধাৰে এগৰাকী দক্ষ চোৰাংচোৱা, এগৰাকী দক্ষ কৌশলবিদ, এগৰাকী দক্ষ শান্তি স্থাপনকাৰী ব্যক্তি। সাধাৰণ লোকৰ বাবে অজিত ডোভাল এগৰাকী সাহসী চোৰাংচোৱা হ'ব পাৰে কিন্তু তেওঁৰ দৰে এগৰাকী সুদক্ষ ব্যক্তি ভাৰতবৰ্ষই লাভ কৰাটো হয়তো কোনোদিনে সম্ভৱ নহ'ব।