আৱাজ দ্য ভইচ ব্যুৰ'
জম্মু-কাশ্মীৰৰ আখনূৰ আৰু চাম্বা খণ্ডত অপাৰেচন সেন্দুৰ-এ ভাৰতৰ সামৰিক শক্তিক পুনৰ সংজ্ঞায়িত কৰাৰ বিপৰীতে এই ঐতিহাসিক অভিযানত মহিলা জোৱানৰ সাহস আৰু নিৰ্ণায়ক অংশগ্ৰহণে দেশবাসীৰ হৃদয়ত গৌৰৱ আৰু শ্ৰদ্ধাৰ ভাৱ জগাই তুলিছে।
এতিয়ালৈকে কৰ্ণেল ছফিয়া কুৰেছি আৰু উইং কমাণ্ডাৰ ভূমিকা সিঙৰ দৰে মহিলাৰ নাম ভাৰতীয় সামৰিক ইতিহাসত প্ৰেৰণাৰ উৎস হৈ আহিছে যদিও এতিয়া সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ)ৰ "মৌন যোদ্ধা" হিচাপে পৰিচিত মহিলা সৈনিকৰ এটা নতুন গোটৰ উন্মেষ ঘটিছে, যিয়ে সীমান্তত সুৰক্ষা দি দেশৰ সুৰক্ষা নিশ্চিত কৰি আছে।
উল্লেখ্য যে, যোৱা ২২ এপ্ৰিলত কাশ্মীৰৰ পহলগামত সংঘটিত আত্মঘাতী সন্ত্ৰাসবাদী আক্ৰমণে সমগ্ৰ দেশ কঁপাই তুলিছিল। এই আক্ৰমণত মহিলা আৰু শিশুকে ধৰি ২৬ জন নিৰীহ নাগৰিকে প্ৰাণ হেৰুৱাইছিল। ইয়াৰ পিছত ভাৰতে প্ৰতিশোধৰ বাবে ‘অপাৰেচন সেন্দুৰ’ৰ পৰিকল্পনা প্ৰস্তুত কৰিলে।
উইং কমাণ্ডাৰ ভূমিকা সিং আৰু কৰ্ণেল ছফিয়া কুৰেছি
৮ মে’ৰ পৰা আৰম্ভ হোৱা এই অভিযানৰ লক্ষ্য আছিল সীমান্তৰ সিপাৰৰ পৰা হৈ থকা সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশ বন্ধ কৰা, লঞ্চিং পেড ধ্বংস কৰা, পাকিস্তানৰ সন্ত্ৰাসবাদী নেটৱৰ্কক নিৰ্ণায়ক আঘাত দিয়া।
বি এছ এফৰ উপ-মহাপৰিদৰ্শক ভেৰিন্দৰ দত্তই এক প্ৰেছ ব্রিফিঙত কয় যে অপাৰেচন সেন্দুৰ আৰম্ভ হোৱাৰ লগে লগে পাকিস্তানে সন্ত্রাসবাদীক ভাৰতত অনুপ্রৱেশ কৰিবলৈ প্ৰেৰণ কৰে৷ কিন্তু ভাৰতীয় সৈনিকসকল ইতিমধ্যে সাজু হৈ আছিল। তেওঁ কয়, “শত্ৰুপক্ষই গুলী চলোৱাৰ লগে লগে আমাৰ সৈন্যই দ্ৰুতগতিত প্ৰতিশোধ লৈ শত্ৰুৰ আঠটা ফৰৱাৰ্ড পোষ্ট ধ্বংস কৰি পেলালে। বিশেষ কথাটো হ’ল এই সমগ্ৰ অভিযানত কেৱল আমাৰ মহিলা সৈনিকসকল জড়িত হোৱাই নহয়, এটা মহিলা কোম্পানী কমাণ্ডাৰে ব্যক্তিগতভাৱে এই অভিযানৰ নেতৃত্ব দি শত্ৰুৰ এটা চকী সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাইছে।"
ছাম্বা খণ্ডত কৰ্মৰত বি এছ এফৰ এগৰাকী জ্যেষ্ঠ বিষয়াই নাম প্ৰকাশ নকৰাৰ চৰ্তত কয় যে আমি ‘উইমেন ট্ৰুপাৰ’ৰ দৰে শব্দ বাদ দিয়াৰ সময় আহি পৰিছে। এই মহিলাসকল এতিয়া প্ৰকৃত ‘যুদ্ধ সৈনিক’ আৰু তেওঁলোকে পুৰুষৰ সমকক্ষত থিয় দিছে। তেওঁলোকক পিছুৱাই যোৱাৰ বিকল্প দিয়া হৈছিল যদিও তেওঁলোকে ফৰৱাৰ্ড পোষ্টত থকাৰ সিদ্ধান্ত লৈছিল।’
প্ৰতিনিধিত্বমূলক ফটো
৮ মে’ৰ নিশা যেতিয়া পাকিস্তানৰ পৰা ৪৫ৰ পৰা ৫০জন সন্ত্ৰাসবাদীয়ে অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল, তেতিয়া বি এছ এফে নৈশ টহল তীব্ৰতৰ কৰি তুলিছিল। মৰ্টাৰ আৰু গধুৰ মেচিনগানৰ সহায়ত তীব্ৰ প্ৰত্যুত্তৰ দিয়া হয়। ডিআইজি এছএছ মাণ্ডৰ মতে, শত্ৰুৰ চাৰিটা লঞ্চিং পেড, দুটা ড্ৰোন কমাণ্ড ষ্টেচন আৰু এটা চোৱাচিতা টাৱাৰ সম্পূৰ্ণৰূপে ধ্বংস হয়।
এই অভিযানত জড়িত এগৰাকী মহিলা কোম্পানী কমাণ্ডাৰে (যাৰ পৰিচয় গোপনীয় কৰি ৰখা হৈছে) পৰিস্থিতিৰ নেতৃত্ব দিয়াই নহয়, আক্ৰমণাত্মক কাৰ্য্যৰ সময়ত আগৰণুৱা হৈ নিজৰ দলটোক উৎসাহিত কৰে। তেওঁৰ কৌশলগত পদক্ষেপৰ বাবে শত্ৰুৰ চকীটো ২০ মিনিটতে ধ্বংস হৈ যায়। জ্যেষ্ঠ বিষয়াসকলে ইয়াক “কৌশলগত মাষ্টাৰষ্ট্ৰ’ক” বুলি অভিহিত কৰিছে।
এই অপাৰেচনৰ পিছত এতিয়ালৈকে প্ৰচলিত বিশ্বাসক প্ৰত্যাহ্বান জনোৱা হৈছে। জেনেৰেল (অৱসৰপ্ৰাপ্ত) ভি কে সিঙে সংবাদ মাধ্যমৰ বিবৃতিত কয় যে অপাৰেচন সেন্দুৰ মহিলা সামৰিক অংশগ্ৰহণৰ ক্ষেত্ৰত এক টাৰ্নিং পইণ্ট হিচাপে প্ৰমাণিত হ’ব। এতিয়া মহিলাসকল কেৱল পেৰেড বা চিকিৎসা ইউনিটত নহয়, মূল যুদ্ধক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা যাব।
আখনুৰৰ পৰা ছাম্বালৈকে, আৰু দিল্লীৰ পৰা দেশৰ চুক-কোণলৈকে মহিলা সৈনিকৰ এই ভূমিকাই দেশৰ ভৱিষ্যত সামৰিক নেতৃত্বৰ দিশ নিৰ্ধাৰণ কৰিব।