অনাগত দুই-তিনি দিনলৈ ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা গুৱাহাটী মহানগৰীত: বতৰ বিজ্ঞান কেন্দ্ৰ

Story by  atv | Posted by  Munni Begum • 1 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী 
 
অসমৰ আকাশ ডাৱৰীয়া হৈ থকাৰ সময়তে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰদান কৰিছে বতৰৰ আগজাননী। অনাগত দুই-তিনি দিনপৰ্যন্ত ডাৱৰীয়া হৈ থাকিব গুৱাহাটীসহ ৰাজ্যৰ ভিন্ন স্থান। 
 
কেন্দ্ৰৰ আগলী বতৰা অনুসৰি এই দুই-তিনি দিনত গুৱাহাটীত ধাৰাসাৰ বৰষুণৰ লগতে ভূমিস্খলনৰ ঘটনা সংঘটিত হোৱাৰ  প্ৰবল সম্ভাৱনা আছে। একেদৰে ৰাজ্যৰ কেইবাটাও স্থানত ধাৰাসাৰ বৰষুণৰ উপৰি শিলাবৃষ্টি অহাৰ সম্ভাৱনা থকা বুলিও বতৰ বিজ্ঞান কেন্দ্ৰই জনায়। 
 
উল্লেখযোগ্য যে, অসমৰ পশ্চিম আৰু দক্ষিণ অংশত অতিবৃষ্টি হোৱাৰো সম্ভাৱনা আছে। গতিকে প্ৰশাসনৰ তৰফৰ পৰা সৰ্বসাধাৰণ ৰাইজক এই সময়ছোৱাত সাৱধানতা অৱলম্বন কৰিবলৈ অনুৰোধ জনোৱা হৈছে।