সততাৰ পৰিচয় দিয়া মহম্মদ ইয়াছিনৰ শিক্ষাৰ দায়িত্ব ল'লে ছুপাৰষ্টাৰ ৰজনীকান্তে

Story by  atv | Posted by  [email protected] • 1 d ago
 ছুপাৰষ্টাৰ ৰজনীকান্তৰ সৈতে মহম্মদ ইয়াছিন আৰু তেওঁৰ পৰিয়াল
ছুপাৰষ্টাৰ ৰজনীকান্তৰ সৈতে মহম্মদ ইয়াছিন আৰু তেওঁৰ পৰিয়াল
 
নতুন দিল্লী

সততাৰ পৰিচয় দিয়া কণমানি শিশু মহম্মদ ইয়াছিনৰ শিক্ষাৰ যত্ন লোৱাৰ প্ৰস্তাৱ আগবঢ়াইছে তামিল ছুপাৰষ্টাৰ ৰজনীকান্তে। তামিলনাডুৰ ইৰোডৰ সমীপৰ এখন গাঁৱত বাস কৰা মহম্মদ ইয়াছিনে ঘৰৰ ওচৰতে ৫০ হাজাৰ টকা থকা বেগ এটা উদ্ধাৰ কৰিছিল।
 
ইয়াৰ পিছত তেওঁ লৰালৰিকৈ নিজৰ স্কুলৰ প্ৰিন্সিপালৰ ওচৰলৈ গৈ সুধিলে যে বেগখন হেৰুওৱা মানুহজনক কেনেকৈ বিচাৰি পাব। অধ্যক্ষই তেতিয়া তেওঁক আৰক্ষীৰ ওচৰলৈ লৈ গ'ল, আৰু তেওঁ টকাখিনি গতাই দিলে। 
 
মহম্মদ ইয়াছিনে আৰক্ষীক কয়, "এই টকাখিনি মই ৰাস্তাত পাইছো আৰু ইয়াৰ মালিকক বিচাৰি উলিয়াই টকাবোৰ ঘূৰাই দিয়ক।" আৰক্ষী বিষয়াই শিশুটোক সুধিলে যে টকাখিনি তেওঁ কিয় ৰখা নাই। তেতিয়া ইয়াছিনে উত্তৰ দিলে যে এইখিনি কাৰোবাৰ কষ্টোপাৰ্জিত টকা। মোৰ নহয়। গতিকে মই কেনেকৈ মোৰ লগত ৰাখিব পাৰিম?”
তেওঁৰ সততাত আপ্লুত হৈ আৰক্ষী বিষয়াজনে ইয়াছিনক সুধিলে, “তুমি এটা ইচ্ছা কোৱা যিটো আমি পূৰণ কৰিব পাৰো।” লগে লগে ইয়াছিনে দক্ষিণৰ ছুপাৰষ্টাৰ ৰজনীকান্তক লগ পোৱাৰ ইচ্ছা প্ৰকাশ কৰে।
 
এই কথা সংবাদ মাধ্যমত প্ৰকাশৰ পিছতে দক্ষিণৰ চলচ্চিত্ৰ জগতৰ ছুপাৰষ্টাৰ ৰজনীকান্তে কণমানি শিশুটোক পৰিয়ালৰ সৈতে তেওঁৰ ঘৰলৈ মাতি পঠায়। চেন্নাইৰ প’জ গাৰ্ডেনৰ বাসগৃহত ৰজনীকান্তে ইয়াছিনক লগ পোৱাই নহয়, পিতৃ-মাতৃক এই প্ৰতিশ্ৰুতিও দিয়ে যে এই শিশুটিৰ শিক্ষাৰ সমগ্ৰ খৰচ তেওঁ বহন কৰিব।
 
খবৰ অনুসৰি, ৰজনীকান্তে পিতৃ-মাতৃক কয়, "তেওঁ নিজৰ ইচ্ছামতে পৃথিৱীৰ আটাইতকৈ দামী স্কুল/কলেজত পঢ়িব পাৰিব। এতিয়াৰ পৰা মই এই শিশুটিক মোৰ নিজৰ ল’ৰাৰ দৰেই ব্যৱহাৰ কৰিম।"