ৰাজ্যৰ ঈদ কমিটীসমূহক গৰু হত্যা মুক্ত ঈদ উদযাপন কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Story by  atv | Posted by  Munni Begum • 4 h ago
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা
গুৱাহাটী 
 
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে অৰ্থাৎ ২৩ মে'ত সমগ্ৰ ৰাজ্যৰ ঈদ কমিটীসমূহক ঈদ উদযাপন "গৰু হত্যা মুক্ত" কৰিবলৈ আহ্বান জনাইছে। 
 
ছ'চিয়েল মিডিয়াত শৰ্মাই কয় যে, ধুবুৰী টাউন ঈদগাহ কমিটিয়ে বিভিন্ন সংগঠন আৰু কমিটিৰ আহ্বান মৰ্মে গৰু হত্যা নকৰিবলৈ আহ্বান জনাইছে।
 
বিভিন্ন সমিতিয়ে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই ধুবুৰী টাউন ঈদগাহ কমিতিয়েও হিন্দু ধৰ্মালম্বী লোকসকলৰ আৱেগক সন্মান জনোৱাৰ বাবে আৰু দেশৰ আইন মানি চলাৰ বাবে গৰু হত্যাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে। 
 
মুখ্যমন্ত্ৰী শৰ্মাই লগতে সমগ্ৰ অসমৰ ঈদ কমিটীসমূহক এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেওঁ কয়, "মই সকলো ঈদ কমিটীক আগবাঢ়ি আহি এই ঈদ গৰু হত্যা মুক্ত কৰিবলৈ আহ্বান জনাইছো।" 
 
সাম্প্ৰদায়িক সম্প্ৰীতি আৰু ৰাজ্যখনত গৰু-ম'হৰ সৈতে জড়িত আইনসমূহ পালনক লৈ চলি থকা আলোচনাৰ মাজতে এই আহ্বান জনোৱা হৈছে। অসমৰ ঈদ উদযাপনৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ মন্তব্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।