গুৱাহাটী
অসমত চলিত বৰ্ষৰ জুন মাহত পণ্য আৰু সেৱা কৰ (GST) সংগ্ৰহত উল্লেখযোগ্য বৃদ্ধি লক্ষ্য কৰা গৈছে। যোৱা বছৰৰ একে সময়ছোৱাৰ তুলনাত ৰাজ্যখনত জুন মাহত জিএছটি সংগ্ৰহ ১৫ শতাংশ বৃদ্ধি পোৱা বুলি শনিবাৰে ৰাজ্যৰ বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই জানিবলৈ দিয়ে।
তেওঁৰ তথ্য অনুসৰি, ২০২৬ চনৰ জুন মাহত অসমৰ জিএছটি সংগ্ৰহ হৈছে ১,৪৩৭ কোটি টকা, যিটো ২০২৫ চনৰ একে মাহত সংগৃহীত ১,২৫৫ কোটি টকাৰ তুলনাত ১৫ শতাংশ অধিক।
এক্সত প্ৰকাশ কৰা এক পোষ্টত বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয়, “২০২৬ চনৰ জুন মাহত অসমৰ জিএছটি বৃদ্ধিৰ হাৰ ১৫ শতাংশ, যিটো ২০২৫ চনৰ জুন মাহৰ তুলনাত ৰাষ্ট্ৰীয় গড় ৯ শতাংশতকৈ যথেষ্ট অধিক। ইয়াৰ ফলত অসমৰ স্থান দেশৰ শীৰ্ষ প্ৰদৰ্শন কৰা বৃহৎ ৰাজ্যসমূহৰ অন্যতম হিচাপে নিশ্চিত হৈছে।”
তেওঁ লগতে কয়, “কৰ পৰিশোধৰ ক্ষেত্ৰত নিয়ম মানি চলাৰ প্ৰৱণতা বৃদ্ধি, ৰাজহ ফাঁকি বন্ধ কৰা, ডিজিটেল কৰ প্ৰশাসন অধিক শক্তিশালী কৰা আৰু কৰৰ আওতালৈ অধিক লোকক অন্তৰ্ভুক্ত কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা পদক্ষেপসমূহে উৎসাহজনক ফলাফল দিছে।”
বিত্ত বিভাগৰ তথ্য অনুসৰি, চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত (এপ্ৰিলৰ পৰা জুনলৈ) ৰাজ্যখনত মুঠ ৪,৪৬৭ কোটি টকাৰ জিএছটি সংগ্ৰহ হৈছে। আনহাতে, ২০২৫ চনৰ একে সময়ছোৱাত এই পৰিমাণ আছিল ৩,০২৬ কোটি টকা।
বিষয়াসকলৰ মতে, জিএছটি সংগ্ৰহৰ ক্ষেত্ৰত অসমে মহাৰাষ্ট্ৰ, কৰ্ণাটক, দিল্লী, হাৰিয়ানা আৰু পশ্চিমবংগৰ দৰে একাধিক বৃহৎ ৰাজ্যকো অতিক্ৰম কৰি উন্নত প্ৰদৰ্শন কৰিছে।
বিত্তমন্ত্ৰী বৰুৱাই কয়, “স্বচ্ছ শাসন ব্যৱস্থা, শক্তিশালী ৰাজহ সংগ্ৰহ আৰু অধিক শক্তিশালী অসম গঢ়াৰ ক্ষেত্ৰত আমাৰ প্ৰতিশ্ৰুতি অব্যাহত থাকিব।”
তেওঁ লগতে দাবী কৰে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমে ধাৰাবাহিকভাৱে নিজৰ বিত্তীয় ভেটি অধিক শক্তিশালী কৰি আহিছে।