শ্বিলং
পূৰ্বনিৰ্ধাৰিত প্ৰতিবাদী সমদলক কেন্দ্ৰ কৰি পূব খাছি পাহাৰ জিলাৰ প্ৰশাসনে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা (BNSS)ৰ ১৬৩ ধাৰা জাৰি কৰিছে।
খাছি ষ্টুডেণ্টছ ইউনিয়ন (KSU)-এ শুকুৰবাৰে পূব খাছি পাহাৰ জিলাত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা আছিল। শেহতীয়াকৈ শ্বিলঙত সংঘটিত হিংসাত্মক ঘটনাৰ লগতে প্ৰস্তাৱিত প্ৰতিবাদী সমদলৰ প্ৰতি লক্ষ্য ৰাখি কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি যাতে সৃষ্টি নহয়, তাৰ বাবে প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰিছে।
প্ৰস্তাৱিত প্ৰতিবাদস্থলীসমূহত নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে। একে সময়তে সমগ্ৰ শ্বিলঙতে নিৰাপত্তা ব্যৱস্থা আৰু অধিক শক্তিশালী কৰি প্ৰশাসনে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে।
প্ৰতিবাদী কাৰ্যসূচীৰ সময়ত বৃহৎ সংখ্যক লোকৰ সমাগম নিয়ন্ত্ৰণ কৰাৰ লগতে জনশান্তি আৰু আইন-শৃংখলা বজাই ৰখাৰ উদ্দেশ্যে ১৬৩ ধাৰা জাৰি কৰা হৈছে।
ইফালে, শেহতীয়াকৈ খাছি ষ্টুডেণ্টছ ইউনিয়ন (KSU) ৰ এক প্ৰতিবাদী সমদলক কেন্দ্ৰ কৰি সংঘটিত হিংসাত্মক ঘটনাৰ পিছৰে পৰা শ্বিলঙত উত্তেজনাময় পৰিস্থিতি অব্যাহত আছে। পৰিস্থিতিৰ অধিক অৱনতি ৰোধ কৰাৰ লগতে সাধাৰণ নাগৰিকৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ প্ৰশাসনে সাৱধানতামূলক বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে।