জে ই ই (JEE) এডভান্স পৰীক্ষাত মধ্যপ্ৰদেশৰ মজিদ মুজাহিদ হুছেইনে লাভ কৰিলে অল ইণ্ডিয়া ৰেংক ৩

Story by  atv | Posted by  [email protected] • 1 d ago
মজিদ মুজাহিদ হুছেইন
মজিদ মুজাহিদ হুছেইন
 
নতুন দিল্লী

ভাৰতৰ প্ৰতিষ্ঠিত আই আই টি, আৰু শীৰ্ষ অভিযান্ত্ৰিক আৰু প্ৰযুক্তি প্ৰতিষ্ঠানত নামভৰ্তিৰ বাবে অন্যতম কঠিন পৰীক্ষা বুলি গণ্য কৰা জে ই ই (JEE) এডভান্সৰ ফলাফলত মধ্যপ্ৰদেশৰ বুৰহানপুৰৰ মজিদ মুজাহিদ হুছেইন (১৭) শীৰ্ষস্থানপ্ৰাপ্তসকলৰ ভিতৰত অন্যতম হিচাপে চিহ্নিত হৈছে। মজিদে ৩৬০-ৰ ভিতৰত ৩৩০ নম্বৰ আৰু ৯৯.৯৯৯২ শতাংশ লাভ কৰি আকৰ্ষণীয় অল ইণ্ডিয়া ৰেংক (এআইআৰ) ৩ লাভ কৰিবলৈ সক্ষম হৈছে।
 
৯,৪০৪গৰাকী মহিলাকে ধৰি ৫৪,৩৭৮গৰাকী পৰীক্ষাৰ্থীয়ে সফল হোৱা পৰীক্ষাত মহিলাৰ ভিতৰত ৰাজিত গুপ্তাই সৰ্বভাৰতীয় শীৰ্ষস্থান দখল কৰাৰ বিপৰীতে পশ্চিম বংগৰ দেৱদত্ত মাঝিয়ে মহিলাৰ ভিতৰত শীৰ্ষস্থান দখল কৰিছে। মুজাহিদ হুছেইনৰ ঘৰ মধ্যপ্ৰদেশৰ বুৰহানপুৰত।
 
একাদশ শ্ৰেণীৰ পৰাই তেওঁ জে ই ইৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছিল আৰু লগতে কোচিং চেণ্টাৰত নামভৰ্তি কৰিছিল। ৩০০ নম্বৰৰ ভিতৰত ২৯৬ নম্বৰ লাভ কৰি ফেব্ৰুৱাৰী মাহত যুটীয়া প্ৰৱেশ পৰীক্ষা (জে ই ই) মেইনছ ২০২৫ (ছেছন ১)ত শীৰ্ষস্থান দখল কৰে। তেওঁ মধ্যপ্ৰদেশৰ টপাৰ আছিল।
 
কোচিং একাডেমীটোৰ প'ষ্টাৰত মুজাহিদ হুছেইন
 
অল ইণ্ডিয়া ৰেংক ৩ লাভ কৰা মজিদ মুজাহিদ হুছেইন আই আই টি বম্বে জ'নৰ য'ত ৩ জন প্ৰাৰ্থীয়ে শীৰ্ষ ১০ ৰ তালিকাত স্থান লাভ কৰিছে, আৰু ৩১ গৰাকীয়ে শীৰ্ষ ১০০ৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। আই আই টি দিল্লী জ’ন আৰু আই আই টি হায়দৰাবাদ জ’নে আন জ’নতকৈ ভাল প্ৰদৰ্শন কৰিছে, কিয়নো এই জ’নসমূহৰ অধিকাংশ পৰীক্ষাৰ্থীয়ে জে ই ই এডভান্সড ২০২৫ পৰীক্ষাত উত্তীৰ্ণ হৈছে।
 
মজিদ হুছেইনৰ পিতৃ মুজাহিদ হুছেইন স্বনিয়োজিত আৰু পুত্ৰৰ শিক্ষাক অগ্ৰাধিকাৰ দিয়াৰ বিপৰীতে গৃহিণী মাতৃয়ে তেওঁক অহৰহ উৎসাহিত কৰিছিল। মজিদ হুছেইনে স্কুলীয়া শিক্ষা বুৰহানপুৰত সম্পূৰ্ণ কৰে, আৰু শিক্ষকসকলে তেওঁক আৰম্ভণিৰে পৰা এজন মেধাৱী ছাত্ৰ হিচাপে গণ্য কৰিছিল।
 
তেওঁ দশম শ্ৰেণীৰ চিবিএছই পৰীক্ষাত ৯৫% আৰু দ্বাদশ শ্ৰেণীত ৯৩% নম্বৰ লাভ কৰি পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, আৰু গণিতত ধাৰাবাহিকভাৱে পাৰদৰ্শিতা দেখুৱাইছিল। তেওঁ ৰাষ্ট্ৰীয় অলিম্পিয়াডত অংশগ্ৰহণ কৰাৰ লগতে গণিত অলিম্পিয়াড, এনএছইচি, আইএনপিএফঅ’, আইঅ’কিউএম, এনএছইপি, আইএনএমঅ’, আইএনচিঅ’, আৰু এছঅ’এফ প্ৰতিযোগিতাত প্ৰশংসা আদায় কৰিবলৈ সক্ষম হৈছে।
 
প্ৰশিক্ষণ কেন্দ্ৰত যোগদান কৰাৰ উপৰিও মজিদ হুছেইনে ৮-১০ ঘণ্টাকৈ নিজে অধ্যয়ন কৰি বিশ্বৰ অন্যতম কঠিন পৰীক্ষাটোৰ বাবে প্ৰস্তুতি চলাইছিল। তেওঁ কয় যে পৰীক্ষাৰ ফৰ্মেট আয়ত্ত কৰিবলৈ তেওঁ পদ্ধতিগতভাৱে পাঠ্যক্ৰম বিভাজন কৰিছিল আৰু পূৰ্বৰ জে ই ইৰ পেপাৰবোৰ সমাধান কৰিছিল। নিয়মিতভাৱে মক টেষ্ট দিছিল আৰু ভুলবোৰ পুনৰীক্ষণ কৰিছিল। যদিও প্ৰথম অৱস্থাত পদাৰ্থ বিজ্ঞান তেওঁৰ দুৰ্বল বিষয় আছিল, তথাপিও তেওঁ ধাৰাবাহিক প্ৰচেষ্টা আৰু পথ প্ৰদৰ্শনেৰে ইয়াক অতিক্ৰম কৰিছিল।
 
মানসিক চাপ কমোৱাৰ বাবে মজিদে ধ্যান অভ্যাস কৰিছিল আৰু সতেজতা অনুভৱ কৰিবলৈ কেতিয়াবা বাহিৰা কিতাপ পঢ়িছিল। এই উৎকৃষ্ট পদ্ধতিৰ ফলত তেওঁ জেইই মেইন ২০২৫ৰ দুয়োটা ছেছনতে ৩০০ নম্বৰৰ ভিতৰত ২৯৬ নম্বৰ লাভ কৰি ৯৯.৯৯৯২ শতাংশ লাভ কৰে।
 
তেওঁ নিজৰ সফলতাৰ কাৰণ সামঞ্জস্যপূৰ্ণ অনুশীলন, এটা গাঁথনিগত অধ্যয়ন পৰিকল্পনা, আৰু ক'চি মেটেৰিয়েল তথা মক পৰীক্ষাৰ ফলপ্ৰসূ ব্যৱহাৰ বুলি কয়। তিনিওটা বিষয়ত সমান মনোযোগ দিয়াৰ লগতে বিগত বছৰৰ প্ৰশ্নকাকত নিয়মীয়াকৈ সমাধান কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে।
 
মজিদ হুছেইন এতিয়া আই আই টি বম্বেত ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং কৰিবলৈ আগ্ৰহী। পিতৃয়ে মজিদ হুছেইনৰ সমগ্ৰ প্ৰস্তুতি যাত্ৰাত তেওঁৰ অনুশাসন, দৃঢ়তা আৰু মনোনিৱেশৰ শলাগ লয়। মজিদ হুছেইনে জেইইৰ সম্ভাৱ্য আকাংক্ষীসকলক কঠোৰ পৰিশ্ৰম কৰিবলৈ, মনোনিৱেশ কৰি থাকিবলৈ, আৰু তেওঁলোকৰ ভুলৰ পৰা শিকিবলৈ আহ্বান জনায়।